--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ টিউলিপ গাৰ্ডেন বিশ্ব বিখ্যাত। কাশ্মীৰৰ ইন্দিৰা গান্ধী মেম'ৰিয়েল টিউলিপ গাৰ্ডেনে লণ্ডনৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছত প্ৰৱেশ কৰিছে। ইয়াক এছিয়াৰ আটাইতকৈ ডাঙৰ টিউলিপ  ফুলৰ বাগিচা হিচাবে স্বীকৃতি দিয়া  হৈছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সোমবাৰে টুইট কৰি এই সুখবৰটো প্ৰকাশ কৰিছে।

টিউলিপ উদ্যানখন এই বছৰৰ ২৩ মাৰ্চত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল। বৰ্তমান  বাগিচাখনত ৬৮  প্ৰকাৰৰ ১৫ লাখতকৈও অধিক টিউলিপ আছে। ৰঙা-হালধীয়া-বগা-গুলপীয়া ফুলেৰে ভৰা বাগিচা খনে  চুম্বকৰ দৰে পৰ্যটকক আকৰ্ষিত কৰে। প্ৰতিদিনে ভিৰ হয় হাজাৰ হাজাৰ লোকৰ। এটা ঋতুত, লাখ লাখ পৰ্যটকে কাশ্মীৰৰ টিউলিপ গাৰ্ডেনৰ সৌন্দৰ্য উপভোগ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীজনে আমিৰ খছৰুৰ কবিতাৰ উদ্ধৃতি দি টুইট কৰিছে। । হৰদীপ সিং পুৰীয়ে লিখিছে, "শ্ৰীনগৰৰ টিউলিপৰ বাগিচা খনক  এছিয়াৰ সৰ্ববৃহৎ টিউলিপ  বাগিচা হিচাপে ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছতস্বীকৃতি দিয়া  হৈছে! ৬৮ টা প্ৰজাতিৰ ১.৫ নিযুত টিউলিপৰ আশ্চৰ্যজনক উদ্যানখনে এক লাখ পৰ্যটকক আকৰ্ষিত কৰে!" 

শ্ৰীনগৰৰ ডাল হ্ৰদৰ ওচৰৰ ইন্দিৰা গান্ধী মেম'ৰিয়েল টিউলিপ গাৰ্ডেন প্ৰথমবাৰৰ বাবে ২০০৭ চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। এয়া জম্মু আৰু কাশ্মীৰৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলসমূহৰ ভিতৰৰে  এটা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ