--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯৫ সংখ্যক অস্কাৰত ভাৰতীয় ছবিৰ জয়জয়কাৰ অৱস্থা। এফালে শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ শাখাত ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ বিজয়ী। আনহাতে, ‘আৰ আৰ আৰ’ ছবিখনৰ ‘নাতু নাতু’ গীতটোৱে মূল গীতৰ শাখাত শ্ৰেষ্ঠ খিতাপ দখল কৰে। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্তত চৰ্চালৈ আহিছে ৰাজামৌলিৰ ছবিখনৰ গীত। ‘নাটু নাটু’ৰ অস্কাৰ বিজয়ক লৈ সমগ্ৰ দেশ উৎফুল্লিত হৈ পৰিছে।

বলীউডৰ পৰা উজনি উদ্যোগলৈকে দেশৰ শীৰ্ষ তাৰকাসকলে ‘নাতু নাটু’ৰ সফলতাত আপ্লুত হৈ পৰিছে। ভাৰতীয় সংস্কৃতিৰ সংগীতে বিশ্ব মঞ্চত স্বীকৃতি লাভ কৰিছে, এই সন্দৰ্ভত ‘কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে কি ক’লে?

'দ্য কাশ্মীৰ ফাইলছ'ৰ পৰিচালকগৰাকীয়ে দাবী কৰে যে, "বিশ্ব মঞ্চত ভাৰতীয় ছবিৰ বাবে এয়া এক সোণালী সময়। আমাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনেই বিশ্বমানৰ দৰ্শকৰ বাবে ভাৰতীয় চিনেমাৰ দুৱাৰ মুকলি কৰি দিলে। ইয়াৰ পিছত সেই বাটত খোজ কাঢ়ি ‘আৰ আৰ আৰ’ই সফলতা অৰ্জন কৰিছে।’’

‘আৰ আৰ আৰ’ক শুভকামনা জনোৱাৰ উপৰিও বিবেক ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ৰ সফলতাক লৈও গৌৰৱান্বিত। পৰিচালকগৰাকীয়ে কয়, “দুখন তথ্যচিত্ৰই মনোনয়ন লাভ কৰিছিল, ইয়াৰে এখনে অস্কাৰ ঘৰলৈ লৈ আহিছিল।”

মঞ্চত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে দীপিকা পাডুকন। অস্কাৰৰ মঞ্চত দীপিকাৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছত 'আচ্ছে দীন' আহি পোৱা বুলি মন্তব্য কৰে 'দ্য কাশ্মীৰ ফাইলছ'ৰ পৰিচালকে।

বিবেক অগ্নিহোত্ৰীয়ে অনুভৱ কৰিছে যে ‘নতু নাতু’ ছবিৰ অস্কাৰ বিজয়ৰ পিছত আঞ্চলিক ছবিৰ প্ৰতি দৰ্শকৰ মনোযোগ বাঢ়িব। তেওঁৰ মতে, “ভাৰতীয় সাংস্কৃতিক চিনেমাই এতিয়া তাৰকাৰে ভৰা বলীউড চিনেমাৰ বাহিৰেও অধিক প্ৰাধান্য লাভ কৰিছে। মই দেখি সুখী।''

ভৱিষ্যতে ভাৰতীয় ছবিৰ পৰা তেওঁ কি আশা কৰিছে? বিবেকৰ উত্তৰ, "বাংলা, মাৰাঠী, পাঞ্জাবী — সকলো ভাষাৰ ছবি 'ভাৰতীয় চিনেমা'ৰ ছাতিৰ তলত আহিব লাগে, আৰু বিশ্বৰ মঞ্চত দেশৰ নাম উজ্জ্বল হ'ব লাগে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী