--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ভাৰতক খণ্ড-বিখণ্ড কৰিব বিচৰা নেতাসকলে  এতিয়া কংগ্ৰেছক  গ্ৰাস  কৰিছে,'। এই দাবী কৰিছে কংগ্ৰেছ নেতা আচাৰ্য প্ৰমোদ কৃষ্ণমে। কংগ্ৰেছ নেতা আচাৰ্য প্ৰমোদ কৃষ্ণমে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কিছু বিস্ফোৰক মন্তব্য  কৰিছে।  নেতাগৰাকীৰ মন্তব্যই কংগ্ৰেছ দলক  নিৰ্বাচনত ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলি বহুতে আলোচনা কৰিছে।  কংগ্ৰেছৰ কিছুমান নেতাই তেওঁৰ পোছাকত আপত্তি কৰা আৰু কপালত তিলক পিন্ধা বিষয়ত  প্ৰতিক্ৰিয়া ব্যক্ত কৰি আচাৰ্য প্ৰমোদ কৃষ্ণমে দাবী কৰে যে কংগ্ৰেছ দলটোক হিন্দু আৰু হিন্দু ধৰ্মক ঘৃণা কৰা কিছুমান লোকে গ্ৰাস কৰি পেলাইছে।  সেইসকল লোকে গেৰুৱা, ভাৰত মাতা কী জয়  শ্ল'গানক ঘৃণা কৰে আৰু ভাৰতক টুকুৰা টুকুৰ কৰিব বিচাৰে। 

আচাৰ্য প্ৰমোদ কৃষ্ণমে আৰু কয়  যে এই লোকসকলে কংগ্ৰেছ দলৰ ভিতৰত জ্যেষ্ঠ পদসমূহ দখল কৰিছে আৰু কংগ্ৰেছক মহাত্মা গান্ধী তথা ইন্দিৰা গান্ধীৰ আদৰ্শৰ পৰা আঁতৰাই লৈ গৈছে। তেওঁ কয় যে কংগ্ৰেছ দলটো ইন্দিৰা গান্ধী, মহাত্মা গান্ধী আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ বলিদানৰ দ্বাৰা নিৰ্মাণ কৰা দল।  দলটোক মানুহে  মহাত্মা গান্ধীৰ ৰঘুপতি ৰাজা ৰাম পতিত পৱন সীতাৰামৰ ৰামধুনেৰে জানিছিল, এতিয়া 'ভাৰত তেৰে টুকডে হংগে' নামেৰেহে জানিবলৈ লৈছে।  কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও  এই লোকসকলৰ ওপৰত অসন্তুষ্ট বুলি  আচাৰ্য প্ৰমোদ কৃষ্ণমে দাবী কৰে।

আচাৰ্য প্ৰমোদক কংগ্ৰেছ ৱৰ্কিং কমিটিৰ পৰা বাদ দিয়াৰ বাবেই তেওঁ এনেদৰে  অসন্তুষ্টি প্ৰকাশ কৰা  বুলি বহুতে ধাৰণা কৰিছে। 

উল্লেখ্য কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই শেহতীয়াকৈ কংগ্ৰেছৰ নতুন কাৰ্যকৰী সমিতি খন গঠন কৰিছে। নতুন সমিতি খনত কেইবাগৰাকীও বিসম্বাদী নেতাই স্থান লাভ কৰিছে। কেইবাখনো নতুন মুখৰো সমাৱেশ ঘটিছে। মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি থকা শশী থাৰুৰকো সমিতিখনত অন্তৰ্ভুক্ত কৰা হৈছে। জি-২৩ গোটৰ এজন সদস্য আনন্দ শৰ্মাকো অন্তৰ্ভুক্ত কৰা হৈছে।প্ৰিয়ংকা গান্ধী, গৌৰৱ গগৈ আৰু কে পেটেল হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিত অন্তৰ্ভুক্ত হোৱা  যুৱ মুখবোৰৰ ভিতৰৰে কেইখনমান মুখ। উদয়পুৰত চিন্তন বৈঠকতে  সিদ্ধান্ত লোৱা হৈছিল যে কংগ্ৰেছৰ নতুন সমিতি খনৰ ৫০  শতাংশ সদস্যৰ বয়স ৫০ বছৰৰ তলৰ হ'ব লাগিব।  ৩৯ জনীয়া কংগ্ৰেছ ৱৰ্কিং কমিটি (চিডব্লিউচি)ত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ গৌৰৱ গগৈকো। সমিতি খনত ২১ জন আমন্ত্ৰিত  সদস্যও আছে। আমন্ত্ৰণ জনোৱা সদস্যসকলৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজনীতিৰ কেইবাখনো  চিনাকি মুখ আছে।তাৎপৰ্যপূৰ্ণভাৱে, ৩৯ জনীয়া সমিতিখনত দলটোৰ  বিদ্ৰোহী কেইবাজনো  নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ