--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰেলাৰ কাছাৰাগোদৰ শ্ৰী আনন্দপদ্মনাভ স্বামী মন্দিৰৰ বিখ্যাত ঘৰিয়ালটোৰ মৃত্যু হৈছে। ঘৰিয়ালটোৰ নাম আছিল ববিয়া। ঘৰিয়াল আমিষভোজী কিন্তু ববিয়া আছিল নিৰামিষভোজী। সেয়ে এই ঘৰিয়ালটোক লৈ সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছিল। দেওবাৰে মৃত্যুক সাবটি লয় ববিয়াই। মৃত্যুৰ সময়ত ববিয়াৰ বয়স আছিল ৭৫ বছৰ। 

মন্দিৰ দৰ্শন কৰা ভক্তসকলৰ বাবে ববিয়া আছিল অন্যতম মূল আকৰ্ষণ। বিগত কেইবাটাও দশক ধৰি শ্ৰী অনন্তপদ্মনাভ স্বামী মন্দিৰৰ হ্ৰদটোত বসবাস কৰি আছিল একমাত্ৰ ঘৰিয়ালটোৱে। মন্দিৰৰ বিষয়াসকলে জনোৱা মতে, ৭০ বছৰ ধৰি মন্দিৰৰ হ্ৰদটোত বসবাস কৰি আছিল ঘৰিয়ালটোৱে। শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল ঘৰিয়ালটো।

মন্দিৰৰ কৰ্তৃপক্ষই জনোৱা মতে, দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত ববিয়াক হ্ৰদটোত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। মন্দিৰ প্ৰশাসনে আৰক্ষী আৰু পশুপালন বিভাগক বিষয়টো অৱগত কৰে। মৃত ববিয়াক হ্ৰদৰ পৰা উলিয়াই আনি এটা কাঁচৰ বাকচত ৰখা হয়। সোমবাৰে বিভিন্ন ৰাজনৈতিক নেতাকে ধৰি বহু লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ববিয়াক। মন্দিৰৰ বিষয়াসকলে জনায় যে ববিয়া সম্পূৰ্ণৰূপে নিৰামিষভোজী আছিল আৰু মন্দিৰত প্ৰস্তুত কৰা ‘প্ৰসাদ’ খায়হে জীৱন নিৰ্বাহ কৰিছিল। 

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যমন্ত্ৰী শোভা কাৰাণ্ডলাজে কয় যে ৭০ বছৰতকৈ অধিক সময় ধৰি মন্দিৰত থকা ঈশ্বৰৰ এই ঘৰিয়ালটোৱে হয়তো মোক্ষ লাভ কৰিব। তেওঁ টুইট কৰি কয়, "শ্ৰী অনন্তপুৰা হ্ৰদ মন্দিৰৰ ভগৱানৰ নিজৰ ঘৰিয়াল ববিয়াই বিষ্ণুৰ চৰণত স্থান লাভ কৰিলে। শ্ৰী অনন্তপদ্মনাভ স্বামীক অৰ্পণ কৰা চাউল আৰু গুড়ৰ পৰা তৈয়াৰী প্ৰসাদ খাই তেওঁ ৭০ বছৰতকৈও অধিক সময় মন্দিৰৰ হ্ৰদত থাকি মন্দিৰটোক ৰক্ষা কৰিছিল। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক.. ঔম শান্তি!

ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনেও ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে ববিয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্দিৰৰ বিষয়াসকলে জনোৱা মতে, সোমবাৰে বিয়লি ধৰ্মীয় ৰীতি-নীতিৰে ঘৰিয়ালটোক শেষ বিদায় জনোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু