--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি এন্দুৰ চিকাৰ কৰাত পাৰ্গত নেকি? তেন্তে নিউয়ৰ্ক যাওক। এন্দুৰ বধ কৰি আপুনি লাভ কৰিব কোটি টকা।

কিন্তু ঘটনাটো কি? আচলতে এন্দুৰ বধ অভিযান আৰম্ভ কৰিছে নিউয়ৰ্কৰ প্ৰশাসনে। তাৰবাবে উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত আছে চহৰখনৰ মেয়ৰৰ কাৰ্যালয়। ইয়াৰ বাবে এটা এটা বিজ্ঞপ্তিও প্ৰকাশ কৰা হৈছে।

এন্দুৰ বধৰ চাকৰিটোৰ বিজ্ঞাপনত কোৱা হৈছে যে এই এন্দুৰ নিধনৰ বাবে মেয়ৰৰ কাৰ্যালয়ে এজন ডাইৰেক্টৰ বিচাৰি আছে। সৰ্বোচ্চ পৰিশ্ৰমিক বছৰি প্ৰায় ১ লাখ সত্তৰ হাজাৰ ডলাৰ। ভাৰতীয় মূদ্ৰাত ইয়াৰ পৰিমাণ হৈছে ১ কোটি আঠত্ৰিশ লাখ টকাৰো বেছি।

যি এই পদত চাকৰি লাভ কৰিব, তেওঁক এন্দুৰৰ সম্ৰাট বুলি নামাকৰণ হ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে। বিজ্ঞাপনটোত এয়াও কোৱা হৈছে নিউয়ৰ্ক চহৰৰ এন্দুৰবিলাক অত্যন্ত চতুৰ আৰু মাৰাত্মক, সহজে ধৰা নিদিয়ে।

উল্লেখ্য যে নিউয়ৰ্কৰ প্ৰশাসনৰ হিচাপ অনুসৰি চহৰখনত প্ৰায় ১ কোটি আশী লাখৰ বেছি এন্দুৰ আছে। এই এন্দুৰসমূহে চহৰখনত অশেষ ক্ষতিসাধন কৰি আহিছে। 

তালৈ লক্ষ্য ৰাখি চহৰখনৰ মেয়ৰ এৰিক আদামছে কয় যে তেওঁৰ কাৰ্যালয়ে চহৰবাসীক এন্দুৰৰ আগ্ৰাসনৰ পৰা মুক্ত কৰিব কৰিব বিচাৰে। সেয়ে এন্দুৰসমূহ বধ কৰিবলৈ উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ