--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়াৰ আশীৰ দশকতে লিখা বহুপঠিত তথা কেইবাটাও বিদেশী ভাষালৈ অনুদিত হোৱা মননশীল গল্প ‘ষ্টাফ ফটোগ্ৰাফাৰৰ ছবি’ এইবাৰ ছবিৰ ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেল আয়োজন কৰি এই বিষয়ে জানিবলৈ দিয়ে চিনেমাৰ প্ৰযোজকদ্বয় দেৱজ্যোতি বৰা আৰু অৰিণি গগৈ বৰাই। 

কৃষ্টিৰ পথাৰত সৃষ্টিৰ প্ৰতিশ্ৰুতি লৈ খোজ দিয়া ‘স্বাৱলম্বন মিডিয়া এণ্ড এন্টাৰটেইনমেন্ট’ৰ বেনাৰত নিৰ্মাণ হ’ব লগা ছবখনৰ নতুনকৈ নাম ৰখা হৈছে ‘WIDE-ANGLE’। আশীৰ দশকৰ অসমৰ ঐতিহাসিক বিদেশী বহিষ্কাৰ আন্দোলনৰ পটভূমিত নিৰ্মাণ হ'ব লগা ছবিখনত সৎ সাহসী আৰু সত্যনিষ্ঠ সাংবাদিকতাত বিশ্বাস ৰখা এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰৰ জীৱনৰ নিৰ্মম বাস্তৱিকতাক আজিৰ প্ৰেক্ষাপটত তুলি ধৰাকৈ চিত্ৰনাট্য ৰচনা কৰিছে অসমৰ জনপ্ৰিয় নাট্যকাৰ, পৰিচালক পঙ্কজজ্যোতি ভূঞাই। 

ছবিখনৰ পৰিচালনাৰ গুৰুদায়িত্ব লৈছে অসমৰ জনপ্ৰিয় সংগীত শিল্পী তথা পৰিচালক জয়ন্ত নাথে। ছবিখনৰ সংগীত পৰিচালনাও পৰিচালকৰ নিজা। চিনেমাটোগ্ৰাফী কৰিব সুদক্ষ চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰাই। ৰূপসজ্জা বিশ্ব শইকীয়াৰ। 

গণতান্ত্ৰিক ব্যৱস্থা এটাৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংবাদ মাধ্যমত ফটো সাংবাদিক এজনৰ গুৰুত্ব অপৰিসীম। দিলীপ ভাগৱতী ইয়াত সমৰ্পিত ব্যক্তি যদিও নানা কাৰণত তেওঁ ব্যৰ্থ। সাংসাৰিক জীৱনটো তেওঁ বহু ঘাট-প্ৰতিঘাটৰ মুখামুখি হৈ আহিছে। নি:সন্তান দম্পতীৰহালৰ মনোবেদনা আৰু বাঢ়ি আহে যেতিয়া তেওঁলোকৰ প্ৰতিবেশী এটা পৰিয়ালৰ ল'ৰা, যি ছাত্ৰ নেতা, তেওঁক বিচাৰি প্ৰতি নিশাই আৰক্ষীয়ে অত্যাচাৰ কৰিবলৈ লয়। আশ্ৰয় বিচাৰি ল'ৰাজন ৰাতি ৰাতি ভাগৱতীৰ ঘৰত আশ্ৰয় লওঁতে গঢ়ি উঠে এক মানৱীয় সম্পৰ্ক। আৰু এই সম্পৰ্কৰ বাবে ভাগৱতী পৰিয়ালে কি ত্যাগ কৰিব লগা হ’ল তাৰেই ভেটিতে নিৰ্মাণ হ’ব এই ছবিখন। 

অসমৰ এগৰাকী প্ৰখ্যাত অভিনেতা তপন দাসে এটা মূল চৰিত্ৰত অভিনয় কৰাৰ লগতে আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব অপৰ্ণা দত্ত চৌধুৰী, পৱিত্ৰ বৰুৱা, জ্বলি লস্কৰ, নৱাগত দীপাঙ্কৰ ৰয় আৰু নৱাগত ধ্যানী মহনে। আন্দোলনৰ সুৰবাহিনীৰ এগৰাকী নেতা তথা গায়কৰ ৰূপত দেখা পাব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। অতিথি শিল্পী হিচাপে ভূমুকি মাৰিব ৰাজীৱ গোস্বামী আৰু গীতাৱলী ৰাজকুমাৰীয়ে। ছবিখনৰ সম্পাদনা কৰিব দেৱজিৎ দত্তই। মখ্য সহকাৰী পৰিচালক দীপক নাথ। স্থিৰ চিত্ৰগ্ৰহণ কৰিব পল্লৱ মহন্তই। কাষ্টিং ডাইৰেক্টৰ হিচাপে আছে ৰঞ্জন শৰ্মা, পাৰ্থপ্ৰতীম বৰঠাকুৰ আৰু ৰাজীৱ শইকীয়া। কলা নিৰ্দেশক মানস বৰঠাকুৰ আৰু বিচিত্ৰ বৰাৰ। ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰক মিন্টু বৰা। ডিজিটেল মাধ্যমৰ প্ৰচাৰত আছে জিলি। ২৭ মে’ৰ পৰা যোৰহাটত চিত্ৰগ্ৰহণ আৰম্ভ হ'ব বুলি প্ৰযোজক পক্ষই জানিবলৈ দিয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী