--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ সাহসী কুকুৰ কেণ্ট আৰু নাই। ভাৰতীয় সেনাৰ সদস্য লেব্ৰেডৰ কেণ্টে সন্ত্ৰাসবাদীৰ সন্ধানত চলোৱা অভিযানৰ সময়তে নিহত হয়।  সেনাই  সন্ত্ৰাসবাদীৰ  সন্ধানত চলোৱা অভিযানৰ সময়ত কুকুৰটোক লগত লৈ গৈছিল। হঠাতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিবলৈ লোৱাত  কেণ্টে এজন সৈনিকক বচাবলৈ চেষ্টা কৰিছিল। 

 এনে সময়তে ৬ বছৰীয়া লেব্ৰেডৰ কেণ্টৰ দেহত গুলী লাগে আৰু কুকুৰটোৱে মৃত্যুক সাৱটি লয়।  ঘটনাটো জম্মু -কাশ্মীৰৰ নাৰলা গাঁৱৰ ৰাজৌৰী অঞ্চলত সংঘটিত হৈছে। কেণ্ট হৈছে এটা লেব্ৰেডৰ প্ৰজাতিৰ কুকুৰ। ভাৰতীয় সেনাৰ ২১ সংখ্যক আৰ্মি ডগ ইউনিটত নিযুক্ত আছিল কেণ্ট। 

কুকুৰটোৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে  'অপাৰেচন সুজালিগালা'ত অংশগ্ৰহণ কৰিছিল। ভাৰতীয় সেনাই কেণ্টৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে।

আৰক্ষী বিষয়া মুকেশ সিঙে কয় যে গুলীচালনাত এজন পাকিস্তানী সন্ত্ৰাসবাদীও নিহত হৈছে। এই আক্ৰমণত এজন সেনাও শ্বহীদ হৈছে।  ঘটনাটোত  তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে। তেওঁলোকৰ দুজন জোৱান আৰু এজন আৰক্ষীৰ লোক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত