--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএইবাৰ সংসদৰ  মজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছে। কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ কে চি বেণুগোপালে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰে। কেৰালাৰ কংগ্ৰেছ নেতাজনে অভিযোগ কৰে  যে প্ৰধানমন্ত্ৰীয়ে গান্ধী-নেহৰু পৰিয়ালৰ বিষয়ে অপমানজনক মন্তব্য কৰিছে।

বেণুগোপালে দাবী কৰিছে যে মোদীয়ে ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্বত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। ইয়াৰ পূৰ্বে ১০ ফেব্ৰুৱাৰীত ৰাজ্যসভাত মোদীৰ ভাষণত কংগ্ৰেছে তেওঁৰ এজন "ঘনিষ্ঠ সহযোগী" উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত জালিয়াতিৰ বিষয়টো উত্থাপন কৰিছিল। সেই সময়ত মোদীয়ে গান্ধী পৰিয়ালক প্ৰত্যুত্তৰ দি কৈছিল, "দেশৰ ৬০০ টা প্ৰকল্পত গান্ধী-নেহৰু পৰিয়ালৰ নাম আছে। 

যদি নেহৰুৰ নাম উল্লেখ কৰা নহয়, বহুলোকৰ চুলি থিয় হৈ যায়, তেজ গৰম হৈ পৰে। আমি ভুল নকৰো। কিন্তু নেহৰুৰ পৰিয়ালৰ বংশধৰসকলে নেহৰুৰ উপাধি কিয় ব্যৱহাৰ নকৰে? ইমান লজ্জাজনক কাম কিয়  কৰে ?"

ভাষণত মোদীয়ে দাবী কৰিছিল যে নেহৰু আৰু ইন্দিৰাৰ কাৰ্যকালত ৯০ বাৰতকৈও অধিক বাৰ অনুচ্ছেদ ৩৫৬ প্ৰয়োগ কৰি বিভিন্ন ৰাজ্যৰ চৰকাৰ ভংগ কৰা হৈছিল। একেদিনাই কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ "অভিযোগ"ৰ উত্তৰ দি কৈছিল  যে ছোনিয়া-ৰাহুল-প্ৰিয়ংকাই নেহৰু উপাধি ব্যৱহাৰ কৰাৰ কোনো প্ৰশ্নই নাই। কাৰণ তেওঁলোকে  নেহৰুৰ জীয়ৰী ইন্দিৰাৰ স্বামী ফিৰোজ গান্ধীৰ উপাধি ব্যৱহাৰ কৰে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত তেলেংগানাৰ শাসকীয় দল ভাৰতীয় ৰাষ্ট্ৰ সমিতিয়েও তেলেংগানা ৰাজ্য গঠন সন্দৰ্ভত আপত্তিজনক মন্তব্যৰ কৰাৰ অভিযোগ তুলি  মোদীৰ বিৰুদ্ধে সংসদত বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰিছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু