--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৰালাত ঘটিল নজিৰবিহীন ঘটনা৷ এইবাৰ ধৰ্ণাত বহিল খোদ ৰাজ্যখনৰ ৰাজ্যপাল৷ আজি সকলোকে আচৰিত কৰি কেৰালাৰ কোল্লামত ধৰ্ণাত বহিল ৰাজ্যপাল আৰিফ মহম্মদ খান৷ ঘটনা অনুসৰি কোল্লামৰ MC ৰোডত থকা এখন চাহৰ দোকানৰ সন্মুখত চকী বহি প্ৰতিবাদত নামিল ৰাজ্যপালগৰাকী৷ 

কেৰালাৰ SFI কৰ্মীৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাজ্যপাল আৰিফ মহম্মদ খানে৷ দৰাচলতে ৰাজ্যপালৰ কনভয়ক ক’লা পতাকা প্ৰদৰ্শন কৰিছিল একাংশ SFI কৰ্মীয়ে৷ যাক লৈ ক্ষুণ্ণ হৈ পৰিছিল ৰাজ্যপালগৰাকী৷ কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ অভিযোগ ৰাজ্যখনৰ শাসনাধিষ্ঠ বাঁওপন্থী চৰকাৰৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আহিছে SFI কৰ্মীসকলক৷ যাৰ বাবে SFI কৰ্মীসকলৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ ক্ষেত্ৰত আকোঁৰগোঁজ মনোভাৱ গ্ৰহণ কৰি এনেদৰে প্ৰতিবাদত বহিছিল ৰাজ্যপালগৰাকী৷ 

আৰিফ মহম্মদ খানৰ এনে কাণ্ডৰ পাছতে তৎপৰ হৈ পৰা দেখা যায় কেৰালাৰ আৰক্ষীক৷ ঘটনা সন্দৰ্ভত ১ গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৭ গৰাকী SFI কৰ্মীক৷ আনহাতে দুঘণ্টা ধৰি ধৰ্ণা অব্যাহত ৰখা ৰাজ্যপালগৰাকীক FIRৰ কপি দেখুওৱাৰ পাছতহে ধৰ্ণা ত্যাগ কৰি ৰাজভৱন অভিমুখে গমন কৰে ৰাজ্যপাল আৰিফ মহম্মদ খানে৷ 

ইপিনে ৰাজ্যপাল আৰিফ মহম্মদ খান ধৰ্ণাত বহাৰ পাছতেই ৰাজ্যপালগৰাকী আৰু ৰাজভৱনৰ সুৰক্ষাক লৈ তৎপৰ হৈ পৰা দেখা গ’ল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক৷ ৰাজ্যপাল আৰিফ মহম্মদ খানক Z+ সুৰক্ষা প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷ ইপিনে ধৰ্ণাত বহা ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে কেৰালাৰ SFI কৰ্মী৷ ৰাজ্যপাল আৰিফ মহম্মদ খানে SFI কৰ্মীক অপৰাধী আখ্যা দিয়াৰ অভিযোগ তুলিছে ছাত্ৰ সংগঠনটোৱে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু