--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ভাৰতক খণ্ড-বিখণ্ড কৰিব বিচৰা নেতাসকলে  এতিয়া কংগ্ৰেছক  গ্ৰাস  কৰিছে,'। এই দাবী কৰিছে কংগ্ৰেছ নেতা আচাৰ্য প্ৰমোদ কৃষ্ণমে। কংগ্ৰেছ নেতা আচাৰ্য প্ৰমোদ কৃষ্ণমে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কিছু বিস্ফোৰক মন্তব্য  কৰিছে।  নেতাগৰাকীৰ মন্তব্যই কংগ্ৰেছ দলক  নিৰ্বাচনত ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলি বহুতে আলোচনা কৰিছে।  কংগ্ৰেছৰ কিছুমান নেতাই তেওঁৰ পোছাকত আপত্তি কৰা আৰু কপালত তিলক পিন্ধা বিষয়ত  প্ৰতিক্ৰিয়া ব্যক্ত কৰি আচাৰ্য প্ৰমোদ কৃষ্ণমে দাবী কৰে যে কংগ্ৰেছ দলটোক হিন্দু আৰু হিন্দু ধৰ্মক ঘৃণা কৰা কিছুমান লোকে গ্ৰাস কৰি পেলাইছে।  সেইসকল লোকে গেৰুৱা, ভাৰত মাতা কী জয়  শ্ল'গানক ঘৃণা কৰে আৰু ভাৰতক টুকুৰা টুকুৰ কৰিব বিচাৰে। 

আচাৰ্য প্ৰমোদ কৃষ্ণমে আৰু কয়  যে এই লোকসকলে কংগ্ৰেছ দলৰ ভিতৰত জ্যেষ্ঠ পদসমূহ দখল কৰিছে আৰু কংগ্ৰেছক মহাত্মা গান্ধী তথা ইন্দিৰা গান্ধীৰ আদৰ্শৰ পৰা আঁতৰাই লৈ গৈছে। তেওঁ কয় যে কংগ্ৰেছ দলটো ইন্দিৰা গান্ধী, মহাত্মা গান্ধী আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ বলিদানৰ দ্বাৰা নিৰ্মাণ কৰা দল।  দলটোক মানুহে  মহাত্মা গান্ধীৰ ৰঘুপতি ৰাজা ৰাম পতিত পৱন সীতাৰামৰ ৰামধুনেৰে জানিছিল, এতিয়া 'ভাৰত তেৰে টুকডে হংগে' নামেৰেহে জানিবলৈ লৈছে।  কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও  এই লোকসকলৰ ওপৰত অসন্তুষ্ট বুলি  আচাৰ্য প্ৰমোদ কৃষ্ণমে দাবী কৰে।

আচাৰ্য প্ৰমোদক কংগ্ৰেছ ৱৰ্কিং কমিটিৰ পৰা বাদ দিয়াৰ বাবেই তেওঁ এনেদৰে  অসন্তুষ্টি প্ৰকাশ কৰা  বুলি বহুতে ধাৰণা কৰিছে। 

উল্লেখ্য কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই শেহতীয়াকৈ কংগ্ৰেছৰ নতুন কাৰ্যকৰী সমিতি খন গঠন কৰিছে। নতুন সমিতি খনত কেইবাগৰাকীও বিসম্বাদী নেতাই স্থান লাভ কৰিছে। কেইবাখনো নতুন মুখৰো সমাৱেশ ঘটিছে। মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি থকা শশী থাৰুৰকো সমিতিখনত অন্তৰ্ভুক্ত কৰা হৈছে। জি-২৩ গোটৰ এজন সদস্য আনন্দ শৰ্মাকো অন্তৰ্ভুক্ত কৰা হৈছে।প্ৰিয়ংকা গান্ধী, গৌৰৱ গগৈ আৰু কে পেটেল হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিত অন্তৰ্ভুক্ত হোৱা  যুৱ মুখবোৰৰ ভিতৰৰে কেইখনমান মুখ। উদয়পুৰত চিন্তন বৈঠকতে  সিদ্ধান্ত লোৱা হৈছিল যে কংগ্ৰেছৰ নতুন সমিতি খনৰ ৫০  শতাংশ সদস্যৰ বয়স ৫০ বছৰৰ তলৰ হ'ব লাগিব।  ৩৯ জনীয়া কংগ্ৰেছ ৱৰ্কিং কমিটি (চিডব্লিউচি)ত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ গৌৰৱ গগৈকো। সমিতি খনত ২১ জন আমন্ত্ৰিত  সদস্যও আছে। আমন্ত্ৰণ জনোৱা সদস্যসকলৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজনীতিৰ কেইবাখনো  চিনাকি মুখ আছে।তাৎপৰ্যপূৰ্ণভাৱে, ৩৯ জনীয়া সমিতিখনত দলটোৰ  বিদ্ৰোহী কেইবাজনো  নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস