--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সন্ত্ৰাসবাদীয়ে অশান্ত কৰি ৰখা কাশ্মীৰত শুকুৰবাৰে সুৰক্ষা বাহিনীয়ে উপত্যকাটোৰ  কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) ওচৰত পাঁচজন সন্ত্ৰাসবাদীক হত্যা কৰে ৷ সেনাই প্ৰকাশ কৰা মতে  ২০২১ চনৰ পিছত এয়াই  "আটাইতকৈ ডাঙৰ" অনুপ্ৰৱেশৰ প্ৰচেষ্টা আছিল৷ 

জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে লাভ কৰা  চোৰাংচোৱা তথ্যৰ  ওপৰত ভিত্তি কৰি বৃহস্পতিবাৰে নিশা কেৰান খণ্ডৰ জুমাগুণ্ড অঞ্চলত অভিযান আৰম্ভ কৰা হৈছিল।অভিযান সন্দৰ্ভত  সেনাৰ ২৮ ডিভিজনৰ বিষয়া মেজৰ জেনেৰেল গিৰীশ কালিয়াই কয় যে চোৰাংচোৱাৰ তথ্যৰ  আধাৰত  অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিবলৈ অভিযান আৰম্ভ কৰা হৈছিল৷ 

এই অভিযানৰ সময়তে নিৰাপত্তা বাহিনীৰ গুলীত পাঁচ জন সন্ত্ৰাসবাদী নিহত হয়৷ তেওঁ কয়  যে সন্ত্ৰাসবাদীসকল যথেষ্ট পৰিমাণে সশস্ত্ৰ হৈ আহিছিল৷ তেওঁলোক খুব ভালদৰে প্ৰশিক্ষিত আছিল বুলিও ধাৰণা কৰা হৈছে৷ 

অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা  পাঁচটা এ কে চিৰিজৰ  ৰাইফল, ১৫ টা মেগজিন আৰু গ্ৰেনেড ,  নাইট ভিজন ডিভাইচ ,  বাইনোকুলাৰৰ  উদ্ধাৰ কৰে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ