--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএইবাৰ সংসদৰ  মজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছে। কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ কে চি বেণুগোপালে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰে। কেৰালাৰ কংগ্ৰেছ নেতাজনে অভিযোগ কৰে  যে প্ৰধানমন্ত্ৰীয়ে গান্ধী-নেহৰু পৰিয়ালৰ বিষয়ে অপমানজনক মন্তব্য কৰিছে।

বেণুগোপালে দাবী কৰিছে যে মোদীয়ে ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্বত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। ইয়াৰ পূৰ্বে ১০ ফেব্ৰুৱাৰীত ৰাজ্যসভাত মোদীৰ ভাষণত কংগ্ৰেছে তেওঁৰ এজন "ঘনিষ্ঠ সহযোগী" উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত জালিয়াতিৰ বিষয়টো উত্থাপন কৰিছিল। সেই সময়ত মোদীয়ে গান্ধী পৰিয়ালক প্ৰত্যুত্তৰ দি কৈছিল, "দেশৰ ৬০০ টা প্ৰকল্পত গান্ধী-নেহৰু পৰিয়ালৰ নাম আছে। 

যদি নেহৰুৰ নাম উল্লেখ কৰা নহয়, বহুলোকৰ চুলি থিয় হৈ যায়, তেজ গৰম হৈ পৰে। আমি ভুল নকৰো। কিন্তু নেহৰুৰ পৰিয়ালৰ বংশধৰসকলে নেহৰুৰ উপাধি কিয় ব্যৱহাৰ নকৰে? ইমান লজ্জাজনক কাম কিয়  কৰে ?"

ভাষণত মোদীয়ে দাবী কৰিছিল যে নেহৰু আৰু ইন্দিৰাৰ কাৰ্যকালত ৯০ বাৰতকৈও অধিক বাৰ অনুচ্ছেদ ৩৫৬ প্ৰয়োগ কৰি বিভিন্ন ৰাজ্যৰ চৰকাৰ ভংগ কৰা হৈছিল। একেদিনাই কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ "অভিযোগ"ৰ উত্তৰ দি কৈছিল  যে ছোনিয়া-ৰাহুল-প্ৰিয়ংকাই নেহৰু উপাধি ব্যৱহাৰ কৰাৰ কোনো প্ৰশ্নই নাই। কাৰণ তেওঁলোকে  নেহৰুৰ জীয়ৰী ইন্দিৰাৰ স্বামী ফিৰোজ গান্ধীৰ উপাধি ব্যৱহাৰ কৰে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত তেলেংগানাৰ শাসকীয় দল ভাৰতীয় ৰাষ্ট্ৰ সমিতিয়েও তেলেংগানা ৰাজ্য গঠন সন্দৰ্ভত আপত্তিজনক মন্তব্যৰ কৰাৰ অভিযোগ তুলি  মোদীৰ বিৰুদ্ধে সংসদত বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰিছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক