--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্বাভাৱিক ফেশ্বন চেন্সৰ বাবে বিখ্যাত উৰ্ফি জাভেদে প্ৰায়ে কিবা কাৰণত বাতৰিৰ শিৰোনাম দখল কৰি থাকে। আকৌ এবাৰ তেওঁ বাতৰিৰ শিৰোনামত আছে। নতুন বছৰৰ আৰম্ভণিৰ লগে লগে উৰ্ফি জাভেদ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে এখন ছবি, যিখন ভাইৰেল হৈ পৰিছে। ফটোখনত উৰ্ফি জাভেদক চিকিৎসালয়ৰ বিচনাত দেখা গৈছে, য’ত তেওঁ মুখত অক্সিজেন মাস্ক পিন্ধি প’জ দিয়া দেখা গৈছে। তেওঁ নিজেই এই ফটোখন নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে।

এই খবৰ ওলোৱাৰ পিছত মানুহৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে বহু লোকে ধেমেলীয়া মন্তব্য আগবঢ়াইছে।

উৰ্ফি জাভেদৰ লগত ধেমালি কৰি এজন ইউজাৰে কমেণ্ট বক্সত লিখিছে, ‘অন্ততঃ তেওঁ হস্পিতালত কাপোৰ পিন্ধিছে...’ আনহাতে আন এজন ইউজাৰে ক’লে, ‘আপুনি সদায় কাপোৰ নিপিন্ধাকৈ থাকিলে বেমাৰ হ’বই..' বহু মানুহৰ ভিন ভিন প্ৰতিক্ৰিয়া অহাৰ পাছত অৱশ্যে পিছত অভিনেত্ৰীগৰাকীয়ে এই পোষ্টটো ডিলিট কৰে।

শেহতীয়াকৈ উৰ্ফিৰ এটা ভিডিঅ’ ওলাইছিল, যিটোৰ ওপৰত বহু চৰ্চা হৈছিল। এই ভিডিঅ’টোত তেওঁক হোটেল এখনত ওৱেটাৰ হিচাপে কাম কৰা দেখা গৈছে। পিছত এই ভিডিঅ’টোৰ সত্যতা কোৱাৰ সময়তে উৰ্ফীয়ে তেওঁৰ অনুৰাগীসকলক কয় যে তেওঁ সমৰ্থন কৰা কেন্সাৰ পেচেণ্টছ এইড এছ’চিয়েশ্যনৰ বাবে ধন সংগ্ৰহৰ বাবে ওৱেটাৰ হোৱাৰ সিদ্ধান্ত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু