--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দ্য কেৰালা ষ্টৰী' ছবি খনকলৈ দেশৰ বিভিন্ন প্ৰান্ত বিতৰ্কৰ সূত্ৰপাত হৈ আছে। বহুতে ছবি খনৰ মুক্তি বন্ধ কৰিবলৈ ন্যায়ালয়ৰ দ্বাৰস্থ পৰ্যন্ত হৈছে।  এনে সময়তে যশস্বী সুৰকাৰ এ আৰ ৰহমানে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত কেৰালাৰ এটা মছজিদত এহাল হিন্দু যুৱক-যুৱতীয়ে বিবাহপাশত আবদ্ধ হোৱা দেখা গৈছে।  

প্ৰখ্যাত সংগীতজ্ঞগৰাকীয়ে ভিডিঅ’টোৰ শিৰোনাম দিছে  'আন এক কেৰালা কাহিনী' বুলি।  ভিডিঅ' শ্বেয়াৰ কৰি তেওঁ লিখিছে, "মানৱতাৰ প্ৰতি প্ৰেম চৰ্তহীন হ'ব লাগিব। ' ভিডিঅ’ ক্লিপটোত, কেৰালাৰ আলাপুঝা চহৰৰ এটা  মছজিদৰ ভিতৰত এহাল  হিন্দু যুৱক-যুৱতীয়ে বিবাহপাশত আবদ্ধ  হোৱা দেখা গৈছে।  আৰ্থিক কাৰণতে কইনাৰ মাতৃয়ে নিজ কন্যাক ধুম-ধামেৰে বিয়া  দিয়াৰ সামৰ্থ নাছিল।  সেয়ে তেওঁ মছজিদ সমিতিৰ কাষ চাপিছিল। 

অৱশেষত  মছজিদৰ ভিতৰতে বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল।'দ্য কেৰালা ষ্টৰী' ছবি খনকলৈ হৈ থকা হৈ-চৈৰ মাজতে এ আৰ ৰহমানে শ্বেয়াৰ কৰা ভিডিঅ’টোৱে ধৰ্মীয় সম্প্ৰীতিৰ কথা পুনৰবাৰ মানুহক সোঁৱৰাই দিছে বুলি বহুতে আলোচনা কৰিছে।

 উল্লেখ্য 'দ্য কেৰালা ষ্টৰী'  ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে বিতৰ্কৰ সূত্ৰপাত হৈছে।  ট্ৰেইলাৰ অনুসৰি কেৰালাৰ পৰা ৩২,০০০ মহিলা সন্ধানহীন হৈছিল, যিসকলে  পিছত আইছিছত যোগদান কৰিছিল। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সংঘ পৰিয়ালৰ বিৰুদ্ধে এনে  ছবিৰ জৰিয়তে কেৰালাৰ ধৰ্মনিৰপেক্ষ পৰিৱেশ ধ্বংস কৰাৰ চেষ্টা চলোৱাৰ  অভিযোগ উত্থাপন কৰিছে। 

কেৰালা চৰকাৰ আৰু কংগ্ৰেছেও ৰাজ্যখনত ছবিখনৰ বিৰুদ্ধে  নিষেধাজ্ঞা জাৰি কৰাৰ পোষকতা কৰিছে। কংগ্ৰেছৰ নেতা শশী থাৰুৰেও ছবিখনৰ নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰিছে। তেওঁ কৈছে  "ছবি খনত বাস্তৱতাক ভুলকৈ উপস্থাপন কৰা হৈছে। বাক স্বাধীনতাৰো অপব্যৱহাৰ কৰা হৈছে।"










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে