--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ উলাইছে দেশ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ড কাইলৈ সম্প্ৰচাৰ হ’ব৷ কেৱল ভাৰতেই নহয়, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব অনুষ্ঠানটো।

"এটা ঐতিহাসিক মুহূৰ্তৰ বাবে সাজু হওক! ৩০ এপ্ৰিলত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ ট্ৰাষ্টীশ্বিপ কাউন্সিল চেম্বাৰত প্ৰধানমন্ত্ৰী মোডীৰ "মন কি বাত"ৰ ১০০ সংখ্যক খণ্ড লাইভ হ'ব!" ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে এটা টুইটযোগে এইদৰে জনাইছে৷

উল্লেখ্য যে ২০১৪ চনত শাসনভাৰ লোৱাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘মন কি বাত’ৰ দ্বাৰা দেশৰ বিভিন্ন বিষয়সমূহ উপস্থাপন কৰি আহিছে৷ দেশৰ সংস্কৃতি-পৰম্পৰাৰ পৰা আধুনিক প্ৰযুক্তিলৈকে- অনুষ্ঠানটোৰে প্ৰধানমন্ত্ৰীয়ে নিজৰ স্থিতি ব্যক্ত কৰি আহিছে৷ ‘মন কি বাত’ৰ দ্বাৰা দেশৰ জনসাধাৰণৰ স’তেও যোগাযোগ কৰি আহিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

২০২১ চনৰ জুলাই মাহত ৰাজ্যসভাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে- ‘‘প্ৰশাসনিক বিষয়সমূহক কেন্দ্ৰ কৰি দেসৰ নাগৰিকসকলৰ সৈতে এটা বুজা-বুজি স্থাপন কৰা"।

৩০ মিনিটজোৰা অনুষ্ঠানটোৰ প্ৰথমবাৰ সম্প্ৰচাৰ হৈছিল ২০১৪ চনৰ ৩ অক্টোবৰ তাৰিখে৷ তাৰপাছৰে পৰা প্ৰতি মাহৰ শেষৰ দেওবাৰে পুৱা ১১ বজাত সমগ্ৰ অল ইণ্ডিয়া ৰেডিঅ’ (AIR) আৰু দূৰদৰ্শন (DD) নেটৱৰ্কত সম্প্ৰচাৰিত হৈ আহিছে ‘মন কী বাত’।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, ৰোহটকৰ এক সমীক্ষাত দেখা গৈছে যে কমেও তেত্ৰিশ কোটি লোকে ‘মন কি বাত’ শুনিছে৷ ১০০ কোটিৰো অধিক লোকে ইয়াক অন্ততঃ এবাৰ হ’লেও শুনিছে।

২০১৭ চনত এআইআৰৰ এক সমীক্ষাত দেখা গৈছে যে অনুষ্ঠানটোৰ সৰ্বাধিকসংখ্যক শ্ৰোতা বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ৷ আনহাতে অন্ধ্ৰ প্ৰদেশ আৰু অৰুণাচল প্ৰদেশত সৰ্বনিম্ন৷

কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই নহয়, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাইও ২০১৫ চনৰ ২৭ জানুৱাৰীত  ‘মান কি বাত’ৰ চতুৰ্থ খণ্ডত অংশ লৈছিল। ২০১৯ চনৰ ২৯ ছেপ্টেম্বৰত লতা মংগেশকাৰ এই অনুষ্ঠানৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকে। প্ৰধানমন্ত্ৰী মোডীৰ সৈতে মত বিনিময় কৰিবলৈ এই অনুষ্ঠানত চিকিৎসক আৰু শ্ৰোতাৰ দৰে অতিথিসকলক মাতি অনা হৈছে।

কাইলৈ ৩০ এপ্ৰিল তাৰিখে সম্প্ৰচাৰিত হ'ব এই অনুষ্ঠানৰ শততম খণ্ড। তাকে লৈ দেশজুৰি বিজেপি কৰ্মীসকলৰ মাজত দেখা দিছে প্ৰচুৰ উল্লাস৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement