--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এমবাপেক লৈ বিশেষ ৰণকৌশলৰ পৰিকল্পনা কৰা নাই আৰ্জেণ্টিনাই। কাটাৰ বিশ্বকাপৰ ফাইনেলখনক এমবাপে আৰু মেছিৰ যুঁজ বুলি অভিহিত কৰা হৈছে। কিন্তু আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কাল’নিয়ে জনাইছে যে কিলিয়ান এমবাপেক বিশেষভাৱে পাত্তা দিয়া নাই তেওঁলোকে।

“ফ্ৰান্স দলটোৰ বিৰুদ্ধে আমি খেলিবলৈ নামিছো। কেৱল এমবাপেইতো সেই দলটোত নেখেলে। সেয়ে গোটেই দলটোৰ বিৰুদ্ধেই খেলিব লাগিব।”- স্কাল’নীয়ে কয়।

উল্লেখ্য যে আৰ্জেণ্টিনাৰ অন্যতম নিৰ্ভৰযোগ্য তাৰকা এঞ্জেল দি মাৰিয়াই এতিয়ালৈকে বিশ্বকাপৰ মেচসমূহত বিশেষ ভুমূকি মৰা নাই। আঘাটৰ বাবে তেওঁ আঁতৰি আছে। চৰ্চা চলিছে যে ফাইনেলখনত ডি মাৰিয়াই খেলিব। এই সম্পৰ্কেও মুখ খুলিছে স্কাল’নীয়ে।

“তেওঁ খেলিব। ক্ৰ’ৱেশ্চিয়াৰ বিৰুদ্ধেও খেলিব পাৰিলেহেঁতেন।”- স্কাল’নীয়ে জনায়।


আনহাতে, চেমিফাইনেলত বিজয়ী হোৱাৰ পাছতে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছিয়ে কৈছিল যে এয়াই তেওঁৰ শেষ বিশ্বকাপ। এই বিষয়ে স্কালোনীয়ে কয় যে যদি ফাইনেলখনেই মেছিৰ শেষ মেচ হয়, তেন্তে মেছিয়ে যাতে বিদায়বেলাটো উপভোগ কৰিব পাৰে, সেই উদ্দেশ্য লৈয়েই দলটো খেলপথাৰত নামিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক