--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱাটো এটা সাধাৰণ কথা৷ কিন্তু বহিঃৰাজ্যলৈ কামৰ সন্ধানত গৈ নিশাটোৰ ভিতৰতে লাখ লাখ টকাৰ গৰাকী হোৱাটো নিশ্চয়কৈ আচৰিত কথা৷ কেৰালালৈ কাম কৰিবলৈ যোৱা এজন যুৱক শেহতীয়াকৈ  লাখপতি হৈ পৰিছে৷ 

যুৱক জন হৈছে  পশ্চিম বংগৰ শ্বেখ বাদেশ । বাদেশে কেৰালাত থকাৰ সময়তে এখন লটাৰীৰ টিকট কিনিছিল৷ তেনেকৈয়ে কপাল ফুলিল৷ লটাৰীত তেওঁ  ৭৫  লাখ টকা জিকিছে৷  ইয়াৰ পিছতে  নিৰাপত্তা বিচাৰি  আৰক্ষীৰ কাষ চাপিছে যুৱকজনে। লটাৰীত ৭৫ লাখ টকা  জিকাৰ পিছৰে পৰা বাদেশ আতংকত ভুগি আছে।  যদি কোনোবাই টিকটটো কাঢ়ি লয় সেই আতংকই তেওঁক খেদি ফুৰিছে। সেয়েহে তেওঁ নিৰাপত্তা বিচাৰি  আৰক্ষীৰ কাষ চাপিছে৷ 

উল্লেখ্য বাদেশে কেৰালাত শ্ৰমিক হিচাপে কাম কৰে। তেওঁ মুভাট্টুপুঝা আৰক্ষী থানা অঞ্চলত বাস কৰে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি তেওঁ  এৰ্নাকুলামত এটা পথ নিৰ্মাণৰ কামত জড়িত থকাৰ সময়তে  কেৰালা চৰকাৰৰ লটাৰীৰ টকট এখন  কাটিছিল। সেই টিকট খনতেই  ৭৫ লাখ টকা তেওঁ জিকিছে।

মুভাট্টুপুঝা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ কে এন-এ কয়, "এজন লোকে আমাক ফোন কৰি আমাক কৈছিল যে তেওঁ ৭৫ লাখ টকাৰ লটাৰী জিকিছে। তেওঁ  ভয় কৰিছে যে কোনোবাই লটাৰীৰ টিকটটো কাঢ়ি নিব পাৰে। গতিকে তেওঁ আমাৰ পৰা  সুৰক্ষা বিচাৰিছে।’’ আৰক্ষীয়ে বাদেশক আশ্বাস দিছে  যে তেওঁক সকলো ধৰণৰ সহায় কৰা হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু