--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ টিউলিপ গাৰ্ডেন বিশ্ব বিখ্যাত। কাশ্মীৰৰ ইন্দিৰা গান্ধী মেম'ৰিয়েল টিউলিপ গাৰ্ডেনে লণ্ডনৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছত প্ৰৱেশ কৰিছে। ইয়াক এছিয়াৰ আটাইতকৈ ডাঙৰ টিউলিপ  ফুলৰ বাগিচা হিচাবে স্বীকৃতি দিয়া  হৈছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সোমবাৰে টুইট কৰি এই সুখবৰটো প্ৰকাশ কৰিছে।

টিউলিপ উদ্যানখন এই বছৰৰ ২৩ মাৰ্চত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল। বৰ্তমান  বাগিচাখনত ৬৮  প্ৰকাৰৰ ১৫ লাখতকৈও অধিক টিউলিপ আছে। ৰঙা-হালধীয়া-বগা-গুলপীয়া ফুলেৰে ভৰা বাগিচা খনে  চুম্বকৰ দৰে পৰ্যটকক আকৰ্ষিত কৰে। প্ৰতিদিনে ভিৰ হয় হাজাৰ হাজাৰ লোকৰ। এটা ঋতুত, লাখ লাখ পৰ্যটকে কাশ্মীৰৰ টিউলিপ গাৰ্ডেনৰ সৌন্দৰ্য উপভোগ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীজনে আমিৰ খছৰুৰ কবিতাৰ উদ্ধৃতি দি টুইট কৰিছে। । হৰদীপ সিং পুৰীয়ে লিখিছে, "শ্ৰীনগৰৰ টিউলিপৰ বাগিচা খনক  এছিয়াৰ সৰ্ববৃহৎ টিউলিপ  বাগিচা হিচাপে ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছতস্বীকৃতি দিয়া  হৈছে! ৬৮ টা প্ৰজাতিৰ ১.৫ নিযুত টিউলিপৰ আশ্চৰ্যজনক উদ্যানখনে এক লাখ পৰ্যটকক আকৰ্ষিত কৰে!" 

শ্ৰীনগৰৰ ডাল হ্ৰদৰ ওচৰৰ ইন্দিৰা গান্ধী মেম'ৰিয়েল টিউলিপ গাৰ্ডেন প্ৰথমবাৰৰ বাবে ২০০৭ চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। এয়া জম্মু আৰু কাশ্মীৰৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলসমূহৰ ভিতৰৰে  এটা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ