--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯৫ সংখ্যক অস্কাৰত ভাৰতীয় ছবিৰ জয়জয়কাৰ অৱস্থা। এফালে শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ শাখাত ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ বিজয়ী। আনহাতে, ‘আৰ আৰ আৰ’ ছবিখনৰ ‘নাতু নাতু’ গীতটোৱে মূল গীতৰ শাখাত শ্ৰেষ্ঠ খিতাপ দখল কৰে। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্তত চৰ্চালৈ আহিছে ৰাজামৌলিৰ ছবিখনৰ গীত। ‘নাটু নাটু’ৰ অস্কাৰ বিজয়ক লৈ সমগ্ৰ দেশ উৎফুল্লিত হৈ পৰিছে।

বলীউডৰ পৰা উজনি উদ্যোগলৈকে দেশৰ শীৰ্ষ তাৰকাসকলে ‘নাতু নাটু’ৰ সফলতাত আপ্লুত হৈ পৰিছে। ভাৰতীয় সংস্কৃতিৰ সংগীতে বিশ্ব মঞ্চত স্বীকৃতি লাভ কৰিছে, এই সন্দৰ্ভত ‘কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে কি ক’লে?

'দ্য কাশ্মীৰ ফাইলছ'ৰ পৰিচালকগৰাকীয়ে দাবী কৰে যে, "বিশ্ব মঞ্চত ভাৰতীয় ছবিৰ বাবে এয়া এক সোণালী সময়। আমাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনেই বিশ্বমানৰ দৰ্শকৰ বাবে ভাৰতীয় চিনেমাৰ দুৱাৰ মুকলি কৰি দিলে। ইয়াৰ পিছত সেই বাটত খোজ কাঢ়ি ‘আৰ আৰ আৰ’ই সফলতা অৰ্জন কৰিছে।’’

‘আৰ আৰ আৰ’ক শুভকামনা জনোৱাৰ উপৰিও বিবেক ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ৰ সফলতাক লৈও গৌৰৱান্বিত। পৰিচালকগৰাকীয়ে কয়, “দুখন তথ্যচিত্ৰই মনোনয়ন লাভ কৰিছিল, ইয়াৰে এখনে অস্কাৰ ঘৰলৈ লৈ আহিছিল।”

মঞ্চত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে দীপিকা পাডুকন। অস্কাৰৰ মঞ্চত দীপিকাৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছত 'আচ্ছে দীন' আহি পোৱা বুলি মন্তব্য কৰে 'দ্য কাশ্মীৰ ফাইলছ'ৰ পৰিচালকে।

বিবেক অগ্নিহোত্ৰীয়ে অনুভৱ কৰিছে যে ‘নতু নাতু’ ছবিৰ অস্কাৰ বিজয়ৰ পিছত আঞ্চলিক ছবিৰ প্ৰতি দৰ্শকৰ মনোযোগ বাঢ়িব। তেওঁৰ মতে, “ভাৰতীয় সাংস্কৃতিক চিনেমাই এতিয়া তাৰকাৰে ভৰা বলীউড চিনেমাৰ বাহিৰেও অধিক প্ৰাধান্য লাভ কৰিছে। মই দেখি সুখী।''

ভৱিষ্যতে ভাৰতীয় ছবিৰ পৰা তেওঁ কি আশা কৰিছে? বিবেকৰ উত্তৰ, "বাংলা, মাৰাঠী, পাঞ্জাবী — সকলো ভাষাৰ ছবি 'ভাৰতীয় চিনেমা'ৰ ছাতিৰ তলত আহিব লাগে, আৰু বিশ্বৰ মঞ্চত দেশৰ নাম উজ্জ্বল হ'ব লাগে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ