--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিবাদৰ পথৰ পৰা আঁতৰি যোৱা নাই ভাৰতৰ প্ৰখ্যাত মল্লযোদ্ধাসকল৷ দিল্লী আৰক্ষীয়ে ডব্লিউএফআই মুৰব্বী ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ নামাদাখিল কৰাৰ পিছতে   সাক্ষী মালিকেকয় যে তেওঁলোকৰ  প্ৰতিবাদ সাময়িকভাবেহে বন্ধ ৰখা হৈছে৷ 

তেওঁ লগতে কয় যে মল্লযোদ্ধাসকলৰ  অধিবক্তাই অভিযোগনামাৰ প্ৰতিলিপি লাভ কৰিবলৈ   আবেদন দাখিল কৰিছে ৷ অভিযোগনামাৰ প্ৰতিলিপি পোৱাৰ পিছতে সেই অনুসৰি পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত লোৱা হ'ব। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে সিঙৰ বিৰুদ্ধে  অভিযোগনামা দাখিল কৰা হ’ব বুলি কথা দিয়াৰ পিছতে মল্লযোদ্ধাসকলে ১৫ জুনলৈকে তেওঁলোকৰ প্ৰতিবাদ স্থগিত ৰাখিছে৷ 

মালিকোে কয় "অভিযোগনামাখনত স্পষ্টকৈ কোৱা হৈছে যে সিং  দোষী ৷  আমাৰ অধিবক্তাই এখন আবেদন দাখিল কৰিছে যাতে  অভিযোগনামা খন আমিও চাব পাৰো । তাৰ পিছত আমি চাম যে অভিযোগনামাত থকা কথাবোৰ শুদ্ধ নে নহয়। আমাৰ পৰৱৰ্তী পদক্ষেপ তাৰ পিছতে ঘোষণা কৰিম৷  আমাক  যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া পূৰণ কৰা হৈছে নে নাই সেয়া জানিবলৈ  আমি অপেক্ষা কৰি আছো,"৷ 

উল্লেখ্য দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে ডব্লিউএফআইৰ প্ৰাক্তন মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ অভিযোগৰ ভিত্তিত অভিযোগনামা দাখিল কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ  ৩৫৪, ৩৫৪ডি, ৩৪৫এ আৰু ৫০৬ (১) ধাৰাৰ অধীনত অভিযোগনামা দাখিল কৰা হৈছে বুলি বিশেষ চৰকাৰী অধিবক্তা অতুল শ্ৰীবাস্তৱে প্ৰকাশ কৰিছে৷ 

মল্লযোদ্ধাসকলৰ  প্ৰতিবাদৰ মাজতে ৬ জুলাইত ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াই (ডব্লিউএফআই) নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান