--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ফুটবলৰ ইতিহাসত আজি এটা উল্লেখযোগ্য দিন হিচাপে স্মৰণীয় হৈ ৰ’ব। এই স্মৰণীয় দিনটোৰ সাক্ষী হৈ ৰ’বলৈ আগবাঢ়িছো আমি। ক্ষন্তেক সময়ৰ পিছতে ভাগ্য নিৰ্ণয় হ’ব লিঅ’নেল মেছি। সেই লিঅ’নেল মেছিৰ, যাৰ ভৰিৰ যাদুত মুগ্ধ বিশ্ববাসী। বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰো আখ্যা দিয়া হয় আৰ্জেণ্টিনাৰ তাৰকাগৰাকীক।

কিন্তু এতিয়ালৈকে বিশ্বকাপ জয় কৰিব পৰা নাই মেছিয়ে। খেলিছে চাৰিখনকৈ বিশ্বকাপ, কিন্তু প্ৰতিবাৰেই নিৰাশ হ’বলগা হৈছে। ২০১৪ চনৰ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল মেছিৰ দল আৰ্জেণ্টিনা। কিন্তু পৰাজীত হ’বলগা হৈছিল জাৰ্মানীৰ হাতত।


এইবাৰ মেছিৰ বিপক্ষে আছে ফ্ৰান্স। ২০১৮ চনৰ বিশ্বকাপজয়ী ফ্ৰান্সত আছে কিলিয়ান এমবাপে। মেছি আৰু এমবাপেৰ যুঁজ চলিছে বিশ্বকাপত। দুয়োজনেই কৰিছে পাঁচটাকৈ গ’ল। এমবাপেৰ খেলৰ ধৰণ দেখি বহুতে ক’ব বিচাৰে যে ২৩ বছৰীয়া যুৱকজনেই হৈছে মেছিৰ প্ৰকৃত উত্তৰাধিকাৰী।

মেছি আৰু এমবাপে- দুয়োজনেই বিশ্বকাপ কেৰিয়াৰৰ দ্বিতীয়খন ফাইনেল খেলিবলৈ নামিব। কিন্তু ৩৫ বছৰ বয়সীয়া মেছিৰ হাতত বিশ্বকাপ এতিয়ালৈকে নাই। অথচ ২৩ বছৰীয়া এমবাপেৰ হাতত আছে নিজৰ কেৰিয়াৰৰ প্ৰথমটো বিশ্বকাপ। অতিকৈ সফল এমবাপে। প্ৰথমখন বিশ্বকাপতে বিজয়ী হৈছিল এমবাপেৰ দল ফ্ৰান্স। 

২০১৮ চনৰ বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শন কৰিছিল এমবাপেই। কিন্তু ব্যৰ্থ হৈছিল মেছি। এইবাৰ দুয়োজনেই ক্লাচিক প্ৰদৰ্শন কৰি আছে। সেয়ে বিশ্বকাপৰ ফাইনেলখন তাৎপৰ্যপূৰ্ণ হৈ পৰিছে- কোন জয়ী হ’ব? মেছি নে এমবাপে? কিংম্বদন্তি নে কিংম্বদন্তিৰ উত্তৰাধিকাৰী?

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু