--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাদ পৰিছে ফ্ৰান্সৰ নিৰ্ভৰযোগ্য ষ্ট্ৰাইকাৰ কৰিম বেনজিমা। কিন্তু শেহতীয়াকৈ চৰ্চা চলিছে যে আৰ্জেণ্টিনাৰ বিৰুদ্ধে দেওবাৰে ফাইনেলত নিজৰ দেশৰ হৈ অৱতীৰ্ণ হ’ব পাৰে তাৰকাগৰাকী।

চৰ্চা অনুসৰি, বেনজিমাই কাটাৰলৈ যোৱাটো নিশ্চিত। খেলপথাৰত নানামিলেও নিজৰ দেশৰ সমৰ্থনত ষ্টেডিয়ামত থাকিব বেনজিমা।

এই সম্পৰ্ক ফ্ৰান্সৰ প্ৰশিক্ষক দিদিয়েৰ ডুচঁক সাংবাদিকে সুধিছিল। কিন্তু উত্তৰ দিবলৈ নাৰাজ হ’ল প্ৰশিক্ষকগৰাকী।

উল্লেখ্য যে বিশ্বকাপ আৰম্ভ হোৱাৰ আগমুহূৰ্তত আঘাট লাভ কৰে বেনজিমাই। কিন্তু বিশ্বকাপত বেনজিমাৰ অভাৱ ফ্ৰান্সৰ বাবে সমস্যা হোৱা নাই। ফ্ৰান্সৰ ষ্ট্ৰাইকাৰ অলিভিয়েৰ জিৰ’ আৰু কিলিয়ান এমবাপে দূৰ্দান্ত ফৰ্মত আছে।

আনহাতে, বেনজিমাই শেহতীয়াকৈ ইনষ্টাগ্ৰামত লিখিছিল- “মই জীৱনত কাহানিও চেষ্টা এৰি দিয়া নাই। আজি ৰাতিও দলৰ কথা ভাবিব লাগিব, যিটো মই চিৰদিনেই কৰি গৈছে। বিবেকে কৈছে, মোৰ স্থানটো আন কাৰোবাক এৰি দিয়াই ভাল।”

তাৰকাগৰাকীৰ এই বক্তব্যই ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে। শীঘ্ৰেই আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ ল’ব নেকি বেলন ডি অ’ৰ বিজয়ী বেনজিমাই?






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক