--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে  দ্বিতীয়টো 'বিমুদ্ৰাকৰণ'ৰ কথা ঘোষণা কৰিছে ৷ সেইমৰ্মে বজাৰৰ পৰা সম্পূৰ্ণৰূপে প্ৰচলন বন্ধ কৰা ২,০০০ টকীয়া নোটৰ৷ এনে সময়তে পুনৰ ভাৰতীয় নোট সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি ওলাই আছে। 

সময়ে সময়ে ওলোৱাৰ দৰেই দ্বিতীয় 'বিমুদ্ৰাকৰণ'ৰ কথা ঘোষণা হোৱাৰ পিছতে ৫০০ টকীয়া নোটকলৈ পুনৰ এক চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ বিয়পি পৰা খবৰ অনুসৰি বজাৰত দুই ধৰণৰ ৫০০ টকীয়া নোট আছে৷ ইয়াৰে এখন প্ৰকৃত আৰু আন খন জাল বুলিও বহুতে প্ৰচাৰ চলাইছে৷ বিয়পি পৰা খবৰ অনুসৰি দুয়োখন  নোটৰ মাজত খুব কম পাৰ্থক্য আছে। এই দুই প্ৰকাৰৰ নোটৰ এখনক ভুৱা বুলি কোৱা হৈছে। এইবিষয়ক এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ 

ভিডিঅ'টোত কি কোৱা হৈছিল?

ভিডিঅ'টোত কোৱা হৈছিল যে যিবোৰ ৫০০ টকীয়া নোটত  সেউজীয়া পটিটো আৰবিআই গভৰ্ণৰৰ স্বাক্ষৰৰ মাজেৰে পাৰ হয় বা গান্ধীজীৰ ছবিৰ অতি ওচৰত থাকে সেই নোটবোৰ জাল নোট।কিন্তু জনসাধাৰণৰ বহুতৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাত  পি.আই.বি.-য়ে এই ভিডিঅ'টোৰ  তথ্য পৰীক্ষা কৰিছে আৰু ইয়াৰপিছতে  প্ৰকৃত সত্যটো  পোহৰলৈ  আহিছে।মূল ভিডিঅ'টোৰ তথ্য পৰীক্ষা কৰাৰ  পিছত  ভিডিঅ'টো সম্পূৰ্ণৰূপে ভুৱা বুলি জানিব পৰা গৈছে। 

তথ্য পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে বজাৰত চলি থকা দুয়ো প্ৰকাৰৰ নোটেই প্ৰকৃত ৫০০ টকীয়া নোট। যদি আপোনাৰ ওচৰত দুই ধৰণৰেই  ৫০০ টকীয়া নোট আছে তথাপি আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ৰিজাৰ্ভ বেংকৰ মতেও দুয়ো প্ৰকাৰৰ ৫০০ টকীয়া নোটেই বৈধ।ইয়াৰ কোনো খনেই জাল নহয়৷

যদি আপুনি ৫০০ টকীয়া জাল নোট সম্পৰ্কীয় কোনো বাৰ্তা পায়, তেন্তে একেবাৰে চিন্তা নকৰিব। এনে ভুৱা বাৰ্তা কাৰো সৈতে ভাগ বতৰাও নকৰিব। ইয়াৰ বাহিৰেও আপুনি যিকোনো বাতৰিৰ তথ্য পৰীক্ষাও কৰিব পাৰে। ইয়াৰ বাবে আপুনি পিআইবিৰ অফিচিয়েল লিংক https://factcheck.pib.gov.in/ দৰ্শন কৰিব পাৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ