--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৰালাত ঘটিল নজিৰবিহীন ঘটনা৷ এইবাৰ ধৰ্ণাত বহিল খোদ ৰাজ্যখনৰ ৰাজ্যপাল৷ আজি সকলোকে আচৰিত কৰি কেৰালাৰ কোল্লামত ধৰ্ণাত বহিল ৰাজ্যপাল আৰিফ মহম্মদ খান৷ ঘটনা অনুসৰি কোল্লামৰ MC ৰোডত থকা এখন চাহৰ দোকানৰ সন্মুখত চকী বহি প্ৰতিবাদত নামিল ৰাজ্যপালগৰাকী৷ 

কেৰালাৰ SFI কৰ্মীৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাজ্যপাল আৰিফ মহম্মদ খানে৷ দৰাচলতে ৰাজ্যপালৰ কনভয়ক ক’লা পতাকা প্ৰদৰ্শন কৰিছিল একাংশ SFI কৰ্মীয়ে৷ যাক লৈ ক্ষুণ্ণ হৈ পৰিছিল ৰাজ্যপালগৰাকী৷ কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ অভিযোগ ৰাজ্যখনৰ শাসনাধিষ্ঠ বাঁওপন্থী চৰকাৰৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আহিছে SFI কৰ্মীসকলক৷ যাৰ বাবে SFI কৰ্মীসকলৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ ক্ষেত্ৰত আকোঁৰগোঁজ মনোভাৱ গ্ৰহণ কৰি এনেদৰে প্ৰতিবাদত বহিছিল ৰাজ্যপালগৰাকী৷ 

আৰিফ মহম্মদ খানৰ এনে কাণ্ডৰ পাছতে তৎপৰ হৈ পৰা দেখা যায় কেৰালাৰ আৰক্ষীক৷ ঘটনা সন্দৰ্ভত ১ গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৭ গৰাকী SFI কৰ্মীক৷ আনহাতে দুঘণ্টা ধৰি ধৰ্ণা অব্যাহত ৰখা ৰাজ্যপালগৰাকীক FIRৰ কপি দেখুওৱাৰ পাছতহে ধৰ্ণা ত্যাগ কৰি ৰাজভৱন অভিমুখে গমন কৰে ৰাজ্যপাল আৰিফ মহম্মদ খানে৷ 

ইপিনে ৰাজ্যপাল আৰিফ মহম্মদ খান ধৰ্ণাত বহাৰ পাছতেই ৰাজ্যপালগৰাকী আৰু ৰাজভৱনৰ সুৰক্ষাক লৈ তৎপৰ হৈ পৰা দেখা গ’ল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক৷ ৰাজ্যপাল আৰিফ মহম্মদ খানক Z+ সুৰক্ষা প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷ ইপিনে ধৰ্ণাত বহা ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে কেৰালাৰ SFI কৰ্মী৷ ৰাজ্যপাল আৰিফ মহম্মদ খানে SFI কৰ্মীক অপৰাধী আখ্যা দিয়াৰ অভিযোগ তুলিছে ছাত্ৰ সংগঠনটোৱে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক