--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেদাৰনাথ ভট্টাচাৰ্যক বহুতে চিনি নাপাব পাৰে। কিন্তু কুমাৰ ছানু বুলি ক’লে নব্বৈৰ দশকৰ ‘মেলোডী কিং’ৰ প্ৰতিচ্ছবি চকুত ভাঁহি আহে। কুমাৰ ছানুৱে হিন্দী চিনেমাজনগতক বহু হিট গীত দিছে।

বঙালী ল'ৰা কুমাৰ ছানুৰ বলিউড জয়ৰ কাহিনীও আচৰিত। কেদাৰনাথ কেনেকৈ কুমাৰ ছানু  হৈ পৰিল? সেই কথা বহুতে নাজানে। কুমাৰ ছানু  নামটো মানুহৰ মাজত জনপ্ৰিয়। 

আগতে কলকাতা আৰু মুম্বাইৰ হোটেলত গান গাইছিল কুমাৰ ছানুৱে। জগজিৎ সিঙৰ জৰিয়তে তেওঁ বিখ্যাত সংগীত পৰিচালক যুটি কল্যানজী-আনন্দজীৰ সংস্পৰ্শলৈ আহিছিল। মুম্বাইৰ সম্মুখানন্দ থিয়েটাৰত এক অনুষ্ঠানত তেওঁক সুযোগ দিয়া হৈছিল। তাতে ভাল উপদেশ এটা লাভ কৰিলে তেওঁ।

ছানুৱে ক’লে- “কল্যাণজী-আনন্দজীয়ে ভাবিছিল যে বাংলা শিল্পীসকলৰ উৰ্দু উচ্চাৰণ ভাল নহয়। তেওঁলোকে অনুভৱ কৰিছিল যে মোৰ উৰ্দু উচ্চাৰণ যথেষ্ট ভাল, কিন্তু ভট্টাচাৰ্য উপাধিটোৱে মোক যি বাংলা লেবেল দিব, সেইটোৱে মোৰ মুম্বাইৰ কেৰিয়াৰৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে নামটো তেওঁলোকে সলনি কৰিলে। মোৰ নাম ৰাখিলে কুমাৰ ছানু।”

কণ্ঠশিল্পীগৰাকীয়ে লগতে কয়, ‘ছানু মোৰ ঘৰুৱা নাম আছিল। যিটো ছানা (মিঠা খাদ্য)ৰ পৰা আহিছিল। মই বৰ চেঙেলীয়া আছিলো। গতিকে ঘৰত সকলোৱে মোক 
ছানা (পোৱালি) বুলি মাতিছিল। তাৰ পৰাই আহিল কুমাৰ ছানু।’’

ইতিমধ্যে তেওঁৰ বলীউড উদ্যোগত ৩৫ বছৰ পাৰ হৈ গ’ল। তেওঁ সকলো আগশাৰীৰ হিৰ’ৰ বাবে কণ্ঠ দিছে। কিন্তু ছানুৱেও যুঁজিব লগা হৈছিল। আশীৰ দশকত তেওঁ হোটেলত গান গাই কিছু টকা উপাৰ্জন কৰিছিল।

কণ্ঠশিল্পীগৰাকীয়ে কয়, “মই কাম পোৱাৰ আশাত হোটেলত গান গাই উপাৰ্জন কৰা ধনেৰে কেছেট বনাই সংগীত পৰিচালকক দিছিলোঁ। কিন্তু তেওঁলোকে মোক ঘূৰাই পঠাইছিল। কৈছিল যে মই কিশোৰ কুমাৰৰ দৰে গাওঁ।” ছানুৰ ভাষাত "তেওঁলোকে কৈছিল যে কিশোৰদা এতিয়াও জীয়াই আছে। তেওঁৰ হতুৱাই গোৱাম। তোমাক কিয় গোৱাম?’’

ছানুৰ প্ৰতিভাক প্ৰথমে উপলব্ধি কৰিছিল গুলচন কুমাৰে। মুম্বাইৰ হোটেলতো গীত গাইছিল চানুৱে। তাৰপাছত গুলচনৰ কোম্পানীত কভাৰ গীত গোৱাৰ সুযোগ লাভ কৰে। ‘জীনা তেৰী গ’লি মেই’ ছবিখনত তেওঁ দুটা গীত গোৱাৰ সুযোগ পাইছিল। দুয়োটা গীত ছুপাৰ হিট হৈ পৰিল। তাৰ পৰাই ‘আশিকী’ত গান গোৱাৰ সুযোগ চানুলৈ আহিল।

তেতিয়াৰ পৰাই ছানুৱে গান গাইছে সাড়ে তিনি দশকধৰি। শিল্পীজনে পিছলৈ ঘূৰি চাব লগা হোৱা নাই। তেওঁ কয় যে তেওঁ ছয়কুৰিটা ভাষাত একবিংশ হাজাৰ গীত গাইছে। এই বছৰৰ শেষৰ ফালে ২২ হাজাৰ গীতৰ অতিক্ৰম কৰিব বুলি আত্মবিশ্বাসী তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী