--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত লোকসভাত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ হেৰুওৱা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক যিমান সোনকালে পাৰি চৰকাৰী আবাস খালী কৰিবলৈ পুনৰ জাননী জাৰি কৰিছে লোকসভাৰ সম্পত্তি সঞ্চালকালয়ে । লোকসভাৰ সম্পত্তি সঞ্চালকালয়ে বহিষ্কৃত টিএমচি সাংসদ মহুৱাক ইয়াৰ পূৰ্বেও চৰকাৰী আবাস খালী কৰিবলৈ  জাননী জাৰি কৰিছিল। জানিব পৰা মতে শেহতীয়া জাননীখনত এইবুলি  কোৱা হৈছে যে প্ৰয়োজন হ'লে বাংলোটো খালী কৰিবলৈ বল প্ৰয়োগ কৰা হ'ব পাৰে। 

উল্লেখ্য মহুৱাই তেওঁৰ চৰকাৰী আবাস খালী কৰিবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে, দিল্লী উচ্চ ন্যায়ালয়ে গোচৰটো সন্দৰ্ভত  কোনো ৰায় দিয়া নাছিল। একে সময়তে, উচ্চ ন্যায়ালয়ে আবেদন খন  প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ পিছতে লোকসভাৰ  সম্পত্তি সঞ্চালকালয়ে  মৈত্ৰক  জাননী জাৰি কৰি বাংলোটো কিয় খালী কৰা হোৱা নাই সেয়া জানিবলৈ বিচাৰিছিল। 

উল্লেখ্য চলিত বৰ্ষৰ  ৭ জানুৱাৰীৰ ভিতৰত মহুৱাক  চৰকাৰী ঘৰ এৰিবলৈ কোৱা হৈছিল।  ইয়াৰ পিছতে  মহুৱা  মৈত্ৰই তেওঁক চৰকাৰী বাসভৱনৰ পৰা উৎখাত কৰাৰ পদক্ষেপৰ বিৰুদ্ধে আদালতলৈ গৈছিল। কিন্তু আদালতেও তেওঁক এই বিষয়ত সকাহ দিয়া নাছিল।  

শেহতীয়াকৈ লোকসভাৰ পৰা বহিষ্কৃত হোৱা তৃণমূল কংগ্ৰেছৰ নেতা মহুৱা  মৈত্ৰই সোমবাৰে লোকসভাৰ সম্পত্তি সঞ্চালকালয়ৰ ১১ ডিচেম্বৰত মহুৱাক প্ৰথমবাৰৰ বাবে ঘৰ খালী কৰাৰ নিৰ্দেশ দিছিল।  মহুৱাই   ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱালৈকে ক বাসস্থানৰ অধিকাৰ বজাই ৰাখিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছিল।

লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল। মন কৰিকৰিব লগীয়া যে মহুৱাক বিশেষ কোটাৰ অধীনত এটা এমপি বাংলো দিয়া হৈছিল। 

কিন্তু  সাংসদ হিচাপে অযোগ্য হোৱাৰ পিছত তৃণমূল (টিএমচি) নেত্ৰীগৰাকীয়ে  বাংলোটো খালী কৰিবলগীয়া  হ'ব ।উল্লেখ্য  অলপতে মহুৱাৰ লোকসভাৰ সাংসদ পদ কৰ্তন  কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক