--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই ভাবি থকা কথাই হয়তো সঁচা হ’ব।মহেন্দ্ৰ সিং ধোনীয়ে ইডেন গাৰ্ডেনত অনুষ্ঠিত  খেলৰ শেষত বঁটা প্ৰদান অনুষ্ঠানত আবেগিকভাবে কয় "মই মোৰ কেৰিয়াৰৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। মই খেলি থকা দিন কেইটাত  মই ইয়াক উপভোগ কৰিম। সেয়াই মোৰ বাবে গুৰুত্বপূৰ্ণ কথা হ’ব। "ধোনীয়ে চলিত আই পি এলত তেওঁৰ অতীতৰ দক্ষতা পুনৰ  প্ৰদৰ্শন কৰি  আছে।  

উল্লেখ্য বহুতে ধাৰণা কৰিছে যে এইবাৰ আই পি এলত মহেন্দ্ৰ সিং ধোনীক শেষবাৰৰ বাবে দেখা যাব।ধোনীয়ে এই বিষয়ত একো   নক’লেও ৰোহিত শৰ্মাই ধোনীয়ে ইমান সোনকালে আই পি এলক বিদায় জনোৱাটো নিবিচাৰে বুলি কৈছিল। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক জনৰ মতে ধোনীয়ে অতি কমেও কেইবছৰমান আই পি এলত খেলিব লাগে।

আই পি এলৰ প্ৰথম দিনাই ধোনীৰ দলে  গুজৰাট টাইটানছৰ মুখামুখি হৈছিল। মুম্বাইৰ প্ৰথমখন খেল ২ এপ্ৰিলত  বিৰাট কোহলীৰ আৰচিবিৰ বিৰুদ্ধে হৈছিল। ৰোহিত শৰ্মাই কৈছিল "যোৱা ২-৩ বছৰ ধৰি মই শুনি আহিছো যে এয়া ধোনীৰ অন্তিম ছিজন। মই ভাবো তেওঁ আৰু কেইটামান ছিজন খেলিবলৈ উপযুক্ত হৈয়েই আছে। " ধোনীয়েও বহুবাৰ আইপিএলৰ পৰা অৱসৰকলৈ  প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে। ? যোৱাবাৰো তেওঁক সোধা হৈছিল যে সেয়া  তেওঁৰ অন্তিম ছিজন নেকি৷

 অৱশ্যে যোৱাবাৰ ধোনীয়ে কৈছিল  "একেবাৰে নহয়" । তাৰ পাছতো ভাৰতৰ প্ৰাক্তন অধিনায়কজনৰ বিষয়ে জল্পনা-কল্পনা বন্ধ হোৱা নাই। ধোনী এতিয়াও চেন্নাই দলৰ এটা অপৰিহাৰ্য অংশ হৈয়েই আছে। তেওঁ চাৰিবাৰ আই পি এল জিকিছে। ধোনীক ক্ৰিকেট অনুৰাগীসকলে উইকেটকিপাৰ বা বেটছমেনৰ ভূমিকাত সদায় চাবলৈ বিচাৰি আহিছে। দুয়োটা ক্ষেত্ৰতে তেওঁৰ সামৰ্থ্যৰ বিষয়ে কোনো সন্দেহ নাই। অৱশ্যে, এইবাৰ তেওঁক আই পি এলত সম্পূৰ্ণ বেলেগ ভূমিকাত দেখা যাব পাৰে। ধোনীক চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুশীলনত মাজে মাজে বলিং  কৰাও দেখা গৈছে। এনে সময়তে এয়া তেওঁৰ কেৰিয়াৰ অন্তিম পৰ্যায় বুলি কৰা মন্তব্যই অনুৰাগীসকলক চিন্তিত কৰি তুলিছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে