--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি  জগদীপ ধনখৰে আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে   ভাৰতৰ পৰিবেশ্য কলাৰ ক্ষেত্ৰ খনৰ ৭৫ বছৰৰ অধিক বয়সৰ আৰু এতিয়ালৈকে কোনো ৰাষ্ট্ৰীয় সন্মান লাভ নকৰা ৮৪ গৰাকী শিল্পীক  সংগীত নাটক একাডেমি অমৃত বঁটা প্ৰদান কৰিব৷ কাইলৈ বঁটা লাভ কৰিবলগীয়া শিল্পীসকলৰ ভিতৰত অসমৰ পাঁচগৰাকী শিল্পীও আছে৷ তেওঁলোক হৈছে ক্ৰমে  হৰি বৰা বৰবায়ন (সত্ৰীয়া), ধৰ্মেশ্বৰ নাথ (ব্যাস ওজাপালি), গুৰু প্ৰসাদ ওজা (ব্যাস  কীৰ্তন),মিনতি খাউণ্ড (ভায়োলিন),মাখন চন্দ্ৰ বৰা ( লোক সংগীত আৰু নৃত্য)৷

আজি এক সংবাদমেল সম্বোধন কৰি সংগীত নাটক একাডেমীৰ অধ্যক্ষ ড০ সন্ধ্যা পুৰেচাই কয় যে সংগীত নাটক একাডেমী অমৃত বঁটা পৰিবেশ্য  কলাৰ ক্ষেত্ৰত প্ৰদৰ্শনকাৰী শিল্পীৰ লগতে শিক্ষক আৰু পণ্ডিতসকলক প্ৰদান কৰা এক ৰাষ্ট্ৰীয় সন্মান। প্ৰাপকসকলক একাডেমীৰ সাধাৰণ পৰিষদে বাছনি কৰে, য'ত বিশিষ্ট সংগীতজ্ঞ, নৃত্যশিল্পী, থিয়েটাৰ শিল্পী , পণ্ডিত আৰু ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মনোনীত ব্যক্তিসকল থাকে। তেওঁ লগতে জনায় যে এই সন্মানত তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰমৰ উপৰি ১,০০,০০০/- টকা (এক লাখ টকা)ৰ নগদ  ধন আছে।

আইন আৰু ন্যায় মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা সংস্কৃতি আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু সংস্কৃতি আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীৰ উপস্থিতিত কাইলৈ অৰ্থাৎ ১৬ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক বিশেষ অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে সংগীত নাটক একাডেমী অমৃত বঁটা প্ৰদান কৰিব।

বঁটা প্ৰদান অনুষ্ঠানৰ পিছত মেঘদূত  কমপ্লেক্স, সংগীত নাটক একাডেমী, ৩৫, ফিৰোজ শ্বাহ ৰোড, নতুন দিল্লীত ১৬ৰ পৰা ২০ ছেপ্টেম্বৰলৈ প্ৰতিদিনে সন্ধিয়া  ৬ বজাত সংগীত নাটক একাডেমি অমৃত বঁটা প্ৰাপকসকলক লৈ পৰিবেশ্য  কলা উৎসৱ অনুষ্ঠিত হ'ব।

সংবাদমেলত সংস্কৃতি মন্ত্ৰালয়ৰ যুটীয়া সচিব  উমা নন্দুৰী, সংগীত নাটক একাডেমীৰ উপাধ্যক্ষ জোৰাভাৰসিং যাদৱ আৰু সচিব  ৰাজু দাসো উপস্থিত থাকে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা