--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক বিতৰ্কিত মন্তব্য কৰি যেন কদো বাহতহে জুই দিলে অভিনেত্ৰী সোণালী কুলকাৰ্ণীয়ে৷ অভিনেত্ৰী  সোণালী কুলকাৰ্ণীয়ে বহু যুৱতীক 'এলেহুৱা' বুলি কোৱাৰ লগতে তেনে মহিলাই ভাল চাকৰি কৰা ল’ৰা বিচাৰি ফুৰে বুলি মন্তব্য কৰিছিল৷  অভিনেত্ৰীগৰাকীয়ে আনকি তেনে এলেহুৱা যুৱতীসকলক  ঘৰুৱা দিশত আৰ্থিকভাবে অৰিহণা যোগাব পৰাকৈ এলাহ এৰাৰো কথা কয়৷  

ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী সোণালী কুলকাৰ্ণীয়ে কিছুসংখ্যক যুৱতীক  'এলেহুৱা' আৰু অনৱৰতে 'দাবী' কৰি থকা  বুলি কোৱাৰ পিছতে নেটিজেনৰ ৰোষৰ সন্মুখীন হৈছে। জনপ্ৰিয় ইউটিউব চেনেল কোচবিএছআৰ পৰিচালনা কৰা ভূপেন্দ্ৰ সিং ৰাথোৰক দিয়া ক সাক্ষাৎকাৰত  কুলকাৰ্ণীয়ে একাংশ যুৱতীকলৈ তেনেদৰে  মন্তব্য কৰিছিল।

সাক্ষাৎকাৰটো ২ মাৰ্চত ইউটিউবত সম্প্ৰচাৰ হৈছিল  আৰু কম সময়ৰ ভিতৰতে  ভাইৰেল হৈ পৰিছিল।  কুলকাৰ্ণীয়ে কৈছিল যে পুৰুষসকলে ১৮ বছৰ বয়সৰ পৰাই   পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ প্ৰচুৰ কষ্ট কৰিবলগীয়া হয়৷  আনহাতে যৱতীসকে সকলে ২৫  বা ২৭  বছৰ বয়সত  মধুচন্দ্ৰিকা কিদৰে পালন কৰিব সেই কথা ভাবি বিভোৰ হয়৷ 


তেওঁ যুৱতীসকলক কৰ্মক্ষেত্ৰত  যুৱতীসকলকো অৱদান আগবঢ়াবলৈ আহ্বান জনায় ৷যুৱতীসকলে ৰন্ধা-বঢ়াৰ উপৰি  ঘৰুৱা খৰচ উলিওৱাত সহায় কৰিবলৈও তেওঁ কয়। কুলকাৰ্ণীৰ মন্তব্যক বহুতে  প্ৰশংসা কৰিছে যদিও বহুতে আকৌ তেওঁক নিৰ্মভাবে সমালোচনাও কৰিছে৷  বহুতে ৪৮ বছৰীয়া অভিনেত্ৰীগৰাকীৰ মন্তব্যক নিন্দা কৰিছে আৰু কৈছে যে তেওঁ যুৱতীসকলে ঘৰত কৰা  অবৈতনিক ঘৰুৱা শ্ৰমক  তুচ্ছজ্ঞান কৰিছে৷ 

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ উদাহৰণবোৰ অভিনেত্ৰীগৰাকীয়ে এৰাই চলা বুলিও বহুতে অভিযোগ কৰিছে। কুলকাৰ্ণীৰ ভিডিঅ'টোত মন্তব্য কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, "যুৱতীসকল এলেহুৱা নেকি?  সোণালীয়ে এই দেশৰ যুৱতীসকলে কেনে পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰিছে  সেই বিষয়ে জ্ঞান অৰ্জন কৰা ভাল। ।" আন এজন ব্যক্তিয়ে লিখিছে, "মোৰ এই কথা ভাবিহাঁহি উঠে যে যি ব্যৱস্থাত  বহু যুৱতীয়ে   ঘৰুৱা কাম, ৰন্ধন, ঘৰৰ মানুহৰ যত্ন লোৱা আদিৰ বাবে  কেৰিয়াৰ ত্যাগ কৰিবলগীয়া  হৈছে সেই কা িন্তু সোণালী কুলকাৰ্ণীয়ে এবাৰ ভাবি চোৱা নাই৷ "

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু