--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা পৰিশীলিত জীৱনশৈলীৰ অধিকাৰী অভিনেতা মনোজ বাজপেয়ী৷ স্বাস্থ্যক লৈও অতি সচেতন অভিনেতাগৰাকী৷ ১৪ বছৰে নিশাৰ আহাৰ গ্ৰহণ কৰা নাই মনোজ বাজপেয়ীয়ে৷ শেহতীয়া এটা সাক্ষাৎকাৰত, অভিনেতাজনক সোধা হৈছিল যে তেওঁ বিশেষ আহাৰ অনুসৰণ কৰি আছে নেকি? তাৰ উত্তৰত অভিনেতাজনে তেওঁ কিয় ৰাতিৰ আহাৰ ত্যাগ কৰিছে তাৰ কাৰণ প্ৰকাশ কৰিছে আৰু কৈছে যে তেওঁ ব্যায়ামৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়ে।

তেওঁ কয়, ওজন আৰু ৰোগৰ ক্ষেত্ৰত খাদ্য হৈছে আটাইতকৈ ডাঙৰ শত্ৰু। যেতিয়া আপুনি নিশাৰ আহাৰ খোৱা বন্ধ কৰে, এনে বহুতো ৰোগ আছে যাৰ পৰা আপুনি নিজকে বচাব পাৰিব। মই খাদ্য গ্ৰহণ হ্ৰাস কৰিছিলোঁ কাৰণ মই খাদ্য ভাল পাওঁ। আপোনালোকে জানি আচৰিত হ'ব কিয়? কিয়নো মোৰ ওচৰত থকা দুপৰীয়াৰ আহাৰ, সেয়া ভাল। মোৰ ওচৰত ভাত, ৰুটি আৰু মোৰ প্ৰিয় নিৰামিষ বা আমিষ ব্যঞ্জন আছে।

মনোজে লগতে কয় যে এই খাদ্যাভাষেই তেওঁৰ পছন্দৰ৷ কিয়নো ই তেওঁৰ ওজন সন্তুলিত কৰি ৰাখে। 

তেওঁ লগতে কয়, মই যোগ, ধ্যান কৰোঁ। মানসিক স্বাস্থ্যও একেবাৰে গুৰুত্বপূৰ্ণ৷ কৰ্লী টেলছৰ সৈতে আগতে হোৱা বাৰ্তালাপত মনোজে কৈছিল যে তেওঁ ককাকৰ পদাংক অনুসৰণ কৰা আৰম্ভ কৰাৰ পাছৰে পৰা তেওঁ এই জীৱনশৈলীত সোমাই পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক