--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ ৰ পৰা ২৪ মে'লৈ কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰে চীনে। কাশ্মীৰত জি-২০ সন্মিলন অনুষ্ঠিত কৰিবলৈ ভাৰতে গ্ৰহণ কৰা সিদ্ধান্তৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছে পাকিস্তানেও। ইয়াৰ মাজতে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই কৈছে, "চীনে বিতৰ্কিত স্থানত জি-২০ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে।" কোনো চীনা প্ৰতিনিধিয়ে বৈঠকত অংশগ্ৰহণ নকৰে বুলিও চীন চৰকাৰৰ মুখপাত্ৰগৰাকীয়ে স্পষ্ট কৰি দিছে। 

চীনে পূৰ্বে  কৈছিল যে তেওঁলোকে "বিতৰ্কিত" কাশ্মীৰত জি-২০ সন্মিলন অনুষ্ঠিত কৰিলে তাত  অংশগ্ৰহণ নকৰে। তুৰ্কীয়েও কাশ্মীৰত জি-২০ সন্মিলনকলৈ আপত্তি দৰ্শাইছে। এইবাৰ ভাৰতে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত  কৰিছে। ভাৰতৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে দেশৰ চৰকাৰে  তেওঁলোকৰ নিজৰ ভূখণ্ডত সভা ক'ত অনুষ্ঠিত কৰিব সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে।  নতুন দিল্লীয়ে এইটোও স্পষ্ট কৰি দিছে যে এই ক্ষেত্ৰত আন কোনো দেশৰ  "পৰামৰ্শ" গ্ৰহণ কৰা নহ'ব। একে সময়তে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে চীনলৈ এক বাৰ্তা প্ৰেৰণ কৰি কয় যে দুয়োখন দেশৰ মাজত স্বাভাৱিক সম্পৰ্কৰ পুনৰ ঘূৰাই অনাৰ বাবে সীমান্তত শান্তি আৰু স্থিৰতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে এক সংবাদমেলত কয়, "চীনে ভাৰতৰ ফালৰ পৰা এখন বিতৰ্কিত স্থানত জি-২০ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে।" উল্লেখ্য চলিত বৰ্ষত কাশ্মীৰত জি-২০ দেশসমূহৰ পৰ্যটনৰ বিষয়ত বৈঠক অনুষ্ঠিত হ'ব। ২২ ৰ পৰা ২৪ মে'লৈ উপত্যকাটোত অনুষ্ঠিতহ’বলগীয়া  বৈঠকত বিভিন্ন দেশৰ প্ৰায় ৬০ জন প্ৰতিনিধি উপস্থিত থাকিব।  । বৈঠকৰ বাবে জম্মু আৰু কাশ্মীৰক কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।বৈঠকখন দাল হ্ৰদৰ কাষৰ শ্বেৰ-ই-কাশ্মীৰ  কেন্দ্ৰত অনুষ্ঠিত হ'ব।

নতুন দিল্লীয়ে চীনৰ স্থিতিৰ আঁৰত  পাকিস্তানৰ হাত থকা বুলি অভিযোগ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে  বিশ্বাস কৰে যে ইছলামাবাদে কাশ্মীৰ উপত্যকাকলৈ বাৰে বাৰে নিজৰ আপত্তি দৰ্শাই আহিছে। বেইজিঙৰ ভূমিকাই ভাৰতক সেয়ে সন্দিহান কৰি তুলিছে।  ভাৰতে স্পষ্ট কৰি দিছে যে জি-২০ বৈঠকৰ আয়োজক দেশ হিচাপে নতুন দিল্লীয়ে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিকোনো স্থানতে  বৈঠকৰ আয়োজন কৰিব পাৰে।  কাশ্মীৰো ইয়াৰ ব্যতিক্ৰম নহয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ