--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি  জগদীপ ধনখৰে আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে   ভাৰতৰ পৰিবেশ্য কলাৰ ক্ষেত্ৰ খনৰ ৭৫ বছৰৰ অধিক বয়সৰ আৰু এতিয়ালৈকে কোনো ৰাষ্ট্ৰীয় সন্মান লাভ নকৰা ৮৪ গৰাকী শিল্পীক  সংগীত নাটক একাডেমি অমৃত বঁটা প্ৰদান কৰিব৷ কাইলৈ বঁটা লাভ কৰিবলগীয়া শিল্পীসকলৰ ভিতৰত অসমৰ পাঁচগৰাকী শিল্পীও আছে৷ তেওঁলোক হৈছে ক্ৰমে  হৰি বৰা বৰবায়ন (সত্ৰীয়া), ধৰ্মেশ্বৰ নাথ (ব্যাস ওজাপালি), গুৰু প্ৰসাদ ওজা (ব্যাস  কীৰ্তন),মিনতি খাউণ্ড (ভায়োলিন),মাখন চন্দ্ৰ বৰা ( লোক সংগীত আৰু নৃত্য)৷

আজি এক সংবাদমেল সম্বোধন কৰি সংগীত নাটক একাডেমীৰ অধ্যক্ষ ড০ সন্ধ্যা পুৰেচাই কয় যে সংগীত নাটক একাডেমী অমৃত বঁটা পৰিবেশ্য  কলাৰ ক্ষেত্ৰত প্ৰদৰ্শনকাৰী শিল্পীৰ লগতে শিক্ষক আৰু পণ্ডিতসকলক প্ৰদান কৰা এক ৰাষ্ট্ৰীয় সন্মান। প্ৰাপকসকলক একাডেমীৰ সাধাৰণ পৰিষদে বাছনি কৰে, য'ত বিশিষ্ট সংগীতজ্ঞ, নৃত্যশিল্পী, থিয়েটাৰ শিল্পী , পণ্ডিত আৰু ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মনোনীত ব্যক্তিসকল থাকে। তেওঁ লগতে জনায় যে এই সন্মানত তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰমৰ উপৰি ১,০০,০০০/- টকা (এক লাখ টকা)ৰ নগদ  ধন আছে।

আইন আৰু ন্যায় মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা সংস্কৃতি আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু সংস্কৃতি আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীৰ উপস্থিতিত কাইলৈ অৰ্থাৎ ১৬ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক বিশেষ অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে সংগীত নাটক একাডেমী অমৃত বঁটা প্ৰদান কৰিব।

বঁটা প্ৰদান অনুষ্ঠানৰ পিছত মেঘদূত  কমপ্লেক্স, সংগীত নাটক একাডেমী, ৩৫, ফিৰোজ শ্বাহ ৰোড, নতুন দিল্লীত ১৬ৰ পৰা ২০ ছেপ্টেম্বৰলৈ প্ৰতিদিনে সন্ধিয়া  ৬ বজাত সংগীত নাটক একাডেমি অমৃত বঁটা প্ৰাপকসকলক লৈ পৰিবেশ্য  কলা উৎসৱ অনুষ্ঠিত হ'ব।

সংবাদমেলত সংস্কৃতি মন্ত্ৰালয়ৰ যুটীয়া সচিব  উমা নন্দুৰী, সংগীত নাটক একাডেমীৰ উপাধ্যক্ষ জোৰাভাৰসিং যাদৱ আৰু সচিব  ৰাজু দাসো উপস্থিত থাকে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত