--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেৰালাত সংঘটিত হৈছে এটা নৰবলিৰ কাণ্ড। নৰবলি প্ৰথাৰ বাবেই প্ৰাণ গৈছে দুগৰাকীকৈ মহিলা। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ৰাজ্যখনৰ এনাকুলামৰ পৰা দুগৰাকীকৈ মহিলাক কিছু দিনৰ পূৰ্বে অপহৰণ কৰি অৱশেষত থিৰুভাল্লাত নৰবলা প্ৰথা অনুসৰি হত্যা কৰা হয়।

আৰক্ষীয়ে ইতিমধ্যে মহিলা দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে। তেওঁলোকৰ নাম ক্ৰমে পদ্মা আৰু ৰছলীন নামেৰে জনা গৈছে। জানিব পৰা মতে, মহিলা দুগৰাকীক পৃথককৈ অপহৰণ কৰা হৈছিল। এটা দম্পত্তিয়ে এই কাণ্ড সংঘটিত কৰিছিল।  

পদ্মা নামৰ মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ পাছতে যোৱা ২৬ ছেপ্টেম্বৰত এই সংক্ৰান্তত এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল। অনুসন্ধানকালত জনা গৈছিল যে ৰছলীন নামৰ মহিলাগৰাকীও একেধৰণেই নিৰুদ্দেশ হৈ আছিল।


আৰক্ষীয়ে লাভ কৰা মৃতদেহ দুটা শিৰচ্ছেদ কৰি মাটিত পুতি থোৱা অৱস্থাত পোৱা গৈছে। নৰবলা প্ৰথা অনুসৰি, দম্পত্তিটোৱে ধন-জন লাভৰ বাবেই মহিলা দুগৰাকীক হত্যা কৰা বুলি অনুমান কৰা হৈছে।

দম্পত্তিহালক ভগৱাল সিং আৰু লীলা সিং নামেৰে জনা গৈছে। তেওঁলোকৰ লগতে নৰবলি কাণ্ডটোত সহায়কাৰী হিচাপে ছিহাব নামৰ এগৰাকী লোককো আটক কৰা হৈছে।

আৰক্ষীয়ে জনাইছে যে অনুসন্ধান কাৰ্য বৰ্তমান ক্ষীপ্ৰ গতিত চলি আছে আৰু আগলৈ অধিক তথ্য লাভ কৰা যাব। ইতিমধ্যে অভিযুক্ত দম্পত্তিহালৰ স্বীকাৰোক্তি লোৱা হৈছে।

ঘটনাটো সংক্ৰান্তত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নৰবলি কাণ্ডটোক তেওঁ গৰিহণা দি কৈছে যে এনেধৰণৰ পৰম্পৰা মানৱ সভ্যতাৰ বাবে ভাবুকীস্বৰূপ। কেৱল অসুস্থ মানসিকতাৰ লোকেহে এনেধৰণৰ কাম কৰিব পাৰে। লগতে দোষীৰ ওপৰত পূৰ্ণ পৰ্যায়ৰ ন্যায়িক ব্যৱস্থা লোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীজনে জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু