--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিয়মীয়া তহলৰ সময়তে  এটা দ’ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনাৰ এখন বাহন। ফলত  তিনিজন সৈনিক নিহত হয়।  ঘটনাটো জম্মু আৰু কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সংঘটিত হৈছে।

সেনাৰ সূত্ৰই জনোৱা অনুসৰি বুধবাৰে পুৱা চিনাৰ কৰ্পৰ এজন কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ') আৰু আন দুজন জোৱানে মাচিল চেক্টৰৰ ফৰৱাৰ্ড এলেকাত তহল দি আছিল। তেতিয়াই দুৰ্ঘটনাটো ঘটে। জোৱানসকলৰ বাহনখন পিছলি গৈ এটা গভীৰ খাৱৈত পৰে। ঘটনাস্থলীতে তিনিজন সৈনিক নিহত হয়।সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তিনিটা মৃতদেহ উদ্ধাৰ ককৰিব পৰা গৈছে। 

দুৰ্ঘটনাটো  কেনেকৈ ঘটিল সেই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছে। যোৱা দুমাহৰ ভিতৰত এইটো দ্বিতীয় ঘটনা। কুপৱাৰাত এতিয়া তুষাৰপাত আৰম্ভ হৈছে। গাড়ীখন বৰফত পিছলি গৈছিল নে আন কোনো কাৰণত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই বিষয়ত  অনুসন্ধান কৰা হ'ব। 

যোৱা বছৰৰ ডিচেম্বৰত ছিকিমৰ গেংটকত সেনাৰ বাহন এখন  গভীৰ খাদত পৰি ১৬ জন সৈনিক নিহত হৈছিল। দুৰ্ঘটনাটো উত্তৰ ছিকিমৰ জেমাৰ ওচৰত সংঘটিত হৈছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক