--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ কাশ্মীৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰিলে পাকিস্তানৰ নৱনিযুক্ত সেনা প্ৰধান (চিঅএএছ) জেনেৰেল অসীম মুনিৰে ।ভাৰতৰ বিৰুদ্ধে বিষ উজাৰি দি মুনিৰে কয় যে  ভাৰতে কেতিয়াও ইয়াৰ জঘন্য অভিপ্ৰায়ত সফল হ’ব নোৱাৰিব। দেশ খনে ঘটোৱা যিকোনো দুঃসাহসিক ঘটনাৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ'ব। পাকিস্তান সেনাৰ মিডিয়া শাখাৰ মতে সেনা প্ৰধানজনে সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ ৰাখচিক্ৰি চেক্টৰৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰে আৰু পাক সেনাৰ জোৱানৰ  সৈতে  বাৰ্তালাপ কৰে। 

সেই সময়তে তেওঁ ভাৰতৰ বিৰুদ্ধে তেনেদৰে মন্তব্য কৰে। জেনেৰেল অসীম মুনিৰক এলঅ'চিৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছিল। সেনা বিষয়া আৰু সৈন্যসকলৰ সৈতে বাৰ্তালাপ কৰি সেনা প্ৰধানজনে প্ৰত্যাহ্বানজনক পৰিস্থিতিত তেওঁলোকৰ দায়িত্ব পালন কৰাৰ বাবে সৈনিকসকলক প্ৰশংসা কৰে। 

জেনেৰেল অসীমে কয়  যে তেওঁ শেহতীয়াকৈ গিলগিট, বাল্টিস্তান আৰু আজাদ জম্মু - কাশ্মীৰ সন্দৰ্ভত ভাৰতীয় নেতৃত্বই দিয়া "দায়িত্বহীন" মন্তব্য লক্ষ্য কৰিছে। তেওঁ কয়  "মই স্পষ্ট কৰি দিওঁ যে পাকিস্তানৰ সশস্ত্ৰ বাহিনী কেৱল আমাৰ মাতৃভূমিৰ প্ৰতিটো ইঞ্চি ৰক্ষা কৰিবলৈই নহয়, শত্ৰুৰ বিৰুদ্ধে যিকোনো যুদ্ধ  কৰিবলৈও সাজু আছে।" 

তেওঁ কয়  যে ভাৰতে কেতিয়াও ইয়াৰ জঘন্য পৰিক্লনা পূৰণ কৰিব নোৱাৰিব। বিশ্বই ন্যায় নিশ্চিত কৰিব লাগিব আৰু পাকিস্তানৰ ন্যায়ৰ বাবে একত্ৰিত হ'ব লাগিব। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি কাশ্মীৰী লোকসকলক দিয়া প্ৰতিশ্ৰুতি পাকিস্তানে পূৰণ কৰিব লাগিব বুলিও তেওঁ কয়। সীমান্তত কৰ্পছ কমাণ্ডাৰ ৰাৱালপিণ্ডি লেফটেনেণ্ট জেনেৰেল শ্বাহিদ ইমতিয়াজে সেনা প্ৰধান জনক আদৰণি জনায়। ২৯ নৱেম্বৰত পাকিস্তানৰ সেনা প্ৰধান হিচাপে মুনিৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক