--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ ৰ পৰা ২৪ মে'লৈ কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰে চীনে। কাশ্মীৰত জি-২০ সন্মিলন অনুষ্ঠিত কৰিবলৈ ভাৰতে গ্ৰহণ কৰা সিদ্ধান্তৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছে পাকিস্তানেও। ইয়াৰ মাজতে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই কৈছে, "চীনে বিতৰ্কিত স্থানত জি-২০ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে।" কোনো চীনা প্ৰতিনিধিয়ে বৈঠকত অংশগ্ৰহণ নকৰে বুলিও চীন চৰকাৰৰ মুখপাত্ৰগৰাকীয়ে স্পষ্ট কৰি দিছে। 

চীনে পূৰ্বে  কৈছিল যে তেওঁলোকে "বিতৰ্কিত" কাশ্মীৰত জি-২০ সন্মিলন অনুষ্ঠিত কৰিলে তাত  অংশগ্ৰহণ নকৰে। তুৰ্কীয়েও কাশ্মীৰত জি-২০ সন্মিলনকলৈ আপত্তি দৰ্শাইছে। এইবাৰ ভাৰতে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত  কৰিছে। ভাৰতৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে দেশৰ চৰকাৰে  তেওঁলোকৰ নিজৰ ভূখণ্ডত সভা ক'ত অনুষ্ঠিত কৰিব সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে।  নতুন দিল্লীয়ে এইটোও স্পষ্ট কৰি দিছে যে এই ক্ষেত্ৰত আন কোনো দেশৰ  "পৰামৰ্শ" গ্ৰহণ কৰা নহ'ব। একে সময়তে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে চীনলৈ এক বাৰ্তা প্ৰেৰণ কৰি কয় যে দুয়োখন দেশৰ মাজত স্বাভাৱিক সম্পৰ্কৰ পুনৰ ঘূৰাই অনাৰ বাবে সীমান্তত শান্তি আৰু স্থিৰতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে এক সংবাদমেলত কয়, "চীনে ভাৰতৰ ফালৰ পৰা এখন বিতৰ্কিত স্থানত জি-২০ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে।" উল্লেখ্য চলিত বৰ্ষত কাশ্মীৰত জি-২০ দেশসমূহৰ পৰ্যটনৰ বিষয়ত বৈঠক অনুষ্ঠিত হ'ব। ২২ ৰ পৰা ২৪ মে'লৈ উপত্যকাটোত অনুষ্ঠিতহ’বলগীয়া  বৈঠকত বিভিন্ন দেশৰ প্ৰায় ৬০ জন প্ৰতিনিধি উপস্থিত থাকিব।  । বৈঠকৰ বাবে জম্মু আৰু কাশ্মীৰক কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।বৈঠকখন দাল হ্ৰদৰ কাষৰ শ্বেৰ-ই-কাশ্মীৰ  কেন্দ্ৰত অনুষ্ঠিত হ'ব।

নতুন দিল্লীয়ে চীনৰ স্থিতিৰ আঁৰত  পাকিস্তানৰ হাত থকা বুলি অভিযোগ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে  বিশ্বাস কৰে যে ইছলামাবাদে কাশ্মীৰ উপত্যকাকলৈ বাৰে বাৰে নিজৰ আপত্তি দৰ্শাই আহিছে। বেইজিঙৰ ভূমিকাই ভাৰতক সেয়ে সন্দিহান কৰি তুলিছে।  ভাৰতে স্পষ্ট কৰি দিছে যে জি-২০ বৈঠকৰ আয়োজক দেশ হিচাপে নতুন দিল্লীয়ে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিকোনো স্থানতে  বৈঠকৰ আয়োজন কৰিব পাৰে।  কাশ্মীৰো ইয়াৰ ব্যতিক্ৰম নহয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস