--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক বিতৰ্কিত মন্তব্য কৰি যেন কদো বাহতহে জুই দিলে অভিনেত্ৰী সোণালী কুলকাৰ্ণীয়ে৷ অভিনেত্ৰী  সোণালী কুলকাৰ্ণীয়ে বহু যুৱতীক 'এলেহুৱা' বুলি কোৱাৰ লগতে তেনে মহিলাই ভাল চাকৰি কৰা ল’ৰা বিচাৰি ফুৰে বুলি মন্তব্য কৰিছিল৷  অভিনেত্ৰীগৰাকীয়ে আনকি তেনে এলেহুৱা যুৱতীসকলক  ঘৰুৱা দিশত আৰ্থিকভাবে অৰিহণা যোগাব পৰাকৈ এলাহ এৰাৰো কথা কয়৷  

ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী সোণালী কুলকাৰ্ণীয়ে কিছুসংখ্যক যুৱতীক  'এলেহুৱা' আৰু অনৱৰতে 'দাবী' কৰি থকা  বুলি কোৱাৰ পিছতে নেটিজেনৰ ৰোষৰ সন্মুখীন হৈছে। জনপ্ৰিয় ইউটিউব চেনেল কোচবিএছআৰ পৰিচালনা কৰা ভূপেন্দ্ৰ সিং ৰাথোৰক দিয়া ক সাক্ষাৎকাৰত  কুলকাৰ্ণীয়ে একাংশ যুৱতীকলৈ তেনেদৰে  মন্তব্য কৰিছিল।

সাক্ষাৎকাৰটো ২ মাৰ্চত ইউটিউবত সম্প্ৰচাৰ হৈছিল  আৰু কম সময়ৰ ভিতৰতে  ভাইৰেল হৈ পৰিছিল।  কুলকাৰ্ণীয়ে কৈছিল যে পুৰুষসকলে ১৮ বছৰ বয়সৰ পৰাই   পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ প্ৰচুৰ কষ্ট কৰিবলগীয়া হয়৷  আনহাতে যৱতীসকে সকলে ২৫  বা ২৭  বছৰ বয়সত  মধুচন্দ্ৰিকা কিদৰে পালন কৰিব সেই কথা ভাবি বিভোৰ হয়৷ 


তেওঁ যুৱতীসকলক কৰ্মক্ষেত্ৰত  যুৱতীসকলকো অৱদান আগবঢ়াবলৈ আহ্বান জনায় ৷যুৱতীসকলে ৰন্ধা-বঢ়াৰ উপৰি  ঘৰুৱা খৰচ উলিওৱাত সহায় কৰিবলৈও তেওঁ কয়। কুলকাৰ্ণীৰ মন্তব্যক বহুতে  প্ৰশংসা কৰিছে যদিও বহুতে আকৌ তেওঁক নিৰ্মভাবে সমালোচনাও কৰিছে৷  বহুতে ৪৮ বছৰীয়া অভিনেত্ৰীগৰাকীৰ মন্তব্যক নিন্দা কৰিছে আৰু কৈছে যে তেওঁ যুৱতীসকলে ঘৰত কৰা  অবৈতনিক ঘৰুৱা শ্ৰমক  তুচ্ছজ্ঞান কৰিছে৷ 

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ উদাহৰণবোৰ অভিনেত্ৰীগৰাকীয়ে এৰাই চলা বুলিও বহুতে অভিযোগ কৰিছে। কুলকাৰ্ণীৰ ভিডিঅ'টোত মন্তব্য কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, "যুৱতীসকল এলেহুৱা নেকি?  সোণালীয়ে এই দেশৰ যুৱতীসকলে কেনে পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰিছে  সেই বিষয়ে জ্ঞান অৰ্জন কৰা ভাল। ।" আন এজন ব্যক্তিয়ে লিখিছে, "মোৰ এই কথা ভাবিহাঁহি উঠে যে যি ব্যৱস্থাত  বহু যুৱতীয়ে   ঘৰুৱা কাম, ৰন্ধন, ঘৰৰ মানুহৰ যত্ন লোৱা আদিৰ বাবে  কেৰিয়াৰ ত্যাগ কৰিবলগীয়া  হৈছে সেই কা িন্তু সোণালী কুলকাৰ্ণীয়ে এবাৰ ভাবি চোৱা নাই৷ "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক