--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা চাৰি বছৰত শ্বাহৰুখ খানে এখনো ছবি নিৰ্মাণ কৰা নাই আৰু তেওঁৰ অনুৰাগীসকলেও তেওঁৰ পৰৱৰ্তী মুক্তিৰ বাবে অপেক্ষা কৰি আছে। আপোনালোকে নিশ্চয় জানে যে শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবিখন হ’ল সিদ্ধাৰ্থ আনন্দৰ ছবি ‘পাঠান’। ২০২৩ চনৰ ২৫ জানুৱাৰীত মুক্তি পাব এই ছবিখন। কিছুদিনৰ আগতে এই ছবিখনৰ প্ৰথমটো গীত ‘বেচৰম ৰং’ মুক্তি পাইছিল, তাৰ পাছত প্ৰতিবাদ আৰম্ভ কৰিছিল। লাহে লাহে শ্বাহৰুখৰ এই ছবিখন বহু বিতৰ্কৰ মাজত সোমাই পৰিছে আৰু বহু ঠাইত ‘বয়কট পাঠান’ৰ শ্লোগানো উত্থাপন হৈছে। ইফালে শ্বাহৰুখ খানে কৰিছে এক বিশেষ ঘোষণা...

উল্লেখযোগ্য যে শ্বাহৰুখ খানৰ ছবি পাঠান ২০২৩ চনৰ ২৫ জানুৱাৰীত মুক্তি পাব। ছবিখনক লৈ হোৱা সকলো বিতৰ্কৰ মাজতে অভিনেতা-অভিনেত্ৰীসকলে ছবিখনৰ প্ৰচাৰৰ যেন এৰি দিয়া নাই। ইফালে শ্বাহৰুখে ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছে যে তেওঁ নিজৰ ছবিখনৰ প্ৰচাৰক সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা ‘ফিফা বিশ্বকাপ ২০২২’ৰ চূড়ান্ত মেচত আগবঢ়াব।

ইনষ্টাগ্ৰামত শ্বাহৰুখে শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁ নিজৰ ছবিৰ এটা সংলাপৰ পৰা আৰম্ভ কৰা দেখা গৈছে। শ্বাহৰুখে ইংলেণ্ডৰ কিংবদন্তি ফুটবল খেলুৱৈ ৱেইন ৰুনীৰ সৈতেও কথা পাতিবলৈ ওলাইছে। ভিডিঅ’টোৰ শেষত পাঠানৰ সংলাপ ৱেইন ৰুনীয়েও কয়। চাওক ভিডিঅ'-






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু