--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিয়মীয়া তহলৰ সময়তে  এটা দ’ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনাৰ এখন বাহন। ফলত  তিনিজন সৈনিক নিহত হয়।  ঘটনাটো জম্মু আৰু কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সংঘটিত হৈছে।

সেনাৰ সূত্ৰই জনোৱা অনুসৰি বুধবাৰে পুৱা চিনাৰ কৰ্পৰ এজন কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ') আৰু আন দুজন জোৱানে মাচিল চেক্টৰৰ ফৰৱাৰ্ড এলেকাত তহল দি আছিল। তেতিয়াই দুৰ্ঘটনাটো ঘটে। জোৱানসকলৰ বাহনখন পিছলি গৈ এটা গভীৰ খাৱৈত পৰে। ঘটনাস্থলীতে তিনিজন সৈনিক নিহত হয়।সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তিনিটা মৃতদেহ উদ্ধাৰ ককৰিব পৰা গৈছে। 

দুৰ্ঘটনাটো  কেনেকৈ ঘটিল সেই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছে। যোৱা দুমাহৰ ভিতৰত এইটো দ্বিতীয় ঘটনা। কুপৱাৰাত এতিয়া তুষাৰপাত আৰম্ভ হৈছে। গাড়ীখন বৰফত পিছলি গৈছিল নে আন কোনো কাৰণত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই বিষয়ত  অনুসন্ধান কৰা হ'ব। 

যোৱা বছৰৰ ডিচেম্বৰত ছিকিমৰ গেংটকত সেনাৰ বাহন এখন  গভীৰ খাদত পৰি ১৬ জন সৈনিক নিহত হৈছিল। দুৰ্ঘটনাটো উত্তৰ ছিকিমৰ জেমাৰ ওচৰত সংঘটিত হৈছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু