--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱাটো এটা সাধাৰণ কথা৷ কিন্তু বহিঃৰাজ্যলৈ কামৰ সন্ধানত গৈ নিশাটোৰ ভিতৰতে লাখ লাখ টকাৰ গৰাকী হোৱাটো নিশ্চয়কৈ আচৰিত কথা৷ কেৰালালৈ কাম কৰিবলৈ যোৱা এজন যুৱক শেহতীয়াকৈ  লাখপতি হৈ পৰিছে৷ 

যুৱক জন হৈছে  পশ্চিম বংগৰ শ্বেখ বাদেশ । বাদেশে কেৰালাত থকাৰ সময়তে এখন লটাৰীৰ টিকট কিনিছিল৷ তেনেকৈয়ে কপাল ফুলিল৷ লটাৰীত তেওঁ  ৭৫  লাখ টকা জিকিছে৷  ইয়াৰ পিছতে  নিৰাপত্তা বিচাৰি  আৰক্ষীৰ কাষ চাপিছে যুৱকজনে। লটাৰীত ৭৫ লাখ টকা  জিকাৰ পিছৰে পৰা বাদেশ আতংকত ভুগি আছে।  যদি কোনোবাই টিকটটো কাঢ়ি লয় সেই আতংকই তেওঁক খেদি ফুৰিছে। সেয়েহে তেওঁ নিৰাপত্তা বিচাৰি  আৰক্ষীৰ কাষ চাপিছে৷ 

উল্লেখ্য বাদেশে কেৰালাত শ্ৰমিক হিচাপে কাম কৰে। তেওঁ মুভাট্টুপুঝা আৰক্ষী থানা অঞ্চলত বাস কৰে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি তেওঁ  এৰ্নাকুলামত এটা পথ নিৰ্মাণৰ কামত জড়িত থকাৰ সময়তে  কেৰালা চৰকাৰৰ লটাৰীৰ টকট এখন  কাটিছিল। সেই টিকট খনতেই  ৭৫ লাখ টকা তেওঁ জিকিছে।

মুভাট্টুপুঝা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ কে এন-এ কয়, "এজন লোকে আমাক ফোন কৰি আমাক কৈছিল যে তেওঁ ৭৫ লাখ টকাৰ লটাৰী জিকিছে। তেওঁ  ভয় কৰিছে যে কোনোবাই লটাৰীৰ টিকটটো কাঢ়ি নিব পাৰে। গতিকে তেওঁ আমাৰ পৰা  সুৰক্ষা বিচাৰিছে।’’ আৰক্ষীয়ে বাদেশক আশ্বাস দিছে  যে তেওঁক সকলো ধৰণৰ সহায় কৰা হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক