--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি দিল্লী সুৰা নীতি কেলেংকাৰি সন্দৰ্ভত মুখ খোলে অৰবিন্দ কেজৰিৱালে৷বুধবাৰে বলবৎকাৰী সঞ্চালকালয়ৰ তৃতীয় চমন এৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি কয় যে তেওঁ কোনো দুৰ্নীতিৰ সৈতে জড়িত হোৱা নাই। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰত বাধা প্ৰদান কৰিব বিচাৰিছে।

আবকাৰী নীতি সম্পৰ্কীয় ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত কেজৰিৱালক বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা থকা বুলি আপ নেতাসকলে অভিযোগ উত্থাপন কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছে।সংবাদ মাধ্যমক সম্বোধন কৰি কেজৰিৱালে কয় যে, "সত্যটো হ'ল দুৰ্নীতি হোৱা নাছিল। বিজেপিয়ে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। মোৰ আটাইতকৈ ডাঙৰ সম্পদ মোৰ সততা আৰু তেওঁলোকে ইয়াক একো কৰিব নোৱাৰে।মোৰ অধিবক্তাই মোক কৈছে যে মোলৈ প্ৰেৰণ কৰা চমন অবৈধ। বিজেপিৰ উদ্দেশ্য মোৰ তদন্ত নহয়, কিন্তু মোক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাত বাধা দিয়া। তেওঁলোকে মোক তদন্তৰ অজুহাতত ফোন কৰি তাৰ পাছত গ্ৰেপ্তাৰ কৰিব বিচাৰে।"

বুধবাৰে বলবৎকাৰী সঞ্চালকালয়ে কয় যে কেজৰিৱালে সংস্থাটোৰ সন্মুখত হাজিৰ হ’বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত প্ৰেৰণ কৰা উত্তৰ পৰীক্ষা কৰি আছে আৰু কথিত আবকাৰী নীতিৰ গোচৰত তদন্তত যোগদান কৰিবলৈ তেওঁক চতুৰ্থটো চমন জাৰি কৰিব পাৰে।

ইফালে, সংবাদ সংস্থা পিটিআইক সূত্ৰই জনোৱা মতে, আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ বাবে ৰাওনা হ’ব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। নিৰ্বাচনী ভ্ৰমণৰ সময়ত কেজৰিৱালে ৰাজহুৱা সভা আৰু দলীয় কৰ্মীসকলকো সম্বোধন কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে।তিনিদিনীয়া ভ্ৰমণৰ সময়ত তেওঁ কাৰাবন্দী আপ নেতা চৈতৰ বাছাভাকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু