--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পূৰ্বে জঁট লাগিছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত৷ ২০২৪ত বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজাৰ সংকল্পৰে গঠিত বিৰোধীৰ ‘ইণ্ডিয়া’ মৰ্চাত লোকসভাৰ ৰণৰ পূৰ্বেই সৃষ্টি হৈছে অঁৰিয়াঅৰি। 

শেহতীয়াভাৱে সমাগত লোকসভা নিৰ্বাচনৰ আসন ভাগ-বটোৱাৰক লৈ বিবাদ সৃষ্টি হৈছে ‘ইণ্ডিয়া’ মৰ্চাৰ দুই অন্যতম ঘটক দল কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত। বৃহস্পতিবাৰে পশ্চিমবংগৰ মুৰ্চিদাবাদত তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অধীৰৰঞ্জন চৌধুৰীয়ে। 

কংগ্ৰেছ নেতাগৰাকীৰ মতে লোকসভাৰ নিৰ্বাচনক লৈ ইণ্ডিয়াৰ অন্যতম অংশীদাৰী দল তৃণমূল কংগ্ৰেছে আসন ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নাই সৎ পন্থা। তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্তুষ্ট কৰাৰ ক্ষেত্ৰতহে ব্ৰতী হৈছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী৷

কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যৰ পাছতে এতিয়া বিবাদ আৰম্ভ হৈছে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত। যি বিবাদৰ সূত্ৰপাত ঘটিছিল অধীৰৰঞ্জনৰ এনে মন্তব্যৰ এদিন পূৰ্বে। দৰাচলতে শেহতীয়াভাৱে পোহৰলৈ অহা তথ্য অনুসৰি পশ্চিমবংগত কংগ্ৰেছক মাত্ৰ দুখন আসনহে এৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে মমতা বেনাৰ্জীয়ে। যাক লৈ ক্ষুণ্ণ অধীৰ ৰঞ্জনে মমতা বেনাৰ্জীৰ ওপৰত ভৰসা কৰিব পৰা নাযায় বুলি প্ৰকাশ কৰিছে মন্তব্য। 

দৰাচলতে ২০১৯ত পশ্চিমবংগত লোকসভা নিৰ্বাচনত ৪২খন আসনৰ ভিতৰত তৃণমূল কংগ্ৰেছে ২২খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ২খন আসন। যাৰ বাবে মমতাই পুনৰ কংগ্ৰেছক এই দুখন আসন এৰি দিয়াৰ বাবেই গ্ৰহণ কৰিছে সিদ্ধান্ত। 

এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উঠিছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে বিবাদৰ ফলত ভংগ হ’ব নেকি ‘ইণ্ডিয়া’ মৰ্চা? আসন ভাগ-বটোৱাৰাই কাল হ’ব নেকি বিৰোধী মৰ্চা ‘ইণ্ডিয়া’ৰ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক