--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰেলাৰ কাছাৰাগোদৰ শ্ৰী আনন্দপদ্মনাভ স্বামী মন্দিৰৰ বিখ্যাত ঘৰিয়ালটোৰ মৃত্যু হৈছে। ঘৰিয়ালটোৰ নাম আছিল ববিয়া। ঘৰিয়াল আমিষভোজী কিন্তু ববিয়া আছিল নিৰামিষভোজী। সেয়ে এই ঘৰিয়ালটোক লৈ সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছিল। দেওবাৰে মৃত্যুক সাবটি লয় ববিয়াই। মৃত্যুৰ সময়ত ববিয়াৰ বয়স আছিল ৭৫ বছৰ। 

মন্দিৰ দৰ্শন কৰা ভক্তসকলৰ বাবে ববিয়া আছিল অন্যতম মূল আকৰ্ষণ। বিগত কেইবাটাও দশক ধৰি শ্ৰী অনন্তপদ্মনাভ স্বামী মন্দিৰৰ হ্ৰদটোত বসবাস কৰি আছিল একমাত্ৰ ঘৰিয়ালটোৱে। মন্দিৰৰ বিষয়াসকলে জনোৱা মতে, ৭০ বছৰ ধৰি মন্দিৰৰ হ্ৰদটোত বসবাস কৰি আছিল ঘৰিয়ালটোৱে। শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল ঘৰিয়ালটো।

মন্দিৰৰ কৰ্তৃপক্ষই জনোৱা মতে, দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত ববিয়াক হ্ৰদটোত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। মন্দিৰ প্ৰশাসনে আৰক্ষী আৰু পশুপালন বিভাগক বিষয়টো অৱগত কৰে। মৃত ববিয়াক হ্ৰদৰ পৰা উলিয়াই আনি এটা কাঁচৰ বাকচত ৰখা হয়। সোমবাৰে বিভিন্ন ৰাজনৈতিক নেতাকে ধৰি বহু লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ববিয়াক। মন্দিৰৰ বিষয়াসকলে জনায় যে ববিয়া সম্পূৰ্ণৰূপে নিৰামিষভোজী আছিল আৰু মন্দিৰত প্ৰস্তুত কৰা ‘প্ৰসাদ’ খায়হে জীৱন নিৰ্বাহ কৰিছিল। 

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যমন্ত্ৰী শোভা কাৰাণ্ডলাজে কয় যে ৭০ বছৰতকৈ অধিক সময় ধৰি মন্দিৰত থকা ঈশ্বৰৰ এই ঘৰিয়ালটোৱে হয়তো মোক্ষ লাভ কৰিব। তেওঁ টুইট কৰি কয়, "শ্ৰী অনন্তপুৰা হ্ৰদ মন্দিৰৰ ভগৱানৰ নিজৰ ঘৰিয়াল ববিয়াই বিষ্ণুৰ চৰণত স্থান লাভ কৰিলে। শ্ৰী অনন্তপদ্মনাভ স্বামীক অৰ্পণ কৰা চাউল আৰু গুড়ৰ পৰা তৈয়াৰী প্ৰসাদ খাই তেওঁ ৭০ বছৰতকৈও অধিক সময় মন্দিৰৰ হ্ৰদত থাকি মন্দিৰটোক ৰক্ষা কৰিছিল। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক.. ঔম শান্তি!

ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনেও ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে ববিয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্দিৰৰ বিষয়াসকলে জনোৱা মতে, সোমবাৰে বিয়লি ধৰ্মীয় ৰীতি-নীতিৰে ঘৰিয়ালটোক শেষ বিদায় জনোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক