--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভয়ংকৰ সংঘৰ্ষত   পুনৰ কঁপি উঠিছে কাশ্মীৰ। জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী নিহত হৈছে। শুক্ৰবাৰে সুৰক্ষা বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ তুমুল সংঘৰ্ষত হয় । নিহত  সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে সেনা বিষয়া আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যা কৰাৰ অভিযোগ আছিল।  

 জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাৰ চোটিগাম গাঁৱত  সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে অভিযান আৰম্ভ কৰে।  সেই অনুসৰি সেনাই শুক্ৰবাৰে পুৱা অঞ্চলটো ঘেৰি ধৰি তালাচী  চলাবলৈ আৰম্ভ কৰে। সন্ত্ৰাসবাদীয়ে জোৱানসকলৰ ওপৰত নিৰ্বিচারে গুলীবৰ্ষণ আৰম্ভ কৰাৰ পিছতে সেনায়ো গুলীবৰ্ষণ কৰে।  ফলত সন্ত্ৰাসবাদীজন  নিহত হয়।  সেনাই ঘটনাস্থলীৰ পৰা জেহাদীজনৰ মৃতদেহ উদ্ধাৰ কৰিছে।

নিহত সন্ত্ৰাসবাদীজনৰ নাম বিলাল আহমেদ ভাট বুলি  এজন আৰক্ষী বিষয়াই জনাইছে। তেওঁ নিষিদ্ধ সন্ত্ৰাসবাদী  সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য। বিলালৰ বিৰুদ্ধে বিভিন্ন আক্ৰমণৰ  ঘটনাত জড়িত থকাৰ অভিযোগ আছে। তেওঁৰ বিৰুদ্ধে স্থানীয় সেনা বিষয়া উমেৰ ফৈয়াজ আৰু দুজন প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যা কৰাৰ অভিযোগ আছে। বিলাল শ্বপিয়ানৰ চোটিগাম গাঁৱত কাশ্মীৰী পণ্ডিত সুনীল কুমাৰ ভাটৰ হত্যাতো জড়িত আছিল। তেওঁ যুৱকসকলক সন্ত্ৰাসবাদী  সংগঠনত যোগদান কৰিবলৈ প্ৰৰোচিত কৰিছিল। ঘটনাস্থলীৰ পৰা অস্ত্ৰ, গোলাবাৰুদ, এ কে চিৰিজৰ ৰাইফল আৰু তিনিটা মেগজিন উদ্ধাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু