--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি এন্দুৰ চিকাৰ কৰাত পাৰ্গত নেকি? তেন্তে নিউয়ৰ্ক যাওক। এন্দুৰ বধ কৰি আপুনি লাভ কৰিব কোটি টকা।

কিন্তু ঘটনাটো কি? আচলতে এন্দুৰ বধ অভিযান আৰম্ভ কৰিছে নিউয়ৰ্কৰ প্ৰশাসনে। তাৰবাবে উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত আছে চহৰখনৰ মেয়ৰৰ কাৰ্যালয়। ইয়াৰ বাবে এটা এটা বিজ্ঞপ্তিও প্ৰকাশ কৰা হৈছে।

এন্দুৰ বধৰ চাকৰিটোৰ বিজ্ঞাপনত কোৱা হৈছে যে এই এন্দুৰ নিধনৰ বাবে মেয়ৰৰ কাৰ্যালয়ে এজন ডাইৰেক্টৰ বিচাৰি আছে। সৰ্বোচ্চ পৰিশ্ৰমিক বছৰি প্ৰায় ১ লাখ সত্তৰ হাজাৰ ডলাৰ। ভাৰতীয় মূদ্ৰাত ইয়াৰ পৰিমাণ হৈছে ১ কোটি আঠত্ৰিশ লাখ টকাৰো বেছি।

যি এই পদত চাকৰি লাভ কৰিব, তেওঁক এন্দুৰৰ সম্ৰাট বুলি নামাকৰণ হ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে। বিজ্ঞাপনটোত এয়াও কোৱা হৈছে নিউয়ৰ্ক চহৰৰ এন্দুৰবিলাক অত্যন্ত চতুৰ আৰু মাৰাত্মক, সহজে ধৰা নিদিয়ে।

উল্লেখ্য যে নিউয়ৰ্কৰ প্ৰশাসনৰ হিচাপ অনুসৰি চহৰখনত প্ৰায় ১ কোটি আশী লাখৰ বেছি এন্দুৰ আছে। এই এন্দুৰসমূহে চহৰখনত অশেষ ক্ষতিসাধন কৰি আহিছে। 

তালৈ লক্ষ্য ৰাখি চহৰখনৰ মেয়ৰ এৰিক আদামছে কয় যে তেওঁৰ কাৰ্যালয়ে চহৰবাসীক এন্দুৰৰ আগ্ৰাসনৰ পৰা মুক্ত কৰিব কৰিব বিচাৰে। সেয়ে এন্দুৰসমূহ বধ কৰিবলৈ উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক