--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই শ্ৰীনগৰৰ ডাউনটাউন অঞ্চলত পুনৰ নিৰ্মাণ কৰি উলিওৱা পুৰণি হাব্বা কাদাল দলং উদ্বোধন কৰে। তেওঁ ঝিলাম ৰিভাৰফ্ৰণ্ট ফেজ-২ৰ আধাৰশিলাও স্থাপন কৰে। এয়া কাশ্মীৰৰ পৰ্যটনৰ প্ৰচাৰৰ বাবে এক বিশেষ পদক্ষেপ হিচাবে পৰিগণিত হৈছে৷ বিশেষকৈ ডাউন টাউনৰ দৰে ঐতিহ্যবাহী স্থানত এনে পৰ্যটনক্ষেত্ৰৰ নিৰ্মাণে সেই ঠাইলৈ বহু পৰ্যটকক আকৰ্ষণ কৰিব বুলি ধাৰণা কৰা হৈছে৷ 

উল্লেখ্য সেই ঠাইত কিছু বছৰৰ আগলৈকে বন্দুকৰ শব্দত ৰাতি পুৱাইছিল৷ এসময়ত সেই ঠাইডোখৰ  বিচ্ছিন্নতাবাদীৰ ঘাটি আছিল৷ নিৰাপত্তাবাহিনীলৈ  শিল-নিক্ষেপৰ ঘটনাৰ  কেন্দ্ৰবিন্দু আছিল ডাউন টাউন এলেকা। কিন্তু এতিয়া তাত সন্ত্ৰাসবাদ নাই৷ চৌপাশে শান্তি বিৰাজ কৰা ডাউন টাউনত সেয়ে বিকশিত হৈছে পৰ্যটনৰ ন ন ক্ষেত্ৰ৷ কাশ্মীৰৰ  চৰকাৰে শ্ৰীনগৰ চহৰৰ ঐতিহ্যভৱন আৰু অন্যান্য পৰ্যটকৰ আকৰ্ষণৰ স্থানসমূহ  পুনৰুজ্জীৱিত কৰি আছে ৷ সেই স্থানসমূহত  যুৱসকলৰ বাবে নিযুক্তিৰো সুযোগ সৃষ্টি হৈছে। 

বিশেষকৈ জম্মু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ) আৰু আল-উমাৰ সন্ত্ৰাসবাদী সংগঠন দুটাই  হাব্বা কাদাল এলেকাক অশান্ত কৰি ৰাখিছিল৷  ব্যৱসায়ী সতীশ তিকুক ১৯৯০ চনৰ ২ ফেব্ৰুৱাৰীত জেকেএলএফৰ সন্ত্ৰাসবাদী বিট্টা কাৰাটেই  শ্ৰীনগৰৰ হাব্বা কাদাল অঞ্চলৰ কাৰফালি অঞ্চলত থকা তেওঁৰ বাসগৃহৰ বাহিৰত গুলীয়াই হত্যা কৰিছিল৷ 

আন বহু কেইজন লোককো সেই এলেকাত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল৷ কিন্তু এতিয়া সেই ঠাইত সন্ত্ৰাসবাদৰ কোনো চিন-মোকাম নাই৷ কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে উপত্যকাটোলৈ এতিয়া শান্তি ঘূৰি আহিছে৷ ফলত সন্ত্ৰাসবাদৰ ঘাটি সেই এলেকা এতিয়া পৰ্যটকৰ বাবে হৈ পৰিছে ছেলফি পইণ্ট৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু