--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ুসেনা বাহিনীৰ বাবে আজিৰ দিনটো যেন এক অভিশপ্ত দিন। বাহিনীটোত আজি দুৰ্যোগৰ পিছত দুৰ্যোগে দেখা দিয়ে। ৰাজস্থানত ভাৰতীয় বায়ু সেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগতে  মধ্য প্ৰদেশতো বাহিনীটোৰ  দুখন যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। 

ৰাজস্থানৰ ভৰতপুৰত ভাৰতীয় বায়ু সেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ অহাৰ সময়তে  মধ্য প্ৰদেশতো একে ধৰণৰ দুৰ্ঘটনা  সংঘটিত হোৱাৰ বাতৰি আহিছে। মধ্য প্ৰদেশত বায়ু সেনাৰ  দুখন যুঁজাৰু বিমান ক্ৰমে সুখয় ৩০ আৰু মিৰাজ ২০০০ দুৰ্ঘটনাত পতিত হয়। প্ৰধানমন্ত্ৰীয়ে শনিবাৰে ৰাজস্থান ভ্ৰমণ কৰাৰ কথা আছে।এনে সময়তে ভাৰতীয় বায়ু সেনাৰ এখন বিমান ৰাজ্য খনত দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাজস্থানৰ ভৰতপুৰত ভাৰতীয় বায়ু সেনাৰ বিমানখন ভাগি পৰে।  

জানিব পৰা মতে শনিবাৰে পুৱা ভৰতপুৰৰ নাগলা দিদা অঞ্চলত এখন চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । স্থানীয় প্ৰশাসনৰ দ্বাৰা উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। দুৰ্ঘটনাটো যান্ত্ৰিক ত্ৰুটিৰ বাবে হোৱা বুলি ধাৰণা কৰা হৈছে।

স্থানীয় সূত্ৰ মতে , দুৰ্ঘটনাস্থলীত পাইলটজনক বিচাৰি পোৱা যোৱা হোৱা নাই। তেওঁৰ সন্ধান উলিয়াবলৈ অভিযান  চলি আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক