--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই ভাবি থকা কথাই হয়তো সঁচা হ’ব।মহেন্দ্ৰ সিং ধোনীয়ে ইডেন গাৰ্ডেনত অনুষ্ঠিত  খেলৰ শেষত বঁটা প্ৰদান অনুষ্ঠানত আবেগিকভাবে কয় "মই মোৰ কেৰিয়াৰৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। মই খেলি থকা দিন কেইটাত  মই ইয়াক উপভোগ কৰিম। সেয়াই মোৰ বাবে গুৰুত্বপূৰ্ণ কথা হ’ব। "ধোনীয়ে চলিত আই পি এলত তেওঁৰ অতীতৰ দক্ষতা পুনৰ  প্ৰদৰ্শন কৰি  আছে।  

উল্লেখ্য বহুতে ধাৰণা কৰিছে যে এইবাৰ আই পি এলত মহেন্দ্ৰ সিং ধোনীক শেষবাৰৰ বাবে দেখা যাব।ধোনীয়ে এই বিষয়ত একো   নক’লেও ৰোহিত শৰ্মাই ধোনীয়ে ইমান সোনকালে আই পি এলক বিদায় জনোৱাটো নিবিচাৰে বুলি কৈছিল। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক জনৰ মতে ধোনীয়ে অতি কমেও কেইবছৰমান আই পি এলত খেলিব লাগে।

আই পি এলৰ প্ৰথম দিনাই ধোনীৰ দলে  গুজৰাট টাইটানছৰ মুখামুখি হৈছিল। মুম্বাইৰ প্ৰথমখন খেল ২ এপ্ৰিলত  বিৰাট কোহলীৰ আৰচিবিৰ বিৰুদ্ধে হৈছিল। ৰোহিত শৰ্মাই কৈছিল "যোৱা ২-৩ বছৰ ধৰি মই শুনি আহিছো যে এয়া ধোনীৰ অন্তিম ছিজন। মই ভাবো তেওঁ আৰু কেইটামান ছিজন খেলিবলৈ উপযুক্ত হৈয়েই আছে। " ধোনীয়েও বহুবাৰ আইপিএলৰ পৰা অৱসৰকলৈ  প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে। ? যোৱাবাৰো তেওঁক সোধা হৈছিল যে সেয়া  তেওঁৰ অন্তিম ছিজন নেকি৷

 অৱশ্যে যোৱাবাৰ ধোনীয়ে কৈছিল  "একেবাৰে নহয়" । তাৰ পাছতো ভাৰতৰ প্ৰাক্তন অধিনায়কজনৰ বিষয়ে জল্পনা-কল্পনা বন্ধ হোৱা নাই। ধোনী এতিয়াও চেন্নাই দলৰ এটা অপৰিহাৰ্য অংশ হৈয়েই আছে। তেওঁ চাৰিবাৰ আই পি এল জিকিছে। ধোনীক ক্ৰিকেট অনুৰাগীসকলে উইকেটকিপাৰ বা বেটছমেনৰ ভূমিকাত সদায় চাবলৈ বিচাৰি আহিছে। দুয়োটা ক্ষেত্ৰতে তেওঁৰ সামৰ্থ্যৰ বিষয়ে কোনো সন্দেহ নাই। অৱশ্যে, এইবাৰ তেওঁক আই পি এলত সম্পূৰ্ণ বেলেগ ভূমিকাত দেখা যাব পাৰে। ধোনীক চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুশীলনত মাজে মাজে বলিং  কৰাও দেখা গৈছে। এনে সময়তে এয়া তেওঁৰ কেৰিয়াৰ অন্তিম পৰ্যায় বুলি কৰা মন্তব্যই অনুৰাগীসকলক চিন্তিত কৰি তুলিছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব