--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এমবাপেক লৈ বিশেষ ৰণকৌশলৰ পৰিকল্পনা কৰা নাই আৰ্জেণ্টিনাই। কাটাৰ বিশ্বকাপৰ ফাইনেলখনক এমবাপে আৰু মেছিৰ যুঁজ বুলি অভিহিত কৰা হৈছে। কিন্তু আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কাল’নিয়ে জনাইছে যে কিলিয়ান এমবাপেক বিশেষভাৱে পাত্তা দিয়া নাই তেওঁলোকে।

“ফ্ৰান্স দলটোৰ বিৰুদ্ধে আমি খেলিবলৈ নামিছো। কেৱল এমবাপেইতো সেই দলটোত নেখেলে। সেয়ে গোটেই দলটোৰ বিৰুদ্ধেই খেলিব লাগিব।”- স্কাল’নীয়ে কয়।

উল্লেখ্য যে আৰ্জেণ্টিনাৰ অন্যতম নিৰ্ভৰযোগ্য তাৰকা এঞ্জেল দি মাৰিয়াই এতিয়ালৈকে বিশ্বকাপৰ মেচসমূহত বিশেষ ভুমূকি মৰা নাই। আঘাটৰ বাবে তেওঁ আঁতৰি আছে। চৰ্চা চলিছে যে ফাইনেলখনত ডি মাৰিয়াই খেলিব। এই সম্পৰ্কেও মুখ খুলিছে স্কাল’নীয়ে।

“তেওঁ খেলিব। ক্ৰ’ৱেশ্চিয়াৰ বিৰুদ্ধেও খেলিব পাৰিলেহেঁতেন।”- স্কাল’নীয়ে জনায়।


আনহাতে, চেমিফাইনেলত বিজয়ী হোৱাৰ পাছতে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছিয়ে কৈছিল যে এয়াই তেওঁৰ শেষ বিশ্বকাপ। এই বিষয়ে স্কালোনীয়ে কয় যে যদি ফাইনেলখনেই মেছিৰ শেষ মেচ হয়, তেন্তে মেছিয়ে যাতে বিদায়বেলাটো উপভোগ কৰিব পাৰে, সেই উদ্দেশ্য লৈয়েই দলটো খেলপথাৰত নামিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু