--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহত কালি বিয়লি 'কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুর্য' শীর্ষক এখন মনোজ্ঞ আলোচনা-সত্র অনুষ্ঠিত হয়।

ডিজিটেল ডেস্ক : কিতাপৰ সুবাস-সান্নিধ্যত উমাল হৈ পৰিছে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্রন্থমেলা, গুৱাহাটী।


অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহত কালি বিয়লি 'কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুর্য' শীর্ষক এখন মনোজ্ঞ আলোচনা-সত্র অনুষ্ঠিত হয়। 


অসমীয়া কাব্য আৰু গীতি সাহিত্যৰ বৰেণ্য পুৰুষগৰাকীলৈ জন্ম শতবৰ্ষৰ শ্রদ্ধার্ঘ্য জনাই আয়োজন কৰা এই আলোচনা-সত্রতে অসম প্রকাশন পৰিষদে ছপা কৰি উলিওৱা 'কেশৱ মহন্ত ৰচনাৱলী' উন্মোচন কৰা হয়। 


বিশিষ্ট অভিধান প্রণেতা, অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে কয় যে কেশৱ মহন্তই গীত আৰু কবিতাক জীৱনৰ ব্রত হিচাপে গ্রহণ কৰিছিল। নিৰন্তৰ সাধনাৰে গীত-কবিতাক এটা নতুন মাত্রা প্ৰদান কৰিছিল। তেওঁৰ সমগ্র সৃষ্টি মানুহৰ জীৱন সংগ্রাম, অসমৰ মাটি-প্ৰকৃতিৰ কথাৰে সমৃদ্ধ হৈছে বুলিও তেওঁ ভাষণত কয়। গ্ৰন্থখনৰ সম্পাদনাৰ বিষয়ত সুমন্ত চলিহাই কেশৱ মহন্ত ৰচনাৱলী সম্পাদনা কৰাটো এক মনোৰম অভিজ্ঞতা বুলি উল্লেখ কৰি এই প্ৰথম খণ্ডত তেওঁৰ গীত, কবিতা আৰু ১২খন সংগীতালেখ্য সন্নিবিষ্ট হৈছে বুলি জানিবলৈ দিয়ে। ইয়াৰ পাছতে 'কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুর্য' শীর্ষক আলোচনা-সত্রখন সাহিত্য-সমালোচক অৰিন্দম বৰকটকীয়ে সঞ্চালনা কৰে। বিষয় প্রসংগত তেওঁ কেশৱ মহন্তই নিজে জীৱন সংগ্ৰামৰ মাজেৰে ওলাই আহিছে বুলি উল্লেখ কৰি আদৰ্শ এটাক গোটেই জীৱন আঁকোৱালি লৈও তেওঁ অসমীয়া লোক-জীৱন আৰু ভাষাৰ কালিকাৰ নিজস্ব ৰূপটোক উজলাই ৰাখিব পাৰিছিল বুলি মন্তব্য কৰে। 


অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, কবি-সমালোচক ড° এম কামালুদ্দিন আহমেদ আলোচক হিচাপে উপস্থিত থাকি কেশৱ মহন্তৰ গীতি সাহিত্যৰ বিশাল পৰিচয়ে তেওঁৰ কবি হিচাপে থকা পৰিচয়ক যেন ঢাকি ৰাখে বুলি মন্তব্য কৰি কেশৱ মহন্তৰ কবিতাই জয়ন্তী যুগৰ পৰাই অসমীয়া ভাষাৰ কালিকা বজাই ৰাখিব পাৰিছিল বুলি উল্লেখ কৰাৰ লগতে এটা নির্দিষ্ট আদর্শক লৈ আজীৱন কাব্য সাধনা কৰা এইগৰাকী কবিৰ কবিতাই শ্রেণীদ্বন্দ্বক প্রতিনিধিত্ব কৰিও সূক্ষ্ম কলাত্মক পৰিপূৰ্ণতাৰে মানুহৰ হৃদয়ক স্পর্শ কৰে বুলি কয়। আন এগৰাকী আলোচক, লেখক-সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰে সহযোগী অধ্যাপক ড° প্রাঞ্জল শৰ্মা বশিষ্ঠই কেশৱ মহন্তৰ গানসমূহ অসমীয়া গীতি সাহিত্যত চিৰকালৰ অন্যতম উজ্জ্বল নিদর্শন বুলি উল্লেখ কৰি জয়ন্তী যুগৰ সমাজবাদী চেতনাৰে তেওঁৰ গীতসমূহ সমৃদ্ধ হৈছে আৰু গীতিকাৰ হিচাপে সাহিত্য অকাদেমি বঁটা লাভ কৰা কেশৱ মহন্ত একমাত্ৰ উদাহৰণ বুলি কয়। কবি-লেখক নৱজ্যোতি পাঠকে গ্রন্থ উন্মোচনী অনুষ্ঠান আৰু আলোচনা-সত্ৰখনৰ আঁত ধৰে। ইয়াৰ পাছতে প্রবোধ দাসৰ পৰিচালনাৰে অসম গ্রন্থমেলা, গুৱাহাটীৰ তৃতীয় দিনৰ সাংস্কৃতিক প্রতিযোগিতাত কাহিলিপাৰাৰ জাতীয় বিদ্যালয়, আমবাৰীৰ শংকৰদেৱ শিশু নিকেতন আৰু দিছপুৰ মহাবিদ্যালয়ে অংশগ্রহণ কৰে। 


উল্লেখযোগ্য যে অসম গ্ৰন্থমেলাৰ প্ৰফুল্ল গোবিন্দ বৰুৱা প্রেক্ষাগৃহত কালি প্রাক্তন আলফা নেতা অনুপ চেতিয়াৰ এখন গ্রন্থ উন্মোচন কৰা হয়। আলফাৰ বিপ্লৱী সংগ্ৰামক সামৰি লিখি উলিওৱা 'আলফাৰ অসমাপ্ত ইতিহাস' শীর্ষক গ্ৰন্থখনৰ প্ৰথম খণ্ডটিৰ উন্মোচনী অনুষ্ঠানটোত জ্যেষ্ঠ অধিবক্তা বিজন মহাজন, প্রাক্তন আলফা অৰবিন্দ ৰাজখোৱাকে ধৰি বহুকেইগৰাকী ব্যক্তি উন্মোচক হিচাপে উপস্থিত থাকে। লক্ষ্যণীয়ভাবে এই গ্ৰন্থখনৰ জৰিয়তে পঢ়ুৱৈয়ে আলফাৰ সংগ্ৰামৰ আৰম্ভণি কেনেকৈ হৈছিল আৰু সদস্যসকলৰ কষ্ট, ত্যাগ আদি বিভিন্ন নজনা তথ্য জানিব পাৰিব বুলি অনুপ চেতিয়াই জানিবলৈ দিয়ে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ