--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত লোকসভাত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ হেৰুওৱা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক যিমান সোনকালে পাৰি চৰকাৰী আবাস খালী কৰিবলৈ পুনৰ জাননী জাৰি কৰিছে লোকসভাৰ সম্পত্তি সঞ্চালকালয়ে । লোকসভাৰ সম্পত্তি সঞ্চালকালয়ে বহিষ্কৃত টিএমচি সাংসদ মহুৱাক ইয়াৰ পূৰ্বেও চৰকাৰী আবাস খালী কৰিবলৈ  জাননী জাৰি কৰিছিল। জানিব পৰা মতে শেহতীয়া জাননীখনত এইবুলি  কোৱা হৈছে যে প্ৰয়োজন হ'লে বাংলোটো খালী কৰিবলৈ বল প্ৰয়োগ কৰা হ'ব পাৰে। 

উল্লেখ্য মহুৱাই তেওঁৰ চৰকাৰী আবাস খালী কৰিবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে, দিল্লী উচ্চ ন্যায়ালয়ে গোচৰটো সন্দৰ্ভত  কোনো ৰায় দিয়া নাছিল। একে সময়তে, উচ্চ ন্যায়ালয়ে আবেদন খন  প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ পিছতে লোকসভাৰ  সম্পত্তি সঞ্চালকালয়ে  মৈত্ৰক  জাননী জাৰি কৰি বাংলোটো কিয় খালী কৰা হোৱা নাই সেয়া জানিবলৈ বিচাৰিছিল। 

উল্লেখ্য চলিত বৰ্ষৰ  ৭ জানুৱাৰীৰ ভিতৰত মহুৱাক  চৰকাৰী ঘৰ এৰিবলৈ কোৱা হৈছিল।  ইয়াৰ পিছতে  মহুৱা  মৈত্ৰই তেওঁক চৰকাৰী বাসভৱনৰ পৰা উৎখাত কৰাৰ পদক্ষেপৰ বিৰুদ্ধে আদালতলৈ গৈছিল। কিন্তু আদালতেও তেওঁক এই বিষয়ত সকাহ দিয়া নাছিল।  

শেহতীয়াকৈ লোকসভাৰ পৰা বহিষ্কৃত হোৱা তৃণমূল কংগ্ৰেছৰ নেতা মহুৱা  মৈত্ৰই সোমবাৰে লোকসভাৰ সম্পত্তি সঞ্চালকালয়ৰ ১১ ডিচেম্বৰত মহুৱাক প্ৰথমবাৰৰ বাবে ঘৰ খালী কৰাৰ নিৰ্দেশ দিছিল।  মহুৱাই   ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱালৈকে ক বাসস্থানৰ অধিকাৰ বজাই ৰাখিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছিল।

লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল। মন কৰিকৰিব লগীয়া যে মহুৱাক বিশেষ কোটাৰ অধীনত এটা এমপি বাংলো দিয়া হৈছিল। 

কিন্তু  সাংসদ হিচাপে অযোগ্য হোৱাৰ পিছত তৃণমূল (টিএমচি) নেত্ৰীগৰাকীয়ে  বাংলোটো খালী কৰিবলগীয়া  হ'ব ।উল্লেখ্য  অলপতে মহুৱাৰ লোকসভাৰ সাংসদ পদ কৰ্তন  কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু