--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰলৈ যাব গুজৰাটী চিনেমা চেল্লু শ্ব’। ২০২৩ বৰ্ষৰ অস্কাৰৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমাৰ শিতানত ভাৰতীয় চিনেমা হিচাপে নিৰ্বাচন কৰা হৈছে চেল্লু শ্ব’ক। পান নালিনে পৰিচালনা কৰা চিনেমাখনত এগৰাকী কিশোৰৰ চিনেমাজগতৰ প্ৰতি থকা আগ্ৰহ আৰু সংগ্ৰামক তুলি ধৰা হৈছে। অভিনয় কৰিছে ভাবিন ৰাবাৰী, ভৱেশ শ্ৰীমালি, ৰিচা মীনা, দীপেন ৰাভাল আৰু পৰেশ মেহতাই।

 ইয়াৰ পূৰ্বে ২০২১ চনৰ অক্টোবৰত চেল্লু শ্ব’ই ৬৬ সংখ্যক ভাল্লাডলিড আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত গ’ল্ডেন স্পাইক সন্মান কৰিবলৈ সক্ষম হৈছিল। ইংৰাজীত চেল্লু শ্ব’ চিনেমাখনৰ নামটো দ্য লাষ্ট শ্ব’ হিচাপে নামকৰণ হৈছে। চলচিত্ৰ মহোৎসৱসমূহত চেল্লু শ্ব’ই এইদৰে ভূয়সী প্ৰশংসা লাভ কৰাৰ মূলতে হৈছে চিনেমাখনৰ নিৰ্মাণশৈলী। এগৰাকী আগশাৰীৰ চলচ্চিত্ৰ সমালোচক ডেভড এহৰলিকে প্ৰকাশ কৰিছে যে চেল্লু শ্ব’ই অভিনৱ আৰু যাদুকৰী চিনেমাশৈলী প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আনহাতে, চিনেমাখনৰ কাহিনীটো পৰিচালক নালিনৰ নিজৰ কাহিনী বুলি জানিব পৰা গৈছে। গুজৰাটৰ পটভূমিত নিৰ্মিত চেল্লু শ্ব’ই প্ৰখ্যাত ইটালীয়ান চলচিত্ৰ ‘চিনেমা পেৰেডিছ’ৰ স’তে তুলনা কৰা হৈছে। চেল্লু শ্ব’ত দেখুওৱা হৈছে চাহ বিক্ৰী কৰা এগৰাকী চাহ বেপাৰীৰ পুতেকে কিদৰে চিনেমাক লৈ তীব্ৰভাৱে আকৰ্ষিত হৈ পৰিছে। দৰিদ্ৰতা আৰু চিনেমাজগতৰ কোনো প্ৰতক্ষ্য অভিজ্ঞতা নথকাকৈও কিশোৰজনে নিজৰ সাধনাৰ জৰিয়তে এগৰাকী সফল চিনেমা পৰিচালক হৈ পৰে আৰু নিজৰ শৈশৱৰ সপোন পূৰণ কৰে।

উল্লেখযোগ্য যে অস্কাৰৰ দৌৰত চাল্লু শ্ব’ৰ বাহিৰেও বিবেক মালহোট্টাৰ দ্য কাশ্মীৰ ফাইলছ আৰু এছএছ ৰাজামৌলীৰ আৰআৰআৰ-ও আছিল। দ্য কাশ্মীৰ ফাইলছে দেশজুৰি ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছিল। এটা বিতৰ্কিত বিষয়বস্তুক লৈ নিৰ্মাণ কৰা চিনেমাখনৰ নিৰ্মাণশৈলী আৰু কাহিনীৰ গভীৰতাক সমালোচকসকলে প্ৰশংসা কৰি আহিছে। সেইবাবেই দ্য কাশ্মীৰ ফাইলছে অস্কাৰলৈ নিৰ্বাচিত হ’ব বুলি আশা কৰা হৈছিল। আনহাতে, ৰাজমৌলীৰ মহাকাব্যিক চিনেমা আৰআৰআৰ-এ ভাৰতৰ উপৰি বিদেশতো প্ৰচুৰ খ্যাতিলাভ কৰিছিল। চিনেমাখনত প্ৰদৰ্শন কৰা ইতিহাস, অভিনয় আৰু দক্ষিণ ভাৰতীয় উপাদানে দৰ্শকক আকৃষ্ট কৰিছিল। ব্যৱসায়িকভাৱে চিনেমাখনে আকাশলংঘী জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে সমালোচকসকলৰো প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল। সেইবাবেই আৰআৰআৰ-কেই অস্কাৰলৈ নিৰ্বাচিত কৰা হ’ব বুলি ভবা হৈছিল। কিন্তু অৱশেষত চাল্লু শ্ব’ৰ সুকীয়া আৱেদনে নিৰ্বাচকসকলক আকৰ্ষিত কৰে।
আনহাতে, বৰ্তমানলৈকে কোনো ভাৰতীয় চিনেমাই অস্কাৰৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছৱি হিচাপে বিজয়ী হোৱা নাই। বিগত বৰ্ষত তামিল চিনেমা ‘কোজাংগল’ নিৰ্বাচিত হৈছিল যদিও শেষত অস্কাৰৰ তালিকাৰ শীৰ্ষ পাঁচখন ছৱিৰ মাজত ই স্থান লাভ নকৰিলে। ২০০১ চনৰ আমিৰ খান অভিনীত তথা আশোতোষ গোৱাৰিকৰৰ জনপ্ৰিয় চিনেমা ‘লগান’ এই শীৰ্ষ পাঁচৰ তালিকাত স্থানলাভ কৰিছিল। তাৰপাছৰে পৰা কোনো ভাৰতীয় চিনেমাই এই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ