--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই আজি হেৰুৱালে দুগৰাকীকৈ দক্ষ বিষয়াক। একেদৰে কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াৰো সংঘৰ্ষত মৃত্যু ঘটিছে। বুধবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত এজন সেনা কৰ্ণেলকে ধৰি নিৰাপত্তা বাহিনীৰ তিনিজন বিষয়াই মৃত্যুক সাৱটি ল’বলগীয়া হয়।

অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত সংঘটিত গুলীচালনাৰ সময়ত কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ অধীক্ষক হুমায়ুন ভাটে প্ৰাণ হেৰুৱায়।ইপিনে আন এক ঘটনাত ভাৰতীয় সেনাৰ সাহসী কুকুৰ কেণ্ট আৰু নাই। ভাৰতীয় সেনাৰ সদস্য লেব্ৰেডৰ কেণ্টে সন্ত্ৰাসবাদীৰ সন্ধানত চলোৱা অভিযানৰ সময়তে নিহত হয়।  সেনাই  সন্ত্ৰাসবাদীৰ  সন্ধানত চলোৱা অভিযানৰ সময়ত কুকুৰটোক লগত লৈ গৈছিল। 

হঠাতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিবলৈ লোৱাত  কেণ্টে এজন সৈনিকক বচাবলৈ চেষ্টা কৰিছিল।  এনে সময়তে ৬ বছৰীয়া লেব্ৰেডৰ কেণ্টৰ দেহত গুলী লাগে আৰু কুকুৰটোৱে মৃত্যুক সাৱটি লয়।  ঘটনাটো জম্মু -কাশ্মীৰৰ নাৰলা গাঁৱৰ ৰাজৌৰী অঞ্চলত সংঘটিত হৈছে। কেণ্ট হৈছে এটা লেব্ৰেডৰ প্ৰজাতিৰ কুকুৰ। ভাৰতীয় সেনাৰ ২১ সংখ্যক আৰ্মি ডগ ইউনিটত নিযুক্ত আছিল কেণ্ট। কুকুৰটোৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে  'অপাৰেচন সুজালিগালা'ত অংশগ্ৰহণ কৰিছিল। ভাৰতীয় সেনাই কেণ্টৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে।

আৰক্ষী বিষয়া মুকেশ সিঙে কয় যে গুলীচালনাত এজন পাকিস্তানী সন্ত্ৰাসবাদীও নিহত হৈছে। এই আক্ৰমণত এজন সেনাও শ্বহীদ হৈছে।  ঘটনাটোত  তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে। তেওঁলোকৰ দুজন জোৱান আৰু এজন আৰক্ষীৰ লোক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ