--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ফুটবলৰ ইতিহাসত আজি এটা উল্লেখযোগ্য দিন হিচাপে স্মৰণীয় হৈ ৰ’ব। এই স্মৰণীয় দিনটোৰ সাক্ষী হৈ ৰ’বলৈ আগবাঢ়িছো আমি। ক্ষন্তেক সময়ৰ পিছতে ভাগ্য নিৰ্ণয় হ’ব লিঅ’নেল মেছি। সেই লিঅ’নেল মেছিৰ, যাৰ ভৰিৰ যাদুত মুগ্ধ বিশ্ববাসী। বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰো আখ্যা দিয়া হয় আৰ্জেণ্টিনাৰ তাৰকাগৰাকীক।

কিন্তু এতিয়ালৈকে বিশ্বকাপ জয় কৰিব পৰা নাই মেছিয়ে। খেলিছে চাৰিখনকৈ বিশ্বকাপ, কিন্তু প্ৰতিবাৰেই নিৰাশ হ’বলগা হৈছে। ২০১৪ চনৰ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল মেছিৰ দল আৰ্জেণ্টিনা। কিন্তু পৰাজীত হ’বলগা হৈছিল জাৰ্মানীৰ হাতত।


এইবাৰ মেছিৰ বিপক্ষে আছে ফ্ৰান্স। ২০১৮ চনৰ বিশ্বকাপজয়ী ফ্ৰান্সত আছে কিলিয়ান এমবাপে। মেছি আৰু এমবাপেৰ যুঁজ চলিছে বিশ্বকাপত। দুয়োজনেই কৰিছে পাঁচটাকৈ গ’ল। এমবাপেৰ খেলৰ ধৰণ দেখি বহুতে ক’ব বিচাৰে যে ২৩ বছৰীয়া যুৱকজনেই হৈছে মেছিৰ প্ৰকৃত উত্তৰাধিকাৰী।

মেছি আৰু এমবাপে- দুয়োজনেই বিশ্বকাপ কেৰিয়াৰৰ দ্বিতীয়খন ফাইনেল খেলিবলৈ নামিব। কিন্তু ৩৫ বছৰ বয়সীয়া মেছিৰ হাতত বিশ্বকাপ এতিয়ালৈকে নাই। অথচ ২৩ বছৰীয়া এমবাপেৰ হাতত আছে নিজৰ কেৰিয়াৰৰ প্ৰথমটো বিশ্বকাপ। অতিকৈ সফল এমবাপে। প্ৰথমখন বিশ্বকাপতে বিজয়ী হৈছিল এমবাপেৰ দল ফ্ৰান্স। 

২০১৮ চনৰ বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শন কৰিছিল এমবাপেই। কিন্তু ব্যৰ্থ হৈছিল মেছি। এইবাৰ দুয়োজনেই ক্লাচিক প্ৰদৰ্শন কৰি আছে। সেয়ে বিশ্বকাপৰ ফাইনেলখন তাৎপৰ্যপূৰ্ণ হৈ পৰিছে- কোন জয়ী হ’ব? মেছি নে এমবাপে? কিংম্বদন্তি নে কিংম্বদন্তিৰ উত্তৰাধিকাৰী?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক