--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকেৰালাৰ কোজিকোডত বৃদ্ধি পাইছে নিপাহ আক্ৰান্ত ৰোগীৰ সংখ্যা। শেহতীয়াকৈ ৰাজ্য খনত বুধবাৰে এজন ৩৯ বছৰীয়া ব্যক্তিৰ দেহত এই ভাইৰাছ ধৰা পৰিছে। ইয়াকৈলৈ কেৰালাত নিপাহত আক্ৰান্তৰ  সংখ্যা হৈছে ৬। তেওঁলোকৰ সংস্পৰ্শলৈ অহা ৯৫০ জন লোকৰ ওপৰত এতিয়া চোকা নজৰ ৰখা হৈছে। তেওঁলোকৰ  ভিতৰত ২১৩ গৰাকী লোক ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ আশংকা আছে বুলি ধাৰণা কৰা হৈছে।

 কেৰালাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্যে দুজন লোকৰ  মৃত্যু ঘটিছে। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে শুক্ৰবাৰে এক  বিবৃতি জাৰি কৰে।  সংক্ৰমণ যাতে পুনৰ বিয়পি নপৰে তাৰ বাবে ৰাজহুৱা  সমাৱেশ নিষিদ্ধ কৰা হৈছে। আনহাতে মছজিদত বাতিল কৰা হৈছে  শুকুৰবৰীয়া নামাজ । চাৰিজন ৰোগী ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে। ইয়াৰ উপৰি কোজিকোডৰ চিকিৎসা মহাবিদ্যালয়ত ১৭  জন লোকক পৰ্যবেক্ষণত ৰখা হৈছে।
 

কেৰালাত পুনৰ নিপাহ ভাইৰাছৰ সমক্ৰমণৰ ঘটনা ধৰা পৰাৰ পিছতে সষ্টম হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।  ইতিমধ্যে ৰাজ্য খনৰ  কোজিকোড জিলাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ  দুজন লোকৰ মৃত্যু ঘটিছে  বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই  নিশ্চিত কৰিছে। ব্যক্তিগত চিকিৎসালয়ৰ পৰা দুটা "অপ্ৰাকৃতিক" মৃত্যুৰ খবৰ পোৱাৰ পিছত কালি জিলা খনত স্বাস্থ্য সতৰ্কতা জাৰি কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ পৰিস্থিতিৰ বুজ ল'বলৈ আৰু নিপাহ ভাইৰাছ সম্পৰ্কীয়  ব্যৱস্থাপনাৰ ক্ষেত্ৰত   ৰাজ্য চৰকাৰক সহায় কৰিবলৈ কেৰালালৈ প্ৰেৰণ কৰা এটা কেন্দ্ৰীয় দলে প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়৷ 

তেওঁ লগতে কয় যে নিপাহ ভাইৰাছত আক্ৰান্ত  হৈ কেৰালাত প্ৰথম মৃত্যুৰ ঘটনাটো  ৩০ আগষ্টত আৰু দ্বিতীয় মৃত্যুৰ ঘটনা সোমবাৰে হোৱা বুলিও তেওঁ মন্তব্য কৰে৷  কেৰালা চৰকাৰে কোজিকোডত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে আৰু লোকসকলক সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুখা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে৷ মঙলবাৰে  কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে আৰু কয় যে যিসকলে ৰোগীৰ  সৈতে ঘনিষ্ঠ সম্পৰ্কত আছে তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই।"ৰোগীৰ সংস্পৰ্শলৈ অহাসকলক বিচাৰি উলিওৱা হৈছে আৰু চিকিৎসা কৰি থকা  হৈছে।

 উল্লেখ্য ২০১৮ চনত কোজিকোড আৰু মালাপ্পুৰম জিলাত নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল আৰু পিছত ২০২১ চনত কোজিকোডত নিপাহ ভাইৰাছ সংক্ৰমণৰ  কেইবাটাও ঘটনা ধৰা পৰিছিল।সেই সময়ত ১৮ জন লোকৰ নিপাহত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল। নিপাহ ভাইৰাছ মূলতঃ বাদুলিৰ দ্বাৰা বিয়পে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে  এই ভাইৰাছ মানুহৰ লগতে আন জীৱ-জন্তুৰ বাবেও সমানে মাৰাত্মক। নিপাহ ভাইৰাছত আক্ৰান্ত হ’লে ৰোগীয়ে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ,  মূৰ ঘূৰোৱা আৰু ওকালি অহা আদি লক্ষণত ভোগে ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত