--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপ এতিয়া লিঅ’নেল মেছিময় হৈ পৰিছে। সকলোৱে একেমুখে চিঞৰিছে- “লিঅ’ লিঅ’ লিঅ’ তুমি আগুৱাই যোৱা”। লিঅ’নেল মেছিৰ নাম সকলোৱে জানে, কিন্তু লিঅ’নেল স্কালোনিৰ নাম কোনে কোনে জানে? অথচ লিঅ’নেল স্কালোনিয়ে নীৰৱে সকলোকে সুখ বিলাই আছে।

আৰ্জেণ্টিনাৰ শিবিৰত এতিয়া দুজন লিঅ’নেল আছে। এজন মেছি আৰু আনজন লিঅ’নেল স্কালোনি। আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কালোনি। এইগৰাকী প্ৰশিক্ষকৰ ৰণকৌশলৰ দ্বাৰাই ফাইনেলত উপনীত হৈছে মাৰাডোনাৰ দেশ। 

কিন্তু স্কালোনিৰ এই যাত্ৰা আৰম্ভণিৰে পৰা মধুৰ নাছিল। তেওঁৰ পূৰ্বসুৰী আছিল হোৰ্খে চাম্পাওলি। আন এটা লেটিন আমেৰিকান শক্তি চিলীৰ প্ৰশিক্ষক আছিল চাম্পাওলি। লাভ কৰিছিল অশেষ সফলতা। চাম্পাওলিৰ দিনতে কোপা আমেৰিকা জয়ী কৰিছিল চিলীয়ে। তাৰপাছতে আৰ্জেণ্টিনাৰ দায়িত্ব লয় তেওঁ। সহকাৰী হিচাপে থাকে লিঅ’নেল স্কালোনি।

কিন্তু ২০১৮ চনৰ বিশ্বকাপত চৰম বিফল হয় আৰ্জেণ্টিনা। বাদ পৰে প্ৰশিক্ষক চাম্পাওলি। অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে লিঅ’নেল স্কালোনিয়ে। তাৰপাছৰে পৰা বাকীখিনি ৰোমাঞ্চকৰ কাহিনীৰ দৰে।

অতি কম পৰিশ্ৰমিকেৰে দলৰ দায়িত্ব লয় স্কালোনিয়ে। ২০১৯ চনৰ কোপা আমেৰিকাত আৰ্জেণ্টিনাই চেমি ফাইনেললৈকে আগুৱাবলৈ সক্ষম হয়।  ২০২১ চনৰ কোপা আমেৰিকাত বিজয়সাব্যস্ত কৰিলে আৰ্জেণ্টিনাই। কোপা আমেৰিকাৰ পাছত ইউৰো বিজয়ী ইটালিকো ফাইনালিস্মাত হৰুৱাবলৈ সক্ষম হয়। তাৰপাছৰে পৰা আৰ্জেণ্টিনাৰ অগণন ফুটবলপ্ৰেমীৰ ভৰসাৰ কেন্দ্ৰবিন্দু হৈ পৰে স্কালোনি।

চলিত বিশ্বকাপৰ প্ৰথমখন মেচতে চৌদী আৰৱৰ হাতত অবিশ্বাস্যভাৱে পৰাজীত হয় মেছি-স্কালোনিৰ দল। কিন্তু মনোবল নেহেৰুৱালে। বৰঞ্চ নিজৰ ভুল শুধৰাই ফাইনেলত উপনিত হ’ল আৰ্জেণ্টিনা।

স্কালোনিৰ তত্বাৱধানতে আৰ্জেণ্টিনাই ৩৬ খনকৈ মেচত অপৰাজীত হৈ থকাৰ ৰেকৰ্ড গঢ়ে। তেওঁৰ দিনতে মুঠ ৫৫ খন মেচ খেলি বিজয়ী হৈছে ৩৯ খনত। এতিয়া সকলোৱে বাট চাই আছে আৰ্জেণ্টিনাই বিশ্বজয় কৰিবলৈ! নায়কত পৰিণত হ’ব আৰ্জেণ্টিনাৰ আনজন লিঅ’নেল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু