--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেদাৰলেণ্ডৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলখনত বিপক্ষৰ ফুটবলাৰসকলৰ স’তে ব্যাপক সংঘাতত জড়িত হৈ পৰিছিল আৰ্জেণ্টিনাৰ ফুটবলাৰসকল। এই বিষয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উলাইচে ফিফা।

মেচখনত দেখা দিয়া অপ্ৰীতিকৰ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰা হৈছে। যদি আৰ্জেণ্টিনাৰ খেলুৱৈসকল বিৰুদ্ধে শৃংখলাভংগৰ অভিযোগত দোষী সাব্যষ্ট হয়, তেন্তে গুৰুত্বপূৰ্ণ শাস্তিৰ মুখামুখি হ’ব পাৰে মেছিবাহিনী। ফিফাই জনাইছে যে আৰ্জেণ্টিনাৰ ফুটবলাৰসকলে নিয়মভংগ কৰিছে।

উল্লেখ্য যে মেচখনত দুয়োটা দলৰ কেইবাজনো খেলুৱৈক এটাৰ পাছত এটাকৈ হালধিয়া কাৰ্ড দেখুৱাইছিল ৰেফাৰীয়ে। এটা সময়ত দুয়োটা দলৰ ৰিজাৰ্ভ বেঞ্চৰ সদস্যসকলো সংঘাতত জড়িত হৈ পৰে।

খেলখনৰ এটা মুহূৰ্তত আৰ্জেণ্টিনাৰ মাৰ্ক’ছ একোণাই নেদাৰলেণ্ডৰ ডিফেণ্ডাৰে কৰা এটা ফাউলৰ বিৰুদ্ধাচাৰণ কৰি নেদাৰলেণ্ডৰ ৰিজাৰ্ভ বেঞ্চৰ ফালে বলটো মাৰি পঠায়। তাৰপাছতে দুয়োদলৰ ফুটবলাৰসকলৰ মাজত গৰম পৰিস্থিতিৰ সৃষ্টি হয়।

তদুপৰি মেছিয়ে নিজেও নেদাৰলেণ্ডৰ প্ৰশিক্ষক লুই ভান হালৰ লগত উত্তপ্ত বাক্যবিনিময় কৰে। মেচৰ শেষত আৰ্জেণ্টাইন গোলকীপাৰ এমি মাৰ্টিনেছেও ভান হালক অশ্লীল ভাষাত গালিগালাজ কৰে।

উল্লেখ্য যে মেচখনত অভিলেখসংখ্যক ১৬খন হালধিয়া কাৰ্ড দেখুওৱা হৈছিল। সাধাৰণতে কোনো দলে পাঁচটা হালধিয়া কাৰ্ড লাভ কৰিলে শৃংখলাভংগৰ অভিযোগৰ তদন্ত কৰে ফিফাই।

এই অনুসৰি নেদাৰলেণ্ড আৰু আৰ্জেণ্টিনা দুয়োটা দলৰ বিৰুদ্ধে তদন্ত কৰা হ’ব। যদি দোষী সাব্যষ্ট হয়, তেন্তে দুয়োটা দলেই ১৬ হাজাৰ ডলাৰ (ভাৰতীয় মূল্যত ১৩ লাখ ১৮ হাজাৰ টকা) জৰিমণা ভৰিব লাগিব। যদি আৰ্জেণ্টিনাৰ বিৰুদ্ধে পৃথককৈ অভিযোগ অনা হয়, তেন্তে জৰিমণাৰ পৰিমাণ বাঢ়িবও পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক