--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়াৰ আশীৰ দশকতে লিখা বহুপঠিত তথা কেইবাটাও বিদেশী ভাষালৈ অনুদিত হোৱা মননশীল গল্প ‘ষ্টাফ ফটোগ্ৰাফাৰৰ ছবি’ এইবাৰ ছবিৰ ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেল আয়োজন কৰি এই বিষয়ে জানিবলৈ দিয়ে চিনেমাৰ প্ৰযোজকদ্বয় দেৱজ্যোতি বৰা আৰু অৰিণি গগৈ বৰাই। 

কৃষ্টিৰ পথাৰত সৃষ্টিৰ প্ৰতিশ্ৰুতি লৈ খোজ দিয়া ‘স্বাৱলম্বন মিডিয়া এণ্ড এন্টাৰটেইনমেন্ট’ৰ বেনাৰত নিৰ্মাণ হ’ব লগা ছবখনৰ নতুনকৈ নাম ৰখা হৈছে ‘WIDE-ANGLE’। আশীৰ দশকৰ অসমৰ ঐতিহাসিক বিদেশী বহিষ্কাৰ আন্দোলনৰ পটভূমিত নিৰ্মাণ হ'ব লগা ছবিখনত সৎ সাহসী আৰু সত্যনিষ্ঠ সাংবাদিকতাত বিশ্বাস ৰখা এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰৰ জীৱনৰ নিৰ্মম বাস্তৱিকতাক আজিৰ প্ৰেক্ষাপটত তুলি ধৰাকৈ চিত্ৰনাট্য ৰচনা কৰিছে অসমৰ জনপ্ৰিয় নাট্যকাৰ, পৰিচালক পঙ্কজজ্যোতি ভূঞাই। 

ছবিখনৰ পৰিচালনাৰ গুৰুদায়িত্ব লৈছে অসমৰ জনপ্ৰিয় সংগীত শিল্পী তথা পৰিচালক জয়ন্ত নাথে। ছবিখনৰ সংগীত পৰিচালনাও পৰিচালকৰ নিজা। চিনেমাটোগ্ৰাফী কৰিব সুদক্ষ চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰাই। ৰূপসজ্জা বিশ্ব শইকীয়াৰ। 

গণতান্ত্ৰিক ব্যৱস্থা এটাৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংবাদ মাধ্যমত ফটো সাংবাদিক এজনৰ গুৰুত্ব অপৰিসীম। দিলীপ ভাগৱতী ইয়াত সমৰ্পিত ব্যক্তি যদিও নানা কাৰণত তেওঁ ব্যৰ্থ। সাংসাৰিক জীৱনটো তেওঁ বহু ঘাট-প্ৰতিঘাটৰ মুখামুখি হৈ আহিছে। নি:সন্তান দম্পতীৰহালৰ মনোবেদনা আৰু বাঢ়ি আহে যেতিয়া তেওঁলোকৰ প্ৰতিবেশী এটা পৰিয়ালৰ ল'ৰা, যি ছাত্ৰ নেতা, তেওঁক বিচাৰি প্ৰতি নিশাই আৰক্ষীয়ে অত্যাচাৰ কৰিবলৈ লয়। আশ্ৰয় বিচাৰি ল'ৰাজন ৰাতি ৰাতি ভাগৱতীৰ ঘৰত আশ্ৰয় লওঁতে গঢ়ি উঠে এক মানৱীয় সম্পৰ্ক। আৰু এই সম্পৰ্কৰ বাবে ভাগৱতী পৰিয়ালে কি ত্যাগ কৰিব লগা হ’ল তাৰেই ভেটিতে নিৰ্মাণ হ’ব এই ছবিখন। 

অসমৰ এগৰাকী প্ৰখ্যাত অভিনেতা তপন দাসে এটা মূল চৰিত্ৰত অভিনয় কৰাৰ লগতে আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব অপৰ্ণা দত্ত চৌধুৰী, পৱিত্ৰ বৰুৱা, জ্বলি লস্কৰ, নৱাগত দীপাঙ্কৰ ৰয় আৰু নৱাগত ধ্যানী মহনে। আন্দোলনৰ সুৰবাহিনীৰ এগৰাকী নেতা তথা গায়কৰ ৰূপত দেখা পাব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। অতিথি শিল্পী হিচাপে ভূমুকি মাৰিব ৰাজীৱ গোস্বামী আৰু গীতাৱলী ৰাজকুমাৰীয়ে। ছবিখনৰ সম্পাদনা কৰিব দেৱজিৎ দত্তই। মখ্য সহকাৰী পৰিচালক দীপক নাথ। স্থিৰ চিত্ৰগ্ৰহণ কৰিব পল্লৱ মহন্তই। কাষ্টিং ডাইৰেক্টৰ হিচাপে আছে ৰঞ্জন শৰ্মা, পাৰ্থপ্ৰতীম বৰঠাকুৰ আৰু ৰাজীৱ শইকীয়া। কলা নিৰ্দেশক মানস বৰঠাকুৰ আৰু বিচিত্ৰ বৰাৰ। ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰক মিন্টু বৰা। ডিজিটেল মাধ্যমৰ প্ৰচাৰত আছে জিলি। ২৭ মে’ৰ পৰা যোৰহাটত চিত্ৰগ্ৰহণ আৰম্ভ হ'ব বুলি প্ৰযোজক পক্ষই জানিবলৈ দিয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য