--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই আজি হেৰুৱালে দুগৰাকীকৈ দক্ষ বিষয়াক। একেদৰে কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াৰো সংঘৰ্ষত মৃত্যু ঘটিছে। বুধবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত এজন সেনা কৰ্ণেলকে ধৰি নিৰাপত্তা বাহিনীৰ তিনিজন বিষয়াই মৃত্যুক সাৱটি ল’বলগীয়া হয়।

অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত সংঘটিত গুলীচালনাৰ সময়ত কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ অধীক্ষক হুমায়ুন ভাটে প্ৰাণ হেৰুৱায়।ইপিনে আন এক ঘটনাত ভাৰতীয় সেনাৰ সাহসী কুকুৰ কেণ্ট আৰু নাই। ভাৰতীয় সেনাৰ সদস্য লেব্ৰেডৰ কেণ্টে সন্ত্ৰাসবাদীৰ সন্ধানত চলোৱা অভিযানৰ সময়তে নিহত হয়।  সেনাই  সন্ত্ৰাসবাদীৰ  সন্ধানত চলোৱা অভিযানৰ সময়ত কুকুৰটোক লগত লৈ গৈছিল। 

হঠাতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিবলৈ লোৱাত  কেণ্টে এজন সৈনিকক বচাবলৈ চেষ্টা কৰিছিল।  এনে সময়তে ৬ বছৰীয়া লেব্ৰেডৰ কেণ্টৰ দেহত গুলী লাগে আৰু কুকুৰটোৱে মৃত্যুক সাৱটি লয়।  ঘটনাটো জম্মু -কাশ্মীৰৰ নাৰলা গাঁৱৰ ৰাজৌৰী অঞ্চলত সংঘটিত হৈছে। কেণ্ট হৈছে এটা লেব্ৰেডৰ প্ৰজাতিৰ কুকুৰ। ভাৰতীয় সেনাৰ ২১ সংখ্যক আৰ্মি ডগ ইউনিটত নিযুক্ত আছিল কেণ্ট। কুকুৰটোৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে  'অপাৰেচন সুজালিগালা'ত অংশগ্ৰহণ কৰিছিল। ভাৰতীয় সেনাই কেণ্টৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে।

আৰক্ষী বিষয়া মুকেশ সিঙে কয় যে গুলীচালনাত এজন পাকিস্তানী সন্ত্ৰাসবাদীও নিহত হৈছে। এই আক্ৰমণত এজন সেনাও শ্বহীদ হৈছে।  ঘটনাটোত  তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে। তেওঁলোকৰ দুজন জোৱান আৰু এজন আৰক্ষীৰ লোক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা