--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতীয় নোটত এতিয়া দেৱ-দেৱীৰ ছবি মুদ্ৰণ কৰাৰ দাবী তুংগত উঠিছে। কিছুমানে  কৈছে যে লক্ষ্মী-গণেশৰ ছবিখন নোটত ছপা কৰিব লাগে। কিছুমানে দাবী কৰিছে যে ছত্ৰপতি শিৱাজী মহাৰাজৰহে ছবি নোটত ছপা কৰিব লাগে, লক্ষ্মী-গণেশৰ নহয়। 

এজন বিজেপি নেতাই আকৌ  কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি নোটত  ছপা কৰিব লাগে, আন কাৰো নহয়। দাবীটো ক্ৰমাৎ শক্তিশালী হৈ  আহি আছে, কিন্তু এই দাবী পূৰণ কৰাৰ অধিকাৰ কাৰ আছে? নোটখনৰ ডিজাইন কোনে নিৰ্ণয় কৰে, বা টকাত কাৰ ছবি মুদ্ৰণ  কৰা হ'ব সেয়া কোনে নিৰ্ধাৰণ কৰে? নিয়ম অনুসৰি ৰিজাৰ্ভ বেঙ্কৰ নোটত ছবি ছপা বা নোটৰ ডিজাইনৰ বিষয়ে সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। আৰবিআই আইনৰ ধাৰা ২২ত কোৱা হৈছে যে নোটখনৰ ডিজাইনৰ সিদ্ধান্ত কেৱল শীৰ্ষ বেংকটোৱেহে  ল'ব পাৰে। 

অৱশ্যে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইনৰ অনুচ্ছেদ ৩৫-ত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলেহে আৰবিআইয়ে নোটৰ ডিজাইন প্ৰকাশ কৰিব পাৰিব। ৰিজাৰ্ভ বেংকৰ মুদ্ৰা ব্যৱস্থাপনা বিভাগে নোটবোৰৰ ডিজাইন সম্পৰ্কীয় বিষয়টো চোৱাচিতা কৰে। যদি এই বিভাগে নোটত কোনো পৰিৱৰ্তনৰ পৰামৰ্শ দিয়ে তেন্তে এই ক্ষেত্ৰত  কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ল'ব লাগিব। সামগ্ৰিকভাৱে  যদিও নোটবোৰৰ ডিজাইনৰ অধিকাৰ ৰিজাৰ্ভ বেংকৰ হাততে আছে, সিদ্ধান্ত লোৱাটো পৰোক্ষভাৱে কেন্দ্ৰৰ হাতত আছে। 

নতুন ডিজাইনৰ নোট আহিলে  পুৰণি নোটবোৰৰ কি হ’ব? নিয়ম অনুসৰি যেতিয়া নোটৰ ডিজাইন সলনি কৰা হয়, প্ৰথমতে, দুটা প্ৰকাৰৰ নোট একেলগে বজাৰত থাকে, নতুন আৰু পুৰণি। তেতিয়া ৰিজাৰ্ভ বেংকে লাহে লাহে পুৰণি নোটবোৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰে। 

স্বাধীনতাৰ পিছৰে পৰা মহাত্মা গান্ধীৰ ছবি থকা ভাৰতীয় নোটহে প্ৰচলন হৈছিল তেনে নহয়।  স্বাধীনতাৰ পিছত ব্ৰিটেইনৰ ৰজাৰ ছবি আঁতৰ কৰি  গান্ধীজীৰ ছবি নোটত ছপাবলৈ  ১৯৮৭ চনলৈকে সময় ল’বলগীয়া হৈছিল।১৯৮৭ চনতেই  প্ৰথমবাৰৰ বাবে গান্ধীৰ ছবিৰ সৈতে ৫০০ টকাৰ নোট এখন মুদ্ৰণ কৰা হৈছিল। ১৯৯৬  চনৰ পৰা গান্ধীজীৰ ছবি সকলো নোটত ছপোৱাৰ  ব্যৱস্থা কৰা হয়। ১৯৮৭  চনৰ আগতে ভাৰতীয় নোটত বিভিন্ন প্ৰকাৰৰ ছবি ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য বোৰ হৈছে অশোক স্তম্ভ আৰু ইণ্ডিয়া গেটৰ ছবি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু