--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেৰালাত সংঘটিত হৈছে এটা নৰবলিৰ কাণ্ড। নৰবলি প্ৰথাৰ বাবেই প্ৰাণ গৈছে দুগৰাকীকৈ মহিলা। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ৰাজ্যখনৰ এনাকুলামৰ পৰা দুগৰাকীকৈ মহিলাক কিছু দিনৰ পূৰ্বে অপহৰণ কৰি অৱশেষত থিৰুভাল্লাত নৰবলা প্ৰথা অনুসৰি হত্যা কৰা হয়।

আৰক্ষীয়ে ইতিমধ্যে মহিলা দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে। তেওঁলোকৰ নাম ক্ৰমে পদ্মা আৰু ৰছলীন নামেৰে জনা গৈছে। জানিব পৰা মতে, মহিলা দুগৰাকীক পৃথককৈ অপহৰণ কৰা হৈছিল। এটা দম্পত্তিয়ে এই কাণ্ড সংঘটিত কৰিছিল।  

পদ্মা নামৰ মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ পাছতে যোৱা ২৬ ছেপ্টেম্বৰত এই সংক্ৰান্তত এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল। অনুসন্ধানকালত জনা গৈছিল যে ৰছলীন নামৰ মহিলাগৰাকীও একেধৰণেই নিৰুদ্দেশ হৈ আছিল।


আৰক্ষীয়ে লাভ কৰা মৃতদেহ দুটা শিৰচ্ছেদ কৰি মাটিত পুতি থোৱা অৱস্থাত পোৱা গৈছে। নৰবলা প্ৰথা অনুসৰি, দম্পত্তিটোৱে ধন-জন লাভৰ বাবেই মহিলা দুগৰাকীক হত্যা কৰা বুলি অনুমান কৰা হৈছে।

দম্পত্তিহালক ভগৱাল সিং আৰু লীলা সিং নামেৰে জনা গৈছে। তেওঁলোকৰ লগতে নৰবলি কাণ্ডটোত সহায়কাৰী হিচাপে ছিহাব নামৰ এগৰাকী লোককো আটক কৰা হৈছে।

আৰক্ষীয়ে জনাইছে যে অনুসন্ধান কাৰ্য বৰ্তমান ক্ষীপ্ৰ গতিত চলি আছে আৰু আগলৈ অধিক তথ্য লাভ কৰা যাব। ইতিমধ্যে অভিযুক্ত দম্পত্তিহালৰ স্বীকাৰোক্তি লোৱা হৈছে।

ঘটনাটো সংক্ৰান্তত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নৰবলি কাণ্ডটোক তেওঁ গৰিহণা দি কৈছে যে এনেধৰণৰ পৰম্পৰা মানৱ সভ্যতাৰ বাবে ভাবুকীস্বৰূপ। কেৱল অসুস্থ মানসিকতাৰ লোকেহে এনেধৰণৰ কাম কৰিব পাৰে। লগতে দোষীৰ ওপৰত পূৰ্ণ পৰ্যায়ৰ ন্যায়িক ব্যৱস্থা লোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীজনে জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক