--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকা জৰ্জিনা ৰড্ৰিগেজৰ বাহিৰেও ক্রিষ্টিয়ানো ৰোনাল্ডো আন মহিলাৰ প্ৰতি আসক্ত নেকি? ভেনিজুৱেলাৰ জনপ্ৰিয় ব্লগাৰ জৰ্জিলায়াৰ এই দাবীক কেন্দ্ৰ কৰি এনে প্ৰশ্ন উত্থাপন হৈছে। ছ’চিয়েল মিডিয়াত পৰিচিত আৰু জনপ্ৰিয় জৰ্জিলায়াই দাবী কৰে যে পৰ্তুগালৰ অধিনায়কগৰাকীৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক আছিল। জৰ্জিলায়াৰ এই দাবী নাকচ কৰিলে ৰোনাল্ডোৱে।

বহুদিন আগৰ কথা নহয়। জৰ্জিলায়াই দাবী কৰিছিল যে ২০২২ চনৰ ২৫ মাৰ্চত ৰোনাল্ডোৱে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। সেই সময়ত কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে পৰ্তুগালৰ প্ৰস্তুতি শিবিৰ চলি আছিল।

জৰ্জিলায়াই কয়, ‘ৰোনাল্ডোৱে মোৰ সৈতে উত্তৰ পৰ্তুগালৰ ছলভাৰ্ডৰ ৩১২ নং হোটেলৰ কোঠাত এৰাতি কটালে। ৰোনাল্ডোৱে এটা মেছেজ দি মোক হোটেললৈ মাতিছিল। আন পৰ্তুগীজ ফুটবলাৰৰ লগত আড্ডা মাৰি থাকোঁতে ৰোনাল্ডোৰ মেছেজটো পাইছিলোঁ। তেওঁৰ মেছেজ পঢ়ি এনে লাগিল যেন তেওঁ কথা পাতিবলৈ ফোন কৰিছে। হয়তো তেওঁ মোক কিবা এটা ক’ব বিচাৰিছে। মই ভাবিছিলো ইজনে সিজনক ভালদৰে চিনি পাম আৰু ৰোনাল্ডোৰ লগত কিছু চেলফি লোৱাৰ সুযোগ পাম। তেনেকুৱা হ’ব পাৰে বুলি মই ভবা নাছিলো। পৰিস্থিতি এনেকুৱা আছিল যে আমি শাৰীৰিক সম্পৰ্কত লিপ্ত হ’লোঁ। সেইটোৱেই সত্য।''

তেওঁ কয়- ''মই নিশ্চয় শাৰীৰিক যৌন সম্পৰ্কত সন্মতি দিছিলো। ৰোনাল্ডোৰ খ্যাতি আৰু শক্তিয়ে মোক আপ্লুত কৰিছিল।''

জৰ্জিলায়াই দাবী কৰে যে তেওঁ টকা বা খ্যাতিৰ বাবে ৰোনাল্ডোৰ বেডমেট হোৱা নাছিল। ৰোনাল্ডোৰ সৈতে সেই নিশা কটোৱাৰ বাবে তেওঁ অনুশোচনা কৰা বুলিও কয়। তেওঁৰ মতে স্বামীক প্ৰতাৰণা কৰি এই সিদ্ধান্ত লোৱাটো বেয়া কথা হৈছিল। সেই নিশাৰ ঘটনাৰ বাবে তেওঁ ৰোণাল্ডোক দোষাৰোপো কৰিব বিচৰা নাই। ৰোনাল্ডোৱে প্ৰেৰণ কৰা কেইবাটাও বাৰ্তা প্ৰকাশ কৰিছে ভেনিজুৱেলাৰ ব্লগাৰগৰাকীয়ে।

পৰ্তুগীজ তাৰকাগৰাকীয়ে অৱশ্যে জৰ্জিলায়াৰ এই দাবী খাৰিজ কৰে। ৰোনাল্ডোৱে ঘনিষ্ঠ মহলত দাবী কৰে যে প্ৰচাৰ লাভ কৰিবলৈ মিছা কথা কৈছে। নিজৰ নাম ব্যৱহাৰ কৰি জনপ্ৰিয়তা বঢ়াবলৈ চেষ্টা কৰিছে ব্লগাৰগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক