--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেদাৰলেণ্ডৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলখনত বিপক্ষৰ ফুটবলাৰসকলৰ স’তে ব্যাপক সংঘাতত জড়িত হৈ পৰিছিল আৰ্জেণ্টিনাৰ ফুটবলাৰসকল। এই বিষয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উলাইচে ফিফা।

মেচখনত দেখা দিয়া অপ্ৰীতিকৰ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰা হৈছে। যদি আৰ্জেণ্টিনাৰ খেলুৱৈসকল বিৰুদ্ধে শৃংখলাভংগৰ অভিযোগত দোষী সাব্যষ্ট হয়, তেন্তে গুৰুত্বপূৰ্ণ শাস্তিৰ মুখামুখি হ’ব পাৰে মেছিবাহিনী। ফিফাই জনাইছে যে আৰ্জেণ্টিনাৰ ফুটবলাৰসকলে নিয়মভংগ কৰিছে।

উল্লেখ্য যে মেচখনত দুয়োটা দলৰ কেইবাজনো খেলুৱৈক এটাৰ পাছত এটাকৈ হালধিয়া কাৰ্ড দেখুৱাইছিল ৰেফাৰীয়ে। এটা সময়ত দুয়োটা দলৰ ৰিজাৰ্ভ বেঞ্চৰ সদস্যসকলো সংঘাতত জড়িত হৈ পৰে।

খেলখনৰ এটা মুহূৰ্তত আৰ্জেণ্টিনাৰ মাৰ্ক’ছ একোণাই নেদাৰলেণ্ডৰ ডিফেণ্ডাৰে কৰা এটা ফাউলৰ বিৰুদ্ধাচাৰণ কৰি নেদাৰলেণ্ডৰ ৰিজাৰ্ভ বেঞ্চৰ ফালে বলটো মাৰি পঠায়। তাৰপাছতে দুয়োদলৰ ফুটবলাৰসকলৰ মাজত গৰম পৰিস্থিতিৰ সৃষ্টি হয়।

তদুপৰি মেছিয়ে নিজেও নেদাৰলেণ্ডৰ প্ৰশিক্ষক লুই ভান হালৰ লগত উত্তপ্ত বাক্যবিনিময় কৰে। মেচৰ শেষত আৰ্জেণ্টাইন গোলকীপাৰ এমি মাৰ্টিনেছেও ভান হালক অশ্লীল ভাষাত গালিগালাজ কৰে।

উল্লেখ্য যে মেচখনত অভিলেখসংখ্যক ১৬খন হালধিয়া কাৰ্ড দেখুওৱা হৈছিল। সাধাৰণতে কোনো দলে পাঁচটা হালধিয়া কাৰ্ড লাভ কৰিলে শৃংখলাভংগৰ অভিযোগৰ তদন্ত কৰে ফিফাই।

এই অনুসৰি নেদাৰলেণ্ড আৰু আৰ্জেণ্টিনা দুয়োটা দলৰ বিৰুদ্ধে তদন্ত কৰা হ’ব। যদি দোষী সাব্যষ্ট হয়, তেন্তে দুয়োটা দলেই ১৬ হাজাৰ ডলাৰ (ভাৰতীয় মূল্যত ১৩ লাখ ১৮ হাজাৰ টকা) জৰিমণা ভৰিব লাগিব। যদি আৰ্জেণ্টিনাৰ বিৰুদ্ধে পৃথককৈ অভিযোগ অনা হয়, তেন্তে জৰিমণাৰ পৰিমাণ বাঢ়িবও পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু