--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মেথি হৈছে আমাৰ পাকঘৰৰ এটা অত্যাৱশ্যকীয় উপাদান। বিভিন্ন ৰন্ধনপ্ৰণালীত মেথি ব্যৱহাৰ কৰা হয়। মেথিৰ বহুতো গুণাগুণ আছে। আজি আমি মেথি গছৰ শুকান পাতৰ বিষয়ে আলোচনা কৰিম। এই শুকান মেথিপাতক কচুৰী মেথি বুলি কোৱা হয়। মেথিপাত ৰ'দত শুকুৱাব পাৰি আৰু ঘৰত তৈয়াৰ কৰিব পাৰি কচুৰী মেথি। ই এক প্ৰকাৰৰ তিতা সোৱাদযুক্ত উপাদান। মেথি আমাৰ ৰন্ধনত ব্যৱহৃত বিভিন্ন মচলাবোৰৰ ভিতৰত এটা। মেথিপাতবোৰ ভালদৰে তুলি মচি ৰ'দত শুকুৱাই ঘৰত সংৰক্ষণ কৰিব পাৰি৷ এই কচুৰী মেথিৰ গুণাগুণৰ বিষয়ে আহক,

কচুৰী মেথি

কলেষ্টেৰলৰ সমস্যা- কচুৰীমেথি পাকঘৰত খাদ্যৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়৷ ইয়াৰ সোৱাদ তিতা কিন্তু ইয়াৰ সুবাসে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে৷ কিন্তু কচুৰিমেথিয়ে কলেষ্টেৰলৰ সমস্যা দূৰ কৰে।

কলেষ্টেৰলৰ সমস্যা

কোষ্ঠকাঠিন্য- কচুৰীমেথী ব্যৱহাৰ কৰি ই কোষ্ঠকাঠিন্য জাতীয় ভালেমান সমস্যা দূৰ কৰিব পাৰি৷ কচুৰী মেথিত আঁহ থাকে, যিয়ে হজম শক্তিশালী কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা সমাধান কৰাৰ লগতে কলেষ্টেৰলৰ সমস্যা দূৰ কৰে।

কোষ্ঠকাঠিন্য

চুলি আৰু ছাল- কচুৰিমেথি খোৱাৰ ফলত চুলি আৰু ছালৰ যথেষ্ট উপকাৰ হয়৷ ই ছালৰ নতুন কোষ সৃষ্টি কৰে যিয়ে ছালখন ধুনীয়া আৰু উজ্জ্বল কৰি তোলে। ইয়াত থকা আইৰণ আৰু ভিটামিনে শৰীৰৰ বহু উপকাৰ সাধে৷ যি চুলি সম্পৰ্কীয় বহুতো সমস্যা দূৰ কৰে আৰু চুলি শক্তিশালী আৰু ডাঠ কৰে।

চুলি আৰু ছাল

মধুমেহ - মধুমেহ ৰোগীয়ে নিয়মীয়াকৈ কচুৰী মেথি খোৱাটো অতি উপকাৰী৷ মেথিয়ে মধুমেহ সম্পৰ্কীয় বহুতো সমস্যা দ্ৰুততাৰে উপশম কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া