--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে  দ্বিতীয়টো 'বিমুদ্ৰাকৰণ'ৰ কথা ঘোষণা কৰিছে ৷ সেইমৰ্মে বজাৰৰ পৰা সম্পূৰ্ণৰূপে প্ৰচলন বন্ধ কৰা ২,০০০ টকীয়া নোটৰ৷ এনে সময়তে পুনৰ ভাৰতীয় নোট সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি ওলাই আছে। 

সময়ে সময়ে ওলোৱাৰ দৰেই দ্বিতীয় 'বিমুদ্ৰাকৰণ'ৰ কথা ঘোষণা হোৱাৰ পিছতে ৫০০ টকীয়া নোটকলৈ পুনৰ এক চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ বিয়পি পৰা খবৰ অনুসৰি বজাৰত দুই ধৰণৰ ৫০০ টকীয়া নোট আছে৷ ইয়াৰে এখন প্ৰকৃত আৰু আন খন জাল বুলিও বহুতে প্ৰচাৰ চলাইছে৷ বিয়পি পৰা খবৰ অনুসৰি দুয়োখন  নোটৰ মাজত খুব কম পাৰ্থক্য আছে। এই দুই প্ৰকাৰৰ নোটৰ এখনক ভুৱা বুলি কোৱা হৈছে। এইবিষয়ক এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ 

ভিডিঅ'টোত কি কোৱা হৈছিল?

ভিডিঅ'টোত কোৱা হৈছিল যে যিবোৰ ৫০০ টকীয়া নোটত  সেউজীয়া পটিটো আৰবিআই গভৰ্ণৰৰ স্বাক্ষৰৰ মাজেৰে পাৰ হয় বা গান্ধীজীৰ ছবিৰ অতি ওচৰত থাকে সেই নোটবোৰ জাল নোট।কিন্তু জনসাধাৰণৰ বহুতৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাত  পি.আই.বি.-য়ে এই ভিডিঅ'টোৰ  তথ্য পৰীক্ষা কৰিছে আৰু ইয়াৰপিছতে  প্ৰকৃত সত্যটো  পোহৰলৈ  আহিছে।মূল ভিডিঅ'টোৰ তথ্য পৰীক্ষা কৰাৰ  পিছত  ভিডিঅ'টো সম্পূৰ্ণৰূপে ভুৱা বুলি জানিব পৰা গৈছে। 

তথ্য পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে বজাৰত চলি থকা দুয়ো প্ৰকাৰৰ নোটেই প্ৰকৃত ৫০০ টকীয়া নোট। যদি আপোনাৰ ওচৰত দুই ধৰণৰেই  ৫০০ টকীয়া নোট আছে তথাপি আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ৰিজাৰ্ভ বেংকৰ মতেও দুয়ো প্ৰকাৰৰ ৫০০ টকীয়া নোটেই বৈধ।ইয়াৰ কোনো খনেই জাল নহয়৷

যদি আপুনি ৫০০ টকীয়া জাল নোট সম্পৰ্কীয় কোনো বাৰ্তা পায়, তেন্তে একেবাৰে চিন্তা নকৰিব। এনে ভুৱা বাৰ্তা কাৰো সৈতে ভাগ বতৰাও নকৰিব। ইয়াৰ বাহিৰেও আপুনি যিকোনো বাতৰিৰ তথ্য পৰীক্ষাও কৰিব পাৰে। ইয়াৰ বাবে আপুনি পিআইবিৰ অফিচিয়েল লিংক https://factcheck.pib.gov.in/ দৰ্শন কৰিব পাৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস