--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিবাদৰ পথৰ পৰা আঁতৰি যোৱা নাই ভাৰতৰ প্ৰখ্যাত মল্লযোদ্ধাসকল৷ দিল্লী আৰক্ষীয়ে ডব্লিউএফআই মুৰব্বী ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ নামাদাখিল কৰাৰ পিছতে   সাক্ষী মালিকেকয় যে তেওঁলোকৰ  প্ৰতিবাদ সাময়িকভাবেহে বন্ধ ৰখা হৈছে৷ 

তেওঁ লগতে কয় যে মল্লযোদ্ধাসকলৰ  অধিবক্তাই অভিযোগনামাৰ প্ৰতিলিপি লাভ কৰিবলৈ   আবেদন দাখিল কৰিছে ৷ অভিযোগনামাৰ প্ৰতিলিপি পোৱাৰ পিছতে সেই অনুসৰি পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত লোৱা হ'ব। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে সিঙৰ বিৰুদ্ধে  অভিযোগনামা দাখিল কৰা হ’ব বুলি কথা দিয়াৰ পিছতে মল্লযোদ্ধাসকলে ১৫ জুনলৈকে তেওঁলোকৰ প্ৰতিবাদ স্থগিত ৰাখিছে৷ 

মালিকোে কয় "অভিযোগনামাখনত স্পষ্টকৈ কোৱা হৈছে যে সিং  দোষী ৷  আমাৰ অধিবক্তাই এখন আবেদন দাখিল কৰিছে যাতে  অভিযোগনামা খন আমিও চাব পাৰো । তাৰ পিছত আমি চাম যে অভিযোগনামাত থকা কথাবোৰ শুদ্ধ নে নহয়। আমাৰ পৰৱৰ্তী পদক্ষেপ তাৰ পিছতে ঘোষণা কৰিম৷  আমাক  যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া পূৰণ কৰা হৈছে নে নাই সেয়া জানিবলৈ  আমি অপেক্ষা কৰি আছো,"৷ 

উল্লেখ্য দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে ডব্লিউএফআইৰ প্ৰাক্তন মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ অভিযোগৰ ভিত্তিত অভিযোগনামা দাখিল কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ  ৩৫৪, ৩৫৪ডি, ৩৪৫এ আৰু ৫০৬ (১) ধাৰাৰ অধীনত অভিযোগনামা দাখিল কৰা হৈছে বুলি বিশেষ চৰকাৰী অধিবক্তা অতুল শ্ৰীবাস্তৱে প্ৰকাশ কৰিছে৷ 

মল্লযোদ্ধাসকলৰ  প্ৰতিবাদৰ মাজতে ৬ জুলাইত ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াই (ডব্লিউএফআই) নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ