--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত মেচ ফিক্সিং সন্দৰ্ভত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বেগী বলাৰ মহম্মদ ছিৰাজৰ সৈতে যোগাযোগ কৰাৰ বিষয়টো চৰ্চালৈ আহিছে। কেৱল এয়াই নহয়, ছিৰাজক টকা দেখুৱাই প্ৰলোভিত কৰা হৈছিল প্ৰচুৰ পৰিমাণৰ ধন ল’বলৈ। অৱশ্যে এই বিষয়ত অভিযোগ পোৱাৰ কিছু সময়ৰ পাছতে বি চি চি আইৰ দুৰ্নীতি নিবাৰক শাখাই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ভাৰতত আজিকালি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ উন্মাদনা তীব্ৰতৰ হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ আই পি এল বেটিং কৰি থকা বুকিসকলো দেশ-বিদেশতো সক্ৰিয় হৈ আছে। দেশৰ বিভিন্ন চহৰৰ পৰা বুকি ধৰা পৰাৰ খবৰ আহিছে। ইফালে আকৌ এবাৰ ওলাই আহিছে মেচ-ফিক্সিঙৰ প্ৰসংগ। এইবাৰ ফিক্সিঙৰ বাবে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বেগী বলাৰ মহম্মদ চিৰাজৰ কাষ চাপিছে এজন চালক৷

কিন্তু অভিযোগ পোৱাৰ লগে লগে বিচিচিআইৰ দুৰ্নীতি বিৰোধী শাখাই অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আচলতে আই পি এলত বাজি ধৰা এজন ড্ৰাইভাৰে আৰ চি বিৰ বেষ্ট বলাৰ মহম্মদ ছিৰাজৰ সৈতে যোগাযোগ কৰিছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি চালকজনে ছিৰাজক প্ৰলোভিত কৰি কয় যে দলটোৰ ভিতৰৰ সবিশেষ প্ৰকাশ কৰিলে তেওঁক যথেষ্ট পৰিমাণৰ ধন দিব পাৰে। কিন্তু, ছিৰাজে এই তথ্য বি চি চি আইৰ দুৰ্নীতি নিবাৰক শাখাক প্ৰদান কৰে৷

বিষয়টো গুৰুত্বসহকাৰে লক্ষ্য কৰি বিচিচিআইৰ দুৰ্নীতি নিবাৰক শাখাই দ্ৰুত তদন্ত চলাই অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰে। বিচিচিআইৰ এজন বিষয়াই কয় যে ছিৰাজৰ সৈতে কোনো বুকিয়ে যোগাযোগ কৰা নাই, বৰঞ্চ এইজন হায়দৰাবাদৰ এজন চালকহে৷তেওঁ মেচত বাজি লগাই৷তেওঁ বাজিত বহু টকা হেৰাই গ’ল। সেইবাবেই চালকজনে ছিৰাজৰ লগত যোগাযোগ কৰে৷














FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব