--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২১ ছেপ্টেম্বৰ বুধবাৰে পুৱা এই পৃথিৱীৰ পৰা বিদায় লয় বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে। নিজৰ কথাৰে সকলোকে হাঁহিবলৈ বাধ্য কৰা ৰাজু শ্ৰীবাস্তৱে সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা বিদায় লয়। কালি ৫৮ বছৰ বয়সত দিল্লীৰ এইমছ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আজি তেওঁৰ নিথৰ দেহ পঞ্চভূতত বিলীন হয়।

ছ’চিয়েল মিডিয়াত অক্ষয় কুমাৰৰ পৰা কপিল শৰ্মা আৰু প্ৰধানমন্ত্ৰী মোদীলৈকে ৰাজু শ্ৰীবাস্তৱক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা যায়। ১০ আগষ্টৰ পৰা তেওঁক দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৪১দিন চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি অৱশেষত ২১ ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে ৰাজু শ্ৰীবাস্তৱে। মৃতকৰ শেষকৃত্য আজি অৰ্থাৎ বৃহস্পতিবাৰে সম্পন্ন কৰা হয়। ৰাজু শ্ৰীবাস্তৱৰ পুত্ৰ আয়ুষ্মানে তেওঁৰ মুখাগ্নি কৰে।পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ বাহিৰেও শ্মশানত তেওঁৰ অনুৰাগীৰ বিপুল ভিৰ পৰিলক্ষিত হয় আৰু তেওঁৰ অনন্য সহযোগী কমেডিয়ান সুনীল পালকো দেখা গৈছিল।

 মনোৰঞ্জন জগতখনৰ উপৰি ৰাজনীতিৰ লগত জড়িত লোকসকলেও ৰাজু শ্ৰীবাস্তৱক শেষ বিদায় দিবলৈ শ্মশানত উপস্থিত হয়। তেওঁৰ মৃতদেহ এম্বুলেন্সেৰে দিল্লীৰ নিগম বোধ ঘাটলৈ লৈ যোৱা হয়। অনুৰাগীসকলে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি