--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দ্য কেৰালা ষ্টৰী' ছবি খনকলৈ দেশৰ বিভিন্ন প্ৰান্ত বিতৰ্কৰ সূত্ৰপাত হৈ আছে। বহুতে ছবি খনৰ মুক্তি বন্ধ কৰিবলৈ ন্যায়ালয়ৰ দ্বাৰস্থ পৰ্যন্ত হৈছে।  এনে সময়তে যশস্বী সুৰকাৰ এ আৰ ৰহমানে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত কেৰালাৰ এটা মছজিদত এহাল হিন্দু যুৱক-যুৱতীয়ে বিবাহপাশত আবদ্ধ হোৱা দেখা গৈছে।  

প্ৰখ্যাত সংগীতজ্ঞগৰাকীয়ে ভিডিঅ’টোৰ শিৰোনাম দিছে  'আন এক কেৰালা কাহিনী' বুলি।  ভিডিঅ' শ্বেয়াৰ কৰি তেওঁ লিখিছে, "মানৱতাৰ প্ৰতি প্ৰেম চৰ্তহীন হ'ব লাগিব। ' ভিডিঅ’ ক্লিপটোত, কেৰালাৰ আলাপুঝা চহৰৰ এটা  মছজিদৰ ভিতৰত এহাল  হিন্দু যুৱক-যুৱতীয়ে বিবাহপাশত আবদ্ধ  হোৱা দেখা গৈছে।  আৰ্থিক কাৰণতে কইনাৰ মাতৃয়ে নিজ কন্যাক ধুম-ধামেৰে বিয়া  দিয়াৰ সামৰ্থ নাছিল।  সেয়ে তেওঁ মছজিদ সমিতিৰ কাষ চাপিছিল। 

অৱশেষত  মছজিদৰ ভিতৰতে বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল।'দ্য কেৰালা ষ্টৰী' ছবি খনকলৈ হৈ থকা হৈ-চৈৰ মাজতে এ আৰ ৰহমানে শ্বেয়াৰ কৰা ভিডিঅ’টোৱে ধৰ্মীয় সম্প্ৰীতিৰ কথা পুনৰবাৰ মানুহক সোঁৱৰাই দিছে বুলি বহুতে আলোচনা কৰিছে।

 উল্লেখ্য 'দ্য কেৰালা ষ্টৰী'  ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে বিতৰ্কৰ সূত্ৰপাত হৈছে।  ট্ৰেইলাৰ অনুসৰি কেৰালাৰ পৰা ৩২,০০০ মহিলা সন্ধানহীন হৈছিল, যিসকলে  পিছত আইছিছত যোগদান কৰিছিল। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সংঘ পৰিয়ালৰ বিৰুদ্ধে এনে  ছবিৰ জৰিয়তে কেৰালাৰ ধৰ্মনিৰপেক্ষ পৰিৱেশ ধ্বংস কৰাৰ চেষ্টা চলোৱাৰ  অভিযোগ উত্থাপন কৰিছে। 

কেৰালা চৰকাৰ আৰু কংগ্ৰেছেও ৰাজ্যখনত ছবিখনৰ বিৰুদ্ধে  নিষেধাজ্ঞা জাৰি কৰাৰ পোষকতা কৰিছে। কংগ্ৰেছৰ নেতা শশী থাৰুৰেও ছবিখনৰ নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰিছে। তেওঁ কৈছে  "ছবি খনত বাস্তৱতাক ভুলকৈ উপস্থাপন কৰা হৈছে। বাক স্বাধীনতাৰো অপব্যৱহাৰ কৰা হৈছে।"










FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল