--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপ এতিয়া লিঅ’নেল মেছিময় হৈ পৰিছে। সকলোৱে একেমুখে চিঞৰিছে- “লিঅ’ লিঅ’ লিঅ’ তুমি আগুৱাই যোৱা”। লিঅ’নেল মেছিৰ নাম সকলোৱে জানে, কিন্তু লিঅ’নেল স্কালোনিৰ নাম কোনে কোনে জানে? অথচ লিঅ’নেল স্কালোনিয়ে নীৰৱে সকলোকে সুখ বিলাই আছে।

আৰ্জেণ্টিনাৰ শিবিৰত এতিয়া দুজন লিঅ’নেল আছে। এজন মেছি আৰু আনজন লিঅ’নেল স্কালোনি। আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কালোনি। এইগৰাকী প্ৰশিক্ষকৰ ৰণকৌশলৰ দ্বাৰাই ফাইনেলত উপনীত হৈছে মাৰাডোনাৰ দেশ। 

কিন্তু স্কালোনিৰ এই যাত্ৰা আৰম্ভণিৰে পৰা মধুৰ নাছিল। তেওঁৰ পূৰ্বসুৰী আছিল হোৰ্খে চাম্পাওলি। আন এটা লেটিন আমেৰিকান শক্তি চিলীৰ প্ৰশিক্ষক আছিল চাম্পাওলি। লাভ কৰিছিল অশেষ সফলতা। চাম্পাওলিৰ দিনতে কোপা আমেৰিকা জয়ী কৰিছিল চিলীয়ে। তাৰপাছতে আৰ্জেণ্টিনাৰ দায়িত্ব লয় তেওঁ। সহকাৰী হিচাপে থাকে লিঅ’নেল স্কালোনি।

কিন্তু ২০১৮ চনৰ বিশ্বকাপত চৰম বিফল হয় আৰ্জেণ্টিনা। বাদ পৰে প্ৰশিক্ষক চাম্পাওলি। অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে লিঅ’নেল স্কালোনিয়ে। তাৰপাছৰে পৰা বাকীখিনি ৰোমাঞ্চকৰ কাহিনীৰ দৰে।

অতি কম পৰিশ্ৰমিকেৰে দলৰ দায়িত্ব লয় স্কালোনিয়ে। ২০১৯ চনৰ কোপা আমেৰিকাত আৰ্জেণ্টিনাই চেমি ফাইনেললৈকে আগুৱাবলৈ সক্ষম হয়।  ২০২১ চনৰ কোপা আমেৰিকাত বিজয়সাব্যস্ত কৰিলে আৰ্জেণ্টিনাই। কোপা আমেৰিকাৰ পাছত ইউৰো বিজয়ী ইটালিকো ফাইনালিস্মাত হৰুৱাবলৈ সক্ষম হয়। তাৰপাছৰে পৰা আৰ্জেণ্টিনাৰ অগণন ফুটবলপ্ৰেমীৰ ভৰসাৰ কেন্দ্ৰবিন্দু হৈ পৰে স্কালোনি।

চলিত বিশ্বকাপৰ প্ৰথমখন মেচতে চৌদী আৰৱৰ হাতত অবিশ্বাস্যভাৱে পৰাজীত হয় মেছি-স্কালোনিৰ দল। কিন্তু মনোবল নেহেৰুৱালে। বৰঞ্চ নিজৰ ভুল শুধৰাই ফাইনেলত উপনিত হ’ল আৰ্জেণ্টিনা।

স্কালোনিৰ তত্বাৱধানতে আৰ্জেণ্টিনাই ৩৬ খনকৈ মেচত অপৰাজীত হৈ থকাৰ ৰেকৰ্ড গঢ়ে। তেওঁৰ দিনতে মুঠ ৫৫ খন মেচ খেলি বিজয়ী হৈছে ৩৯ খনত। এতিয়া সকলোৱে বাট চাই আছে আৰ্জেণ্টিনাই বিশ্বজয় কৰিবলৈ! নায়কত পৰিণত হ’ব আৰ্জেণ্টিনাৰ আনজন লিঅ’নেল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক