--°C
Loading...
Listen to Article
2 min read
80%

মুছফিক হুছেইন : ‘তুমি গ্ৰেজুৱেট হ’লা নহয়! পিছে এতিয়া কি কৰিম বুলি ভাবিছা?’ এটা বয়সৰ পাছত এই প্ৰশ্নটোৱেই হৈছে যুৱ প্ৰজন্মই সন্মুখীন হোৱা সবাটোকৈ অশান্তিকৰ আৰু আচহুৱা প্ৰশ্ন৷ কিয়নো এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ প্ৰায়বোৰ যুৱক-যুৱতীয়ে মানসিকভাৱে অপ্ৰস্তুত, কাৰণ তেওঁলোকে ভবিষ্যতে কিবা কৰাৰ যি সপোন পুহি ৰাখে সেইয়া বহুতৰ বাবে সম্ভৱ হৈ নুঠে৷ সেইটো লাগিলে আৰ্থিক কাৰণেই হওক বা ঘৰুৱা কাৰণৰ লগতে আন যিকোনো কাৰণতে হওক৷ সাধাৰণতে, ডিগ্ৰী পাছ কৰাৰ পাছত আমাৰ যুৱচামে দুটা পথেই বাছনি কৰা দেখা পাওঁ- উচ্চশিক্ষাৰ বাবে নামভৰ্তি কৰা আৰু কৰ্ম সংস্থাপনৰ পথ বাছি লোৱা৷ কিন্তু এই পথ দুটাৰ ভিতৰত দ্বিতীয়টো অৰ্থাৎ যি সকলে নিজে উপাৰ্জন কৰিবলৈ পথ বাছি লয় তেওঁলোকে জীৱনৰ পদে-পদে গ্ৰহণ কৰিব লগা হয় কঠিন প্ৰত্যাহ্বান৷ আজি আমাৰ ‘‘লাইফ ইন্ এ মেট্ৰ’’ত জীৱন যুঁজত কাহানিও হাৰ নমনা তেনেকুৱা এজন অক্লান্ত সৈনিকক আপোনালোকৰ সৈতে পৰিচয় কৰাই দিম, যিজনে কেৱল যুঁজিবলৈহে শিকিছে, হাৰিবলৈ শিকা নাই৷

Graduate Chaiwala

যুৱকজনক পৰিচয় কৰাই দিয়াৰ আগতে আমি আপোনালোকক চিনাকী কৰাই দিওঁ তেওঁ কৰা কামৰ সৈতে৷
''Graduate Chaiwala'' গুৱাহাটীবাসীৰ বহুতৰে বাবে এটা সদা পৰিচিত নাম৷ গুৱাহাটীৰ এখন সৰু চাহৰ দোকান, সৰু যদিও সেই দোকানখন বিশেষতকৈও বিশেষ৷ দোকানখনৰ চাহকাপ ইমানেই সু-স্বাদু যে, সেই চাহ কাপৰ জুতি যদি এবাৰ আপুনি লৈছে তেনেহলে আপুনি ইয়ালৈ দুনাই যে আহিব সেইটো খাটাং৷ আপুনি ইয়াক ফ্ৰেইণ্ড জ’ন, আড্ডাস্থল যিয়েই নকওক সকলো খাপ খাব নামটোৰ সৈতে৷ সন্ধিয়া হ’লেই দিনটোৰ অৱসাদগ্ৰস্ততা দূৰ কৰিবলৈ মহানগৰৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক ঢপলিয়াই আহে দোকানখনলৈ আৰু হাতত তুলি লোৱা একাপ চাহৰ সৈতে বন্ধুবৰ্গৰ সৈতে কথাৰ মহলা মাৰে৷ গুৱাহাটীত চাহৰ সোৱাদ বিলাই সুবাসিত হোৱা যুৱকজনৰো আছে জীৱন সংগ্ৰামৰ এখন অকথিত কাহিনী৷ হয়, ''Graduate Chaiwala'' ৰ স্বত্বাধিকাৰীজনৰ নাম হৈছে সাধন চেত্ৰী৷

কোকৰাঝাৰৰ এখন অখ্যাত গাৱৰ যুৱক তেওঁ৷ কোকৰাঝাৰৰ ছেইণ্ট আনচ্ কলেজৰ পৰা যুৱকজন ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী৷ ঘৰখনৰ হাজাৰ আৰ্থিক অনাতন থকা স্বত্তেও যুৱকজনৰ অভিভাৱকে তেওঁক উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ কৈছিল যদিও সেইয়া কৰিবলৈ তেওঁৰ একেবাৰে ইচ্ছা নাছিল৷ ঘৰখনত ক্ৰমান্বয়ে সাধনক পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰিবলৈ এক প্ৰকাৰে হেঁচা প্ৰয়োগ কৰিছিল আৰু তাৰ পৰা তেওঁ পৰিত্ৰাণ পাবলৈ গুৱাহাটী আহিছিল৷ ঘৰখনৰ পৰা ফুটাকৰি এটা ননা যুৱকজনে মহানগৰত আহি সাংঘাটিক সমস্যৰ সন্মুখীন হয়।

তেওঁ নিজে পেট প্ৰৱৰ্তাই থাকিবলৈও ভাবিব লগা হৈছিল৷ সেই সময়ত যুৱকজনে পাচলি বিক্ৰী কৰা, ছিকিউৰিটী গাৰ্ডৰ কাম কৰাৰ উপৰি পুৱতি নিশা ৩ বজাৰ পৰা শেষ ৰাতি পৰ্যন্ত কাম কৰিব লগা হৈছিল৷ কিন্তু সেই কামসমূহত যুৱকজন বেছি দিন টিকি থাকিব নোৱাৰিলে৷ চাহ খাই ভাল পোৱা যুৱকজনৰ এদিন হঠাৎ মনত আহিল যে, যিহেতু চাহ তেওঁৰ নিজৰে খুব প্ৰিয় গতিকে নিজে যদি গুৱাহাটীত এখন চাহৰ দোকান খুলিব পাৰে তেনেহলে বেয়া নহ’ব৷ আৰম্ভণিতে মাত্ৰ ২৫ কাপ চাহ বেচিবলৈ সক্ষম হোৱা যুৱকজনে বৰ্তমান দৈনিক ৮০০ কাপৰো অধিক চাহ বিক্ৰী কৰে৷ চাহৰ দোকানখন প্ৰথমে গণেশগুৰি উৰণীয়া সেঁতু তলত আৰম্ভ কৰিছিল আৰু কেইটামান দিন যোৱাৰ পাছতে এটা অঘটন ঘটিছিল।

তেওঁৰ সেই ক্ষুদ্ৰ বিপনীখনত এদিন জুই লাগিছিল অৱশ্যে, তেওঁ সৌভাগ্যক্ৰমে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে৷ সেই ঘটনাটোৰ বাবে তেওঁ বিপনীখন ভেটাপাৰালৈ স্থানান্তৰ কৰিব লগা হ’ল৷ জন সমাগমৰ প্ৰাণকেন্দ্ৰ গণেশগুৰিৰ পৰা দোকানখনৰ ঠিকনা সলাব লগা হোৱাত তেওঁ যথেষ্ট চিন্তিত হৈছিল যদিও এইক্ষেত্ৰত তেওঁক বন্ধুবৰ্গ, ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ লোকসকলৰ সহযোগিতাৰ ফলত তেওঁৰ নতুন ঠিকনাৰ বিষয়ে মানুহে জানিবলৈ বেছি সময়ৰ প্ৰয়োজন নহ’ল৷ বৰ্তমান তেওঁ বিপনীখনত পোৱা যায় প্ৰায় ১৫ বিধ বিভিন্ন সু-স্বাদুৰ চাহৰ লগতে ফাষ্ট ফুডৰ বিভিন্ন ব্যঞ্জন৷

যিটো সময়ত সাধনৰ ঘৰখনে তেওঁ কৰা কৰ্মৰাজিৰ কাৰণে বিৰোধিতা কৰিছিল আজি সেই কৰ্মৰ বাবে তেওঁক লৈ ঘৰৰ মানুহে গৰ্ব অনুভব কৰে৷ যি সময়ত যুৱচামে এটা স্নাতক ডিগ্ৰী লৈয়ে কামৰ শ্ৰেণীকৰণ কৰাত লাগি যায়, কামৰ সৰু-বৰ বিচাৰ কৰে সেই একে সময়তে কিন্তু এই যুৱকজন আনতকৈ ব্যতিক্ৰম৷ বৰ্তমান ভোগ বিলাসিতাৰ পৃথিৱীখনত বিলীন হোৱা একাংশ যুৱ প্ৰজন্মৰ বাবে কৰ্ম সংস্কৃতিৰে অতুলনীয় নিদৰ্শন দাঙি ধৰা সাধন চেত্ৰী আন দহজনৰ বাবেও উৎকৃষ্ট উদাহৰণ হৈ ৰ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ