--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সন্ত্ৰাসবাদীয়ে অশান্ত কৰি ৰখা কাশ্মীৰত শুকুৰবাৰে সুৰক্ষা বাহিনীয়ে উপত্যকাটোৰ  কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) ওচৰত পাঁচজন সন্ত্ৰাসবাদীক হত্যা কৰে ৷ সেনাই প্ৰকাশ কৰা মতে  ২০২১ চনৰ পিছত এয়াই  "আটাইতকৈ ডাঙৰ" অনুপ্ৰৱেশৰ প্ৰচেষ্টা আছিল৷ 

জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে লাভ কৰা  চোৰাংচোৱা তথ্যৰ  ওপৰত ভিত্তি কৰি বৃহস্পতিবাৰে নিশা কেৰান খণ্ডৰ জুমাগুণ্ড অঞ্চলত অভিযান আৰম্ভ কৰা হৈছিল।অভিযান সন্দৰ্ভত  সেনাৰ ২৮ ডিভিজনৰ বিষয়া মেজৰ জেনেৰেল গিৰীশ কালিয়াই কয় যে চোৰাংচোৱাৰ তথ্যৰ  আধাৰত  অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিবলৈ অভিযান আৰম্ভ কৰা হৈছিল৷ 

এই অভিযানৰ সময়তে নিৰাপত্তা বাহিনীৰ গুলীত পাঁচ জন সন্ত্ৰাসবাদী নিহত হয়৷ তেওঁ কয়  যে সন্ত্ৰাসবাদীসকল যথেষ্ট পৰিমাণে সশস্ত্ৰ হৈ আহিছিল৷ তেওঁলোক খুব ভালদৰে প্ৰশিক্ষিত আছিল বুলিও ধাৰণা কৰা হৈছে৷ 

অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা  পাঁচটা এ কে চিৰিজৰ  ৰাইফল, ১৫ টা মেগজিন আৰু গ্ৰেনেড ,  নাইট ভিজন ডিভাইচ ,  বাইনোকুলাৰৰ  উদ্ধাৰ কৰে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান