--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; গুজৰাটৰ নিৰ্বাচন সমাগত৷ নিৰ্বাচনী ৰাজনীতিত জনতাৰ অংশগ্ৰহণ আৰু আম আদমী পাৰ্টীৰ প্ৰতি নাগৰিকক আকৃষ্ট কৰোৱাবলৈ অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিছে অভিনৱ পন্থা৷ গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীক বাছনি কৰিবলৈ বল এতিয়া ভোটাৰৰ কোৰ্টলৈ ঠেলিছে কেজৰিৱালে৷

আজি কেজৰিৱালে কয় যে তেওঁৰ আম আদমী পাৰ্টীয়ে ৰাজ্যখনৰ জনসাধাৰণে দিয়া মতামতৰ ভিত্তিত আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে ইয়াৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ৪ নৱেম্বৰত ঘোষণা কৰিব।

এখন সংবাদমেল সম্বোধন কৰি আপৰ ৰাষ্ট্ৰীয় আহ্বায়কে দলটোৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব লাগে সেই সন্দৰ্ভত তেওঁলোকৰ মতামত দিবলৈ এছএমএছ, ৱাটছএপ, ভইচ মেইল আৰু ই-মেইলৰ জৰিয়তে দলটোৰ সৈতে যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনায়। তেওঁ কয় গুজৰাটত পৰিৱৰ্তনৰ পৰিবেশ ৰচনা হৈছে আৰু মানুহে বিশ্বাস কৰে যে আপে ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ গৈ আছে।

আজি মই গুজৰাটৰ জনসাধাৰণক সুধিব বিচাৰো যে তেওঁলোকে গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক চাব বিচাৰে? ৰাইজৰ মতামত জানিবলৈ, আমি এটা নাম্বাৰ মুকলি কৰিছোঁ৷ 6357000 360 নাম্বাৰটোত ভোটাৰে এছএমএছ, ৱাটছএপ মেচেজ প্ৰেৰণ কৰিব পাৰে আৰু ভইচ মেচেজ এৰিব পাৰে। 

দলটোৱে এটি ই-মেইলো মুকলি কৰিছে- aapnocm@gmail.com. তেওঁ কয় যে ৩ নৱেম্বৰৰ সন্ধিয়া ৫ বজালৈকে নাগৰিকে তেওঁলোকৰ পছন্দৰ নাম চাৰিটা ধৰণে জনাব পাৰিব- এছএমএছ, হোৱাটছএপ, ভইচ মেইল বা ই-মেইল। 

কেজৰিৱালে প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰুপানীক ভূপেন্দ্ৰ পেটেলৰ সৈতে সলনি কৰাৰ বাবে শাসকীয় ভাৰতীয় জনতা পাৰ্টিকো লক্ষ্য কৰি লৈছিল আৰু কয় যে সেয়া ৰাজ্যখনৰ জনসাধাৰণক নোসোধাকৈ কৰা হৈছিল। তেওঁ কয় যে ৰূপাণীক পদৰ পৰা আঁতৰাই বিজেপিয়ে স্বীকাৰ কৰে যে কিবা ভুল হৈছে আৰু তেওঁৰ ত্ৰুটি আছে। তেওঁ দুৰ্নীতিগ্ৰস্ত বা অদক্ষ হোৱাৰ বাবে তেওঁক আঁতৰোৱা হৈছিল নেকি বুলিও কেজৰিৱালে প্ৰশ্ন কৰে৷

এবছৰ আগতে তেওঁক আঁতৰোৱা হৈছিল। যেতিয়া ৰূপাণীক অনা হৈছিল তেওঁলোকে ৰাইজক সোধা নাছিল। তেওঁলোকে ৰাইজক নোসোধাকৈ মুখ্যমন্ত্ৰী সলনি কৰি থাকে বুলি আপ নেতাজনে কয়। আপত এনে ধৰণৰ প্ৰথা অনুসৰণ কৰা নহয়, য'ত দলটোৱে লোকসকলক তেওঁলোকৰ মুখ্যমন্ত্ৰী হিচাপে কাক চাব বিচাৰে সেই বিষয়ে সিদ্ধান্ত ল'বলৈ কয়, তেওঁ লগতে কয়। 

পঞ্জাব নিৰ্বাচনৰ সময়ত আমি লোকসকলক সুধিছিলো যে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব লাগে। মানুহে ভগৱন্ত মানক বৃহৎ সংখ্যাগৰিষ্ঠতাৰে নামাকৰণ কৰিছিল। আৰু ৰাইজৰ ইচ্ছা অনুসৰি, আমি তেওঁৰ নাম ঘোষণা কৰিছিলোঁ বুলি কেজৰিৱালে উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু