--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত মেচ ফিক্সিং সন্দৰ্ভত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বেগী বলাৰ মহম্মদ ছিৰাজৰ সৈতে যোগাযোগ কৰাৰ বিষয়টো চৰ্চালৈ আহিছে। কেৱল এয়াই নহয়, ছিৰাজক টকা দেখুৱাই প্ৰলোভিত কৰা হৈছিল প্ৰচুৰ পৰিমাণৰ ধন ল’বলৈ। অৱশ্যে এই বিষয়ত অভিযোগ পোৱাৰ কিছু সময়ৰ পাছতে বি চি চি আইৰ দুৰ্নীতি নিবাৰক শাখাই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ভাৰতত আজিকালি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ উন্মাদনা তীব্ৰতৰ হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ আই পি এল বেটিং কৰি থকা বুকিসকলো দেশ-বিদেশতো সক্ৰিয় হৈ আছে। দেশৰ বিভিন্ন চহৰৰ পৰা বুকি ধৰা পৰাৰ খবৰ আহিছে। ইফালে আকৌ এবাৰ ওলাই আহিছে মেচ-ফিক্সিঙৰ প্ৰসংগ। এইবাৰ ফিক্সিঙৰ বাবে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বেগী বলাৰ মহম্মদ চিৰাজৰ কাষ চাপিছে এজন চালক৷

কিন্তু অভিযোগ পোৱাৰ লগে লগে বিচিচিআইৰ দুৰ্নীতি বিৰোধী শাখাই অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আচলতে আই পি এলত বাজি ধৰা এজন ড্ৰাইভাৰে আৰ চি বিৰ বেষ্ট বলাৰ মহম্মদ ছিৰাজৰ সৈতে যোগাযোগ কৰিছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি চালকজনে ছিৰাজক প্ৰলোভিত কৰি কয় যে দলটোৰ ভিতৰৰ সবিশেষ প্ৰকাশ কৰিলে তেওঁক যথেষ্ট পৰিমাণৰ ধন দিব পাৰে। কিন্তু, ছিৰাজে এই তথ্য বি চি চি আইৰ দুৰ্নীতি নিবাৰক শাখাক প্ৰদান কৰে৷

বিষয়টো গুৰুত্বসহকাৰে লক্ষ্য কৰি বিচিচিআইৰ দুৰ্নীতি নিবাৰক শাখাই দ্ৰুত তদন্ত চলাই অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰে। বিচিচিআইৰ এজন বিষয়াই কয় যে ছিৰাজৰ সৈতে কোনো বুকিয়ে যোগাযোগ কৰা নাই, বৰঞ্চ এইজন হায়দৰাবাদৰ এজন চালকহে৷তেওঁ মেচত বাজি লগাই৷তেওঁ বাজিত বহু টকা হেৰাই গ’ল। সেইবাবেই চালকজনে ছিৰাজৰ লগত যোগাযোগ কৰে৷














FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে