--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ কাশ্মীৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰিলে পাকিস্তানৰ নৱনিযুক্ত সেনা প্ৰধান (চিঅএএছ) জেনেৰেল অসীম মুনিৰে ।ভাৰতৰ বিৰুদ্ধে বিষ উজাৰি দি মুনিৰে কয় যে  ভাৰতে কেতিয়াও ইয়াৰ জঘন্য অভিপ্ৰায়ত সফল হ’ব নোৱাৰিব। দেশ খনে ঘটোৱা যিকোনো দুঃসাহসিক ঘটনাৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ'ব। পাকিস্তান সেনাৰ মিডিয়া শাখাৰ মতে সেনা প্ৰধানজনে সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ ৰাখচিক্ৰি চেক্টৰৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰে আৰু পাক সেনাৰ জোৱানৰ  সৈতে  বাৰ্তালাপ কৰে। 

সেই সময়তে তেওঁ ভাৰতৰ বিৰুদ্ধে তেনেদৰে মন্তব্য কৰে। জেনেৰেল অসীম মুনিৰক এলঅ'চিৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছিল। সেনা বিষয়া আৰু সৈন্যসকলৰ সৈতে বাৰ্তালাপ কৰি সেনা প্ৰধানজনে প্ৰত্যাহ্বানজনক পৰিস্থিতিত তেওঁলোকৰ দায়িত্ব পালন কৰাৰ বাবে সৈনিকসকলক প্ৰশংসা কৰে। 

জেনেৰেল অসীমে কয়  যে তেওঁ শেহতীয়াকৈ গিলগিট, বাল্টিস্তান আৰু আজাদ জম্মু - কাশ্মীৰ সন্দৰ্ভত ভাৰতীয় নেতৃত্বই দিয়া "দায়িত্বহীন" মন্তব্য লক্ষ্য কৰিছে। তেওঁ কয়  "মই স্পষ্ট কৰি দিওঁ যে পাকিস্তানৰ সশস্ত্ৰ বাহিনী কেৱল আমাৰ মাতৃভূমিৰ প্ৰতিটো ইঞ্চি ৰক্ষা কৰিবলৈই নহয়, শত্ৰুৰ বিৰুদ্ধে যিকোনো যুদ্ধ  কৰিবলৈও সাজু আছে।" 

তেওঁ কয়  যে ভাৰতে কেতিয়াও ইয়াৰ জঘন্য পৰিক্লনা পূৰণ কৰিব নোৱাৰিব। বিশ্বই ন্যায় নিশ্চিত কৰিব লাগিব আৰু পাকিস্তানৰ ন্যায়ৰ বাবে একত্ৰিত হ'ব লাগিব। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি কাশ্মীৰী লোকসকলক দিয়া প্ৰতিশ্ৰুতি পাকিস্তানে পূৰণ কৰিব লাগিব বুলিও তেওঁ কয়। সীমান্তত কৰ্পছ কমাণ্ডাৰ ৰাৱালপিণ্ডি লেফটেনেণ্ট জেনেৰেল শ্বাহিদ ইমতিয়াজে সেনা প্ৰধান জনক আদৰণি জনায়। ২৯ নৱেম্বৰত পাকিস্তানৰ সেনা প্ৰধান হিচাপে মুনিৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক