--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভয়ংকৰ সংঘৰ্ষত   পুনৰ কঁপি উঠিছে কাশ্মীৰ। জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী নিহত হৈছে। শুক্ৰবাৰে সুৰক্ষা বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ তুমুল সংঘৰ্ষত হয় । নিহত  সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে সেনা বিষয়া আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যা কৰাৰ অভিযোগ আছিল।  

 জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাৰ চোটিগাম গাঁৱত  সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে অভিযান আৰম্ভ কৰে।  সেই অনুসৰি সেনাই শুক্ৰবাৰে পুৱা অঞ্চলটো ঘেৰি ধৰি তালাচী  চলাবলৈ আৰম্ভ কৰে। সন্ত্ৰাসবাদীয়ে জোৱানসকলৰ ওপৰত নিৰ্বিচারে গুলীবৰ্ষণ আৰম্ভ কৰাৰ পিছতে সেনায়ো গুলীবৰ্ষণ কৰে।  ফলত সন্ত্ৰাসবাদীজন  নিহত হয়।  সেনাই ঘটনাস্থলীৰ পৰা জেহাদীজনৰ মৃতদেহ উদ্ধাৰ কৰিছে।

নিহত সন্ত্ৰাসবাদীজনৰ নাম বিলাল আহমেদ ভাট বুলি  এজন আৰক্ষী বিষয়াই জনাইছে। তেওঁ নিষিদ্ধ সন্ত্ৰাসবাদী  সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য। বিলালৰ বিৰুদ্ধে বিভিন্ন আক্ৰমণৰ  ঘটনাত জড়িত থকাৰ অভিযোগ আছে। তেওঁৰ বিৰুদ্ধে স্থানীয় সেনা বিষয়া উমেৰ ফৈয়াজ আৰু দুজন প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যা কৰাৰ অভিযোগ আছে। বিলাল শ্বপিয়ানৰ চোটিগাম গাঁৱত কাশ্মীৰী পণ্ডিত সুনীল কুমাৰ ভাটৰ হত্যাতো জড়িত আছিল। তেওঁ যুৱকসকলক সন্ত্ৰাসবাদী  সংগঠনত যোগদান কৰিবলৈ প্ৰৰোচিত কৰিছিল। ঘটনাস্থলীৰ পৰা অস্ত্ৰ, গোলাবাৰুদ, এ কে চিৰিজৰ ৰাইফল আৰু তিনিটা মেগজিন উদ্ধাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক