--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ুসেনা বাহিনীৰ বাবে আজিৰ দিনটো যেন এক অভিশপ্ত দিন। বাহিনীটোত আজি দুৰ্যোগৰ পিছত দুৰ্যোগে দেখা দিয়ে। ৰাজস্থানত ভাৰতীয় বায়ু সেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগতে  মধ্য প্ৰদেশতো বাহিনীটোৰ  দুখন যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। 

ৰাজস্থানৰ ভৰতপুৰত ভাৰতীয় বায়ু সেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ অহাৰ সময়তে  মধ্য প্ৰদেশতো একে ধৰণৰ দুৰ্ঘটনা  সংঘটিত হোৱাৰ বাতৰি আহিছে। মধ্য প্ৰদেশত বায়ু সেনাৰ  দুখন যুঁজাৰু বিমান ক্ৰমে সুখয় ৩০ আৰু মিৰাজ ২০০০ দুৰ্ঘটনাত পতিত হয়। প্ৰধানমন্ত্ৰীয়ে শনিবাৰে ৰাজস্থান ভ্ৰমণ কৰাৰ কথা আছে।এনে সময়তে ভাৰতীয় বায়ু সেনাৰ এখন বিমান ৰাজ্য খনত দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাজস্থানৰ ভৰতপুৰত ভাৰতীয় বায়ু সেনাৰ বিমানখন ভাগি পৰে।  

জানিব পৰা মতে শনিবাৰে পুৱা ভৰতপুৰৰ নাগলা দিদা অঞ্চলত এখন চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । স্থানীয় প্ৰশাসনৰ দ্বাৰা উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। দুৰ্ঘটনাটো যান্ত্ৰিক ত্ৰুটিৰ বাবে হোৱা বুলি ধাৰণা কৰা হৈছে।

স্থানীয় সূত্ৰ মতে , দুৰ্ঘটনাস্থলীত পাইলটজনক বিচাৰি পোৱা যোৱা হোৱা নাই। তেওঁৰ সন্ধান উলিয়াবলৈ অভিযান  চলি আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু