--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পূৰ্বে জঁট লাগিছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত৷ ২০২৪ত বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজাৰ সংকল্পৰে গঠিত বিৰোধীৰ ‘ইণ্ডিয়া’ মৰ্চাত লোকসভাৰ ৰণৰ পূৰ্বেই সৃষ্টি হৈছে অঁৰিয়াঅৰি। 

শেহতীয়াভাৱে সমাগত লোকসভা নিৰ্বাচনৰ আসন ভাগ-বটোৱাৰক লৈ বিবাদ সৃষ্টি হৈছে ‘ইণ্ডিয়া’ মৰ্চাৰ দুই অন্যতম ঘটক দল কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত। বৃহস্পতিবাৰে পশ্চিমবংগৰ মুৰ্চিদাবাদত তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অধীৰৰঞ্জন চৌধুৰীয়ে। 

কংগ্ৰেছ নেতাগৰাকীৰ মতে লোকসভাৰ নিৰ্বাচনক লৈ ইণ্ডিয়াৰ অন্যতম অংশীদাৰী দল তৃণমূল কংগ্ৰেছে আসন ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নাই সৎ পন্থা। তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্তুষ্ট কৰাৰ ক্ষেত্ৰতহে ব্ৰতী হৈছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী৷

কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যৰ পাছতে এতিয়া বিবাদ আৰম্ভ হৈছে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত। যি বিবাদৰ সূত্ৰপাত ঘটিছিল অধীৰৰঞ্জনৰ এনে মন্তব্যৰ এদিন পূৰ্বে। দৰাচলতে শেহতীয়াভাৱে পোহৰলৈ অহা তথ্য অনুসৰি পশ্চিমবংগত কংগ্ৰেছক মাত্ৰ দুখন আসনহে এৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে মমতা বেনাৰ্জীয়ে। যাক লৈ ক্ষুণ্ণ অধীৰ ৰঞ্জনে মমতা বেনাৰ্জীৰ ওপৰত ভৰসা কৰিব পৰা নাযায় বুলি প্ৰকাশ কৰিছে মন্তব্য। 

দৰাচলতে ২০১৯ত পশ্চিমবংগত লোকসভা নিৰ্বাচনত ৪২খন আসনৰ ভিতৰত তৃণমূল কংগ্ৰেছে ২২খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ২খন আসন। যাৰ বাবে মমতাই পুনৰ কংগ্ৰেছক এই দুখন আসন এৰি দিয়াৰ বাবেই গ্ৰহণ কৰিছে সিদ্ধান্ত। 

এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উঠিছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে বিবাদৰ ফলত ভংগ হ’ব নেকি ‘ইণ্ডিয়া’ মৰ্চা? আসন ভাগ-বটোৱাৰাই কাল হ’ব নেকি বিৰোধী মৰ্চা ‘ইণ্ডিয়া’ৰ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু