--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেদাৰনাথ ভট্টাচাৰ্যক বহুতে চিনি নাপাব পাৰে। কিন্তু কুমাৰ ছানু বুলি ক’লে নব্বৈৰ দশকৰ ‘মেলোডী কিং’ৰ প্ৰতিচ্ছবি চকুত ভাঁহি আহে। কুমাৰ ছানুৱে হিন্দী চিনেমাজনগতক বহু হিট গীত দিছে।

বঙালী ল'ৰা কুমাৰ ছানুৰ বলিউড জয়ৰ কাহিনীও আচৰিত। কেদাৰনাথ কেনেকৈ কুমাৰ ছানু  হৈ পৰিল? সেই কথা বহুতে নাজানে। কুমাৰ ছানু  নামটো মানুহৰ মাজত জনপ্ৰিয়। 

আগতে কলকাতা আৰু মুম্বাইৰ হোটেলত গান গাইছিল কুমাৰ ছানুৱে। জগজিৎ সিঙৰ জৰিয়তে তেওঁ বিখ্যাত সংগীত পৰিচালক যুটি কল্যানজী-আনন্দজীৰ সংস্পৰ্শলৈ আহিছিল। মুম্বাইৰ সম্মুখানন্দ থিয়েটাৰত এক অনুষ্ঠানত তেওঁক সুযোগ দিয়া হৈছিল। তাতে ভাল উপদেশ এটা লাভ কৰিলে তেওঁ।

ছানুৱে ক’লে- “কল্যাণজী-আনন্দজীয়ে ভাবিছিল যে বাংলা শিল্পীসকলৰ উৰ্দু উচ্চাৰণ ভাল নহয়। তেওঁলোকে অনুভৱ কৰিছিল যে মোৰ উৰ্দু উচ্চাৰণ যথেষ্ট ভাল, কিন্তু ভট্টাচাৰ্য উপাধিটোৱে মোক যি বাংলা লেবেল দিব, সেইটোৱে মোৰ মুম্বাইৰ কেৰিয়াৰৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে নামটো তেওঁলোকে সলনি কৰিলে। মোৰ নাম ৰাখিলে কুমাৰ ছানু।”

কণ্ঠশিল্পীগৰাকীয়ে লগতে কয়, ‘ছানু মোৰ ঘৰুৱা নাম আছিল। যিটো ছানা (মিঠা খাদ্য)ৰ পৰা আহিছিল। মই বৰ চেঙেলীয়া আছিলো। গতিকে ঘৰত সকলোৱে মোক 
ছানা (পোৱালি) বুলি মাতিছিল। তাৰ পৰাই আহিল কুমাৰ ছানু।’’

ইতিমধ্যে তেওঁৰ বলীউড উদ্যোগত ৩৫ বছৰ পাৰ হৈ গ’ল। তেওঁ সকলো আগশাৰীৰ হিৰ’ৰ বাবে কণ্ঠ দিছে। কিন্তু ছানুৱেও যুঁজিব লগা হৈছিল। আশীৰ দশকত তেওঁ হোটেলত গান গাই কিছু টকা উপাৰ্জন কৰিছিল।

কণ্ঠশিল্পীগৰাকীয়ে কয়, “মই কাম পোৱাৰ আশাত হোটেলত গান গাই উপাৰ্জন কৰা ধনেৰে কেছেট বনাই সংগীত পৰিচালকক দিছিলোঁ। কিন্তু তেওঁলোকে মোক ঘূৰাই পঠাইছিল। কৈছিল যে মই কিশোৰ কুমাৰৰ দৰে গাওঁ।” ছানুৰ ভাষাত "তেওঁলোকে কৈছিল যে কিশোৰদা এতিয়াও জীয়াই আছে। তেওঁৰ হতুৱাই গোৱাম। তোমাক কিয় গোৱাম?’’

ছানুৰ প্ৰতিভাক প্ৰথমে উপলব্ধি কৰিছিল গুলচন কুমাৰে। মুম্বাইৰ হোটেলতো গীত গাইছিল চানুৱে। তাৰপাছত গুলচনৰ কোম্পানীত কভাৰ গীত গোৱাৰ সুযোগ লাভ কৰে। ‘জীনা তেৰী গ’লি মেই’ ছবিখনত তেওঁ দুটা গীত গোৱাৰ সুযোগ পাইছিল। দুয়োটা গীত ছুপাৰ হিট হৈ পৰিল। তাৰ পৰাই ‘আশিকী’ত গান গোৱাৰ সুযোগ চানুলৈ আহিল।

তেতিয়াৰ পৰাই ছানুৱে গান গাইছে সাড়ে তিনি দশকধৰি। শিল্পীজনে পিছলৈ ঘূৰি চাব লগা হোৱা নাই। তেওঁ কয় যে তেওঁ ছয়কুৰিটা ভাষাত একবিংশ হাজাৰ গীত গাইছে। এই বছৰৰ শেষৰ ফালে ২২ হাজাৰ গীতৰ অতিক্ৰম কৰিব বুলি আত্মবিশ্বাসী তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস