--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা চাৰি বছৰত শ্বাহৰুখ খানে এখনো ছবি নিৰ্মাণ কৰা নাই আৰু তেওঁৰ অনুৰাগীসকলেও তেওঁৰ পৰৱৰ্তী মুক্তিৰ বাবে অপেক্ষা কৰি আছে। আপোনালোকে নিশ্চয় জানে যে শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবিখন হ’ল সিদ্ধাৰ্থ আনন্দৰ ছবি ‘পাঠান’। ২০২৩ চনৰ ২৫ জানুৱাৰীত মুক্তি পাব এই ছবিখন। কিছুদিনৰ আগতে এই ছবিখনৰ প্ৰথমটো গীত ‘বেচৰম ৰং’ মুক্তি পাইছিল, তাৰ পাছত প্ৰতিবাদ আৰম্ভ কৰিছিল। লাহে লাহে শ্বাহৰুখৰ এই ছবিখন বহু বিতৰ্কৰ মাজত সোমাই পৰিছে আৰু বহু ঠাইত ‘বয়কট পাঠান’ৰ শ্লোগানো উত্থাপন হৈছে। ইফালে শ্বাহৰুখ খানে কৰিছে এক বিশেষ ঘোষণা...

উল্লেখযোগ্য যে শ্বাহৰুখ খানৰ ছবি পাঠান ২০২৩ চনৰ ২৫ জানুৱাৰীত মুক্তি পাব। ছবিখনক লৈ হোৱা সকলো বিতৰ্কৰ মাজতে অভিনেতা-অভিনেত্ৰীসকলে ছবিখনৰ প্ৰচাৰৰ যেন এৰি দিয়া নাই। ইফালে শ্বাহৰুখে ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছে যে তেওঁ নিজৰ ছবিখনৰ প্ৰচাৰক সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা ‘ফিফা বিশ্বকাপ ২০২২’ৰ চূড়ান্ত মেচত আগবঢ়াব।

ইনষ্টাগ্ৰামত শ্বাহৰুখে শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁ নিজৰ ছবিৰ এটা সংলাপৰ পৰা আৰম্ভ কৰা দেখা গৈছে। শ্বাহৰুখে ইংলেণ্ডৰ কিংবদন্তি ফুটবল খেলুৱৈ ৱেইন ৰুনীৰ সৈতেও কথা পাতিবলৈ ওলাইছে। ভিডিঅ’টোৰ শেষত পাঠানৰ সংলাপ ৱেইন ৰুনীয়েও কয়। চাওক ভিডিঅ'-






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক