--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্বাভাৱিক ফেশ্বন চেন্সৰ বাবে বিখ্যাত উৰ্ফি জাভেদে প্ৰায়ে কিবা কাৰণত বাতৰিৰ শিৰোনাম দখল কৰি থাকে। আকৌ এবাৰ তেওঁ বাতৰিৰ শিৰোনামত আছে। নতুন বছৰৰ আৰম্ভণিৰ লগে লগে উৰ্ফি জাভেদ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে এখন ছবি, যিখন ভাইৰেল হৈ পৰিছে। ফটোখনত উৰ্ফি জাভেদক চিকিৎসালয়ৰ বিচনাত দেখা গৈছে, য’ত তেওঁ মুখত অক্সিজেন মাস্ক পিন্ধি প’জ দিয়া দেখা গৈছে। তেওঁ নিজেই এই ফটোখন নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে।

এই খবৰ ওলোৱাৰ পিছত মানুহৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে বহু লোকে ধেমেলীয়া মন্তব্য আগবঢ়াইছে।

উৰ্ফি জাভেদৰ লগত ধেমালি কৰি এজন ইউজাৰে কমেণ্ট বক্সত লিখিছে, ‘অন্ততঃ তেওঁ হস্পিতালত কাপোৰ পিন্ধিছে...’ আনহাতে আন এজন ইউজাৰে ক’লে, ‘আপুনি সদায় কাপোৰ নিপিন্ধাকৈ থাকিলে বেমাৰ হ’বই..' বহু মানুহৰ ভিন ভিন প্ৰতিক্ৰিয়া অহাৰ পাছত অৱশ্যে পিছত অভিনেত্ৰীগৰাকীয়ে এই পোষ্টটো ডিলিট কৰে।

শেহতীয়াকৈ উৰ্ফিৰ এটা ভিডিঅ’ ওলাইছিল, যিটোৰ ওপৰত বহু চৰ্চা হৈছিল। এই ভিডিঅ’টোত তেওঁক হোটেল এখনত ওৱেটাৰ হিচাপে কাম কৰা দেখা গৈছে। পিছত এই ভিডিঅ’টোৰ সত্যতা কোৱাৰ সময়তে উৰ্ফীয়ে তেওঁৰ অনুৰাগীসকলক কয় যে তেওঁ সমৰ্থন কৰা কেন্সাৰ পেচেণ্টছ এইড এছ’চিয়েশ্যনৰ বাবে ধন সংগ্ৰহৰ বাবে ওৱেটাৰ হোৱাৰ সিদ্ধান্ত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক