--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ উলাইছে দেশ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ড কাইলৈ সম্প্ৰচাৰ হ’ব৷ কেৱল ভাৰতেই নহয়, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব অনুষ্ঠানটো।

"এটা ঐতিহাসিক মুহূৰ্তৰ বাবে সাজু হওক! ৩০ এপ্ৰিলত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ ট্ৰাষ্টীশ্বিপ কাউন্সিল চেম্বাৰত প্ৰধানমন্ত্ৰী মোডীৰ "মন কি বাত"ৰ ১০০ সংখ্যক খণ্ড লাইভ হ'ব!" ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে এটা টুইটযোগে এইদৰে জনাইছে৷

উল্লেখ্য যে ২০১৪ চনত শাসনভাৰ লোৱাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘মন কি বাত’ৰ দ্বাৰা দেশৰ বিভিন্ন বিষয়সমূহ উপস্থাপন কৰি আহিছে৷ দেশৰ সংস্কৃতি-পৰম্পৰাৰ পৰা আধুনিক প্ৰযুক্তিলৈকে- অনুষ্ঠানটোৰে প্ৰধানমন্ত্ৰীয়ে নিজৰ স্থিতি ব্যক্ত কৰি আহিছে৷ ‘মন কি বাত’ৰ দ্বাৰা দেশৰ জনসাধাৰণৰ স’তেও যোগাযোগ কৰি আহিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

২০২১ চনৰ জুলাই মাহত ৰাজ্যসভাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে- ‘‘প্ৰশাসনিক বিষয়সমূহক কেন্দ্ৰ কৰি দেসৰ নাগৰিকসকলৰ সৈতে এটা বুজা-বুজি স্থাপন কৰা"।

৩০ মিনিটজোৰা অনুষ্ঠানটোৰ প্ৰথমবাৰ সম্প্ৰচাৰ হৈছিল ২০১৪ চনৰ ৩ অক্টোবৰ তাৰিখে৷ তাৰপাছৰে পৰা প্ৰতি মাহৰ শেষৰ দেওবাৰে পুৱা ১১ বজাত সমগ্ৰ অল ইণ্ডিয়া ৰেডিঅ’ (AIR) আৰু দূৰদৰ্শন (DD) নেটৱৰ্কত সম্প্ৰচাৰিত হৈ আহিছে ‘মন কী বাত’।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, ৰোহটকৰ এক সমীক্ষাত দেখা গৈছে যে কমেও তেত্ৰিশ কোটি লোকে ‘মন কি বাত’ শুনিছে৷ ১০০ কোটিৰো অধিক লোকে ইয়াক অন্ততঃ এবাৰ হ’লেও শুনিছে।

২০১৭ চনত এআইআৰৰ এক সমীক্ষাত দেখা গৈছে যে অনুষ্ঠানটোৰ সৰ্বাধিকসংখ্যক শ্ৰোতা বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ৷ আনহাতে অন্ধ্ৰ প্ৰদেশ আৰু অৰুণাচল প্ৰদেশত সৰ্বনিম্ন৷

কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই নহয়, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাইও ২০১৫ চনৰ ২৭ জানুৱাৰীত  ‘মান কি বাত’ৰ চতুৰ্থ খণ্ডত অংশ লৈছিল। ২০১৯ চনৰ ২৯ ছেপ্টেম্বৰত লতা মংগেশকাৰ এই অনুষ্ঠানৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকে। প্ৰধানমন্ত্ৰী মোডীৰ সৈতে মত বিনিময় কৰিবলৈ এই অনুষ্ঠানত চিকিৎসক আৰু শ্ৰোতাৰ দৰে অতিথিসকলক মাতি অনা হৈছে।

কাইলৈ ৩০ এপ্ৰিল তাৰিখে সম্প্ৰচাৰিত হ'ব এই অনুষ্ঠানৰ শততম খণ্ড। তাকে লৈ দেশজুৰি বিজেপি কৰ্মীসকলৰ মাজত দেখা দিছে প্ৰচুৰ উল্লাস৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল