--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কাশ্মীৰত পুনৰ নিহত হ’ল ভাকৃৰতীয় সেনাৰ জোৱান।  উপত্যকাটোত  সন্ত্ৰাসবাদীৰ  বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ সময়তে আজি পাঁচজন  সেনা জোৱান শ্বহীদ হয় । উল্লেখ্য ভাৰতীয় সেনাই শুকুৰবাৰে ৰাজৰীত সন্‌ৰাসবাদ  বিৰোধী অভিযান আৰম্ভ কৰে।

 সেই সময়তে সন্ত্ৰাসবাদীয়ে বোমা  বিস্ফোৰণ ঘটোৱাত ঘটনাস্থলীত পাঁচজন  সৈনিকৰ মৃত্যু হয়। এই ঘটনাত এজন বিষয়াসহ চাৰি জোৱান  লোক আহত হয়।  কেইদিনমান আগতে সন্ত্ৰাসবাদীয়ে  সেনাৰ এখন ট্ৰাকত  বিস্ফোৰণ ঘটাই পাঁচজন সেনা জোৱানক  হত্যা কৰিছিল। 

ইয়াৰ পিছতে আজি ভাৰতীয় সেনাই সন্ত্ৰাসবাদীসকলক নিৰ্মূল কৰিবলৈ এটা বিশেষ অভিযান আৰম্ভ কৰে। সেনাই শুকুৰবাৰে ৰাজৰীৰ কেশৰী পাহাৰ অঞ্চলত সন্ত্ৰাসবাদ  বিৰোধী অভিযান আৰম্ভ কৰে। সন্ত্ৰাসবাদীয়ে  কেশৰী পাহাৰ অঞ্চলৰ এটা গুহাত লুকাই থকাৰ তথ্য লাভ কৰাৰ পিছতে সেনাই আজি অভিযান চলাইছিল। 

অভিযানৰ সময়তে সন্‌ৰাসবাদীয়ে হঠাতে সেনাক লক্ষ্য কৰি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। সন্ত্ৰাসবাদীয়ে বোমাৰ বিস্ফোৰণ ঘটোৱাত পাঁচ জন জোৱান শ্বহীদ হয়। এই ঘটনাত আহতসকলক উধামপুৰৰ কমাণ্ড হস্পিটেলত ভৰ্তি কৰোৱা হৈছে । 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে