--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই শ্ৰীনগৰৰ ডাউনটাউন অঞ্চলত পুনৰ নিৰ্মাণ কৰি উলিওৱা পুৰণি হাব্বা কাদাল দলং উদ্বোধন কৰে। তেওঁ ঝিলাম ৰিভাৰফ্ৰণ্ট ফেজ-২ৰ আধাৰশিলাও স্থাপন কৰে। এয়া কাশ্মীৰৰ পৰ্যটনৰ প্ৰচাৰৰ বাবে এক বিশেষ পদক্ষেপ হিচাবে পৰিগণিত হৈছে৷ বিশেষকৈ ডাউন টাউনৰ দৰে ঐতিহ্যবাহী স্থানত এনে পৰ্যটনক্ষেত্ৰৰ নিৰ্মাণে সেই ঠাইলৈ বহু পৰ্যটকক আকৰ্ষণ কৰিব বুলি ধাৰণা কৰা হৈছে৷ 

উল্লেখ্য সেই ঠাইত কিছু বছৰৰ আগলৈকে বন্দুকৰ শব্দত ৰাতি পুৱাইছিল৷ এসময়ত সেই ঠাইডোখৰ  বিচ্ছিন্নতাবাদীৰ ঘাটি আছিল৷ নিৰাপত্তাবাহিনীলৈ  শিল-নিক্ষেপৰ ঘটনাৰ  কেন্দ্ৰবিন্দু আছিল ডাউন টাউন এলেকা। কিন্তু এতিয়া তাত সন্ত্ৰাসবাদ নাই৷ চৌপাশে শান্তি বিৰাজ কৰা ডাউন টাউনত সেয়ে বিকশিত হৈছে পৰ্যটনৰ ন ন ক্ষেত্ৰ৷ কাশ্মীৰৰ  চৰকাৰে শ্ৰীনগৰ চহৰৰ ঐতিহ্যভৱন আৰু অন্যান্য পৰ্যটকৰ আকৰ্ষণৰ স্থানসমূহ  পুনৰুজ্জীৱিত কৰি আছে ৷ সেই স্থানসমূহত  যুৱসকলৰ বাবে নিযুক্তিৰো সুযোগ সৃষ্টি হৈছে। 

বিশেষকৈ জম্মু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ) আৰু আল-উমাৰ সন্ত্ৰাসবাদী সংগঠন দুটাই  হাব্বা কাদাল এলেকাক অশান্ত কৰি ৰাখিছিল৷  ব্যৱসায়ী সতীশ তিকুক ১৯৯০ চনৰ ২ ফেব্ৰুৱাৰীত জেকেএলএফৰ সন্ত্ৰাসবাদী বিট্টা কাৰাটেই  শ্ৰীনগৰৰ হাব্বা কাদাল অঞ্চলৰ কাৰফালি অঞ্চলত থকা তেওঁৰ বাসগৃহৰ বাহিৰত গুলীয়াই হত্যা কৰিছিল৷ 

আন বহু কেইজন লোককো সেই এলেকাত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল৷ কিন্তু এতিয়া সেই ঠাইত সন্ত্ৰাসবাদৰ কোনো চিন-মোকাম নাই৷ কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে উপত্যকাটোলৈ এতিয়া শান্তি ঘূৰি আহিছে৷ ফলত সন্ত্ৰাসবাদৰ ঘাটি সেই এলেকা এতিয়া পৰ্যটকৰ বাবে হৈ পৰিছে ছেলফি পইণ্ট৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক