--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; ভূগোলে অঁকা সীমাৰেখাৰ ঊৰ্ধ্বত দুগৰাকী খেলুৱৈৰ সৌম্য আৰু সৌজন্যতাই প্ৰতিষ্ঠা কৰিলে নতুন দৃষ্টান্ত৷ দেশৰ দ্বেষ পাহৰি দুগৰাকী ক্ৰিকেটাৰৰ এটা দৃশ্য এতিয়া সৰ্বত্ৰ চৰ্চিত হৈছে, প্ৰশংসিত হৈছে৷

ভাৰতে পাকিস্তানক এছিয়া কাপ-২০২৩ৰ তৃতীয়খন খেলত জয়ৰ বাবে ২৬৭ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। এই খেলখনৰ সৈতে সম্পৰ্কিত এখন আকৰ্ষণীয় ফটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

ভাৰতৰ ইনিংছৰ সময়ত, পাকিস্তানৰ ক্ৰিকেটাৰ শ্বাদাব খানে হাৰ্ডিক পাণ্ডিয়াৰ জোতাৰ ফিতা বান্ধি দিছিল। নেটিজেনে শ্বাদাবক তেওঁৰ খেলুৱৈসুলভ মনোভাৱৰ বাবে প্ৰশংসা কৰিছে। হাৰ্ডিকে এই খেলখনত ভাৰতৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰিছিল। তেওঁ ৮৭ ৰাণৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ উপহাৰ দিয়ে ভাৰতীয় দলটোক।

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ পাকিস্তানৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ ইনিংছৰ সময়তে পাণ্ডিয়াৰ জোতাৰ ফিতা খোলা গৈছিল। আৰু সেয়া দেখি শ্বাদাব খানে তেওঁক সহায় কৰিবলৈ আহিছিল। শ্বাদাবে বান্ধি দিছিল হাৰ্ডিকৰ জোতাৰ ফিতা।

হাৰ্ডিকে ঈশান কিষাণৰ সৈতে ভাৰতক এই খেলখনত সংকটৰ পৰিস্থিতিৰ পৰা বাহিৰলৈ আনিছিল। টীম ইণ্ডিয়াই ৬৬ ৰাণৰ স্ক’ৰত ৪ টা উইকেট হেৰুৱাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস